ETV Bharat / entertainment

জাহ্নৱীৰ দেওৰেকৰ সৈতে ৰণবীৰৰ নাগিন ডান্স - celebs dancing at anant baraat

author img

By ETV Bharat Entertainment Team

Published : Jul 15, 2024, 1:17 PM IST

Celebs dancing at Anant Baraat: অনন্ত আম্বানীৰ বৰযাত্ৰীৰ ভিডিঅ’ ভাইৰেল ৷ বীৰৰ সৈতে ৰণবীৰৰ যুটিয়ে আমোদ দিছে নেটিজেনক ৷

ranveer singh and veer pahariya hilarious dance video from anant baraat watch
বৰযাত্ৰী ৰণবীৰৰ নাগিন ডান্স (ANI)

চিটাৰা ডেস্ক, 15 জুলাই : বন্ধু অনন্ত আম্বানীৰ বিয়া, ননচাকৈ কেনেকৈ থাকে ৰণবীৰ সিং ? বৰযাত্ৰীৰ অংশ হৈ নাগিন ডান্সেৰে সকলোৰে মন জয় কৰে ৰণবীৰ সিঙে । জাহ্নৱী কাপুৰৰ প্ৰেমিক শিখৰ পাহাড়িয়াৰ ভাতৃ বীৰ পাহাড়িয়াৰ সৈতে ঢোলৰ তালে তালে কৰা ৰণবীৰৰ নৃত্যই এতিয়া লাভ কৰিছে বিপুল চৰ্চা ।

মুকেশ আম্বানীয়ে কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ বিয়াখন এনেদৰে আয়োজন কৰিছে, যিখন বিয়াৰ কথা আলোচনা হ’ব যুগ যুগান্তৰলৈ ৷ এই ৰাজকীয় শৈলীৰ বিয়াখনক লৈ সমগ্ৰ বিশ্বই চৰ্চা কৰিছে । খবৰ অনুসৰি অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াত 5 হাজাৰ কোটি টকা ব্যয় কৰা হৈছে ।

অনন্ত-ৰাধিকাৰ বিয়ালৈ বলীউড, ক্ৰীড়া আৰু বিদেশী চেলেব্ৰিটীকে ধৰি বৃহৎ ৰাজনৈতিক আৰু ব্যৱসায়িক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে । বিশ্বৰ আটাইতকৈ দামী বিয়া বুলি গণ্য কৰা এই বিয়াখনৰ ভিডিঅ’ এতিয়া ইটোৰ পিচত সিটোকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

শেহতীয়াকৈ এটা ভিডিঅ’ দেখিবলৈ পোৱা গৈছে, য’ত ৰণবীৰ সিঙে বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰৰ দেওৰেক তথা অভিনেতা বীৰ পাহাড়িয়াৰ সৈতে অনন্তৰ বিয়াৰ শোভাযাত্ৰাত নাগিন ডান্স কৰি আছে ।

ৰণবীৰ সিঙৰ নাগিন ডান্স

ঢোলৰ চেৱে চেৱে ৰণবীৰ সিং আৰু বীৰ পাহাড়িয়াই জোৰদাৰ নৃত্য কৰা দেখা গৈছে । ৰণবীৰ আৰু বীৰ দুয়োজনেই অনন্তৰ বন্ধু । দুয়ো বন্ধুৱে বিয়াখনত যথেষ্ট স্ফূৰ্তি কৰাৰ লগতে সকলোকে মনোৰঞ্জনো দিয়ে । বীৰ পাহাড়িয়াই বাগৰি বাগৰি নাগিন ডান্স কৰাৰ সময়ত ৰণবীৰ সিঙেও ঢোলৰ তালত পূৰ্ণোদ্যমে নৃত্য কৰে । এই ভিডিঅ'টোত এতিয়া ছ’চিয়েল মিডিয়া ইউজাৰে মন্তব্য কৰিছে ।

এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘বিয়াৰ শোভাযাত্ৰাত এনেদৰেই নৃত্য কৰা হয় ।’’ আন এজনে আকৌ ৰণবীৰ সিঙৰ নৃত্য সন্দৰ্ভত লিখিছে, ‘‘ৰণবীৰে যেন নাগমণি লৈহে মানিব ।’’

বাতৰি মতে, জাহ্নৱী কাপুৰ আৰু শিখৰ পাহাড়িয়াই ডেট কৰি আছে । বীৰ পাহাড়িয়া শিখ পাহাড়িয়াৰ ভাতৃ । অক্ষয় কুমাৰ অভিনীত আগন্তুক ছবি স্কাই ফৰ্চত বীৰক দেখা যাব ৷ বীৰৰ নাম মিছ ৱৰ্ল্ড মানুষী চিল্লাৰৰ সৈতে জড়িত হৈ আছে ।

লগতে পঢ়ক : অনন্ত-ৰাধিকাৰ বিয়াত স্বামীৰ পৰিয়ালৰ সৈতে নাহিল ঐশ্বৰ্য - Bollywood stars at ambani wedding

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.