চিটাৰা ডেস্ক, 10 জুন : জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত দেওবাৰে সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত হতভম্ব হৈ পৰে দেশ ৷ সকলোৱে একেমুখে তীব্ৰ ভাষাৰে এই কাৰ্যক গৰিহণা দিয়ে ৷ চেলেব্ৰিটীসকলেও সামাজিক মাধ্যমত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে ৷ জীৱন হেৰুওৱা লোকসকলৰ বাবে শোক প্ৰকাশ কৰি ৰিয়াছি সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি ৰশ্মিকা মন্দন্না, পৰিণীতি চোপ্ৰা আৰু ৰিচা চাড্ডাই ছ'চিয়েল মিডিয়াৰ জৰিয়তে ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়াললৈ সমৰ্থন আগবঢ়ায় ।
চেলেব্ৰিটীসকলে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি শোক প্ৰকাশ কৰাৰ লগতে ৰিয়াছি সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছে ।
পৰিণীতি চোপ্ৰাই ছ’চিয়েল মিডিয়াত মনৰ ভাৱ শ্বেয়াৰ কৰি কয়, "#ৰিয়াছিৰ পৰা অহা ছবিবোৰ দেখি হৃদয় ভাঙি পৰিছে । মৃতকৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা; ঈশ্বৰে তেওঁলোকক শক্তি দিয়ক আৰু আঘাতপ্ৰাপ্তসকল যিমান সোনকালে পাৰে সুস্থ হৈ উঠক ।"
অভিনেত্ৰী ৰশ্মিকা মন্দান্নাই সমবেদনা জ্ঞাপন কৰি কয়, "ৰিয়াছি আক্ৰমণত ক্ষতিগ্ৰস্ত হোৱা সকলো লোকৰ প্ৰতি মোৰ সমবেদনা । আতংকিত । নিৰীহ লোকে জীৱন হেৰুৱাইছে । সকলো ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি মোৰ আন্তৰিক সমবেদনা । আহত সকলোৰে আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো ।"
ৰিচা চাড্ডাই নিজৰ আৱেগ প্ৰকাশ কৰে এইদৰে, "শান্তিপূৰ্ণভাৱে পূজাস্থলীলৈ যোৱা তীৰ্থযাত্ৰীক কেৱল কাপুৰুষেহে আক্ৰমণ কৰিব পাৰে । ন্যায় লাভ কৰক । এই সপ্তাহৰ আৰম্ভণিতে হৃদয়বিদাৰক খবৰ ।"
গায়ক আৰমান মালিকে কয়, "এইমাত্ৰ #ৰিয়াছিত নিৰীহ তীৰ্থযাত্ৰীসকলৰ ওপৰত সংঘটিত ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে জানিব পাৰিলোঁ । মোৰ চিন্তা আৰু প্ৰাৰ্থনা বিদেহী আত্মাৰ সৈতে আৰু নিহত আৰু তেওঁলোকৰ পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ ।"
অভিনেতা মোহিত ৰাইনাই তেওঁৰ দুখ ব্যক্ত কৰে এইদৰে, "ৰিয়াছিত তীৰ্থযাত্ৰীসকলৰ ওপৰত হোৱা আক্ৰমণত গভীৰভাৱে বিচলিত, বেদনাগ্ৰস্ত, দুখিত । জম্মু, সৰ্বশক্তিমানে ভুক্তভোগীসকলৰ প্ৰিয়জনক বেদনা সহ্য কৰাৰ শক্তি প্ৰদান কৰক । আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা ।"
ইয়াৰ পূৰ্বে বিপাশা বসু, কংগনা ৰনৌত, বৰুণ ধৱন, অনুপম খেৰেও ছ’চিয়েল মিডিয়াত ৰিয়াছি সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়ে ।
শেহতীয়াকৈ দক্ষিণ গাজাৰ ৰাফাহত শৰণাৰ্থী শিবিৰত ইজৰাইলৰ বিমান আক্ৰমণৰ পিচত শিশুকে ধৰি বহু লোকে প্ৰাণ হেৰুৱায় । এই আক্ৰমণৰ পিচতে ছ'চিয়েল মিডিয়াত "অল আইজ অন ৰাফাহ" ট্ৰেণ্ড কৰিবলৈ আৰম্ভ কৰে ৷ মানুহে যুদ্ধৰ বিৰোধিতা কৰি আক্ৰমণৰ অন্ত পেলাবলৈ আহ্বান জনায় । একেদৰে ভাৰততো "অল আইজ অন ৰিয়াছি" নামৰ এটা ধাৰা উদয় হৈছে । ছ’চিয়েল মিডিয়াত "All Eyes on Reasi" কিয় ট্ৰেণ্ডিঙত আহিছে জানো আহক-
জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ এটা মন্দিৰলৈ তীৰ্থযাত্ৰী কঢ়িয়াই অনা বাছ এখনত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰ ফলত খাৱৈত পৰি ৯ জন লোকৰ মৃত্যু হয় । এই ঘটনাই সমগ্ৰ দেশতে ব্যাপক গৰিহণা লাভ কৰিছে ৷ ইয়াৰ পিচতে ছ’চিয়েল মিডিয়াত "অল আইজ অন ৰিয়াছি" ট্ৰেণ্ড কৰে ৷ ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি দুখ আৰু সমৰ্থন প্ৰকাশ কৰিছে বলীউডৰ কেইবাগৰাকীও চেলেব্ৰিটীয়ে ।
সন্ত্ৰাসবাদীয়ে ৰিয়াছি জিলাৰ শিৱ খোৰী গুহা তীৰ্থস্থানৰ পৰা তীৰ্থযাত্ৰীসকলক লৈ যোৱা এখন বাছত গুলীচালনা কৰে । ঘটনাটো ৯ জুনৰ সন্ধিয়া ৬.১০ বজাত সংঘটিত হয় ।
লগতে পঢ়ক : তীৰ্থযাত্ৰীৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ, একেমুখে গৰিহণা বলীউডৰ - TERROR ATTACK ON YATRA BUS