ETV Bharat / entertainment

এইবাৰ ৰজনীকান্তৰ মুখতো কল্কি 2898 ADৰ গুণগান : ক’লে- এতিয়া মাথো দ্বিতীয় খণ্ডৰ বাবে অপেক্ষা... - Kalki 2898 AD

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 3:56 PM IST

Rajinikanth Reaction on Kalki 2898 AD: সকলোৰে মুখে মুখে কল্কিৰ কথা ৷ দৰ্শক, সমালোচক আৰু বাণিজ্যিক বিশ্লেষকসকলৰ পৰাও সমাদৰ লাভ কৰিছে কল্কিয়ে । তাৰ মাজতে এতিয়া এই ছবিখনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টলীউডৰ থালাইৱা ৰজনীকান্তে ৷

Rajinikanth watched Kalki 2898 AD praises Prabhas and Kamal Haasan Waiting for part 2
এইবাৰ ৰজনীকান্তৰ মুখতো কল্কি 2898 ADৰ গুণগান: ক’লে এতিয়া মাথো ২য় খণ্ডৰ বাবে অপেক্ষা... (INSTAGRAM)

চিটাৰা ডেস্ক, 29 জুন: কল্কি 2898 ADএ বিশ্বজুৰি বক্স অফিচত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে । ছবিপ্ৰেমীসকলৰ মুখত মাথো এতিয়া এটাই নাম কল্কি ৷ চিনেমা হলৰ বাহিৰতো দৰ্শকৰ লানি নিচিগা শাৰী ৷ হাউচফুল হৈছে চিনেমাগৃহ ৷ মুঠতে সকলোতে মাথো এটাই নাম কল্কি আৰু কল্কি ৷

ইফালে, প্ৰভাসৰ অনুৰাগী, চলচ্চিত্ৰ সমালোচক আৰু ট্ৰেড এনালিষ্টসকলেও অতি আগ্ৰহেৰে অপেক্ষা কৰি আছিল এই ছবিখনক লৈ । কল্কি 2898 ADএ দৰ্শক, সমালোচক আৰু বাণিজ্যিক বিশ্লেষকসকলে ভাল সমাদৰ লাভ কৰিছে । আনকি ছবিখন ছবিগৃহত মুক্তি পোৱাৰ লগে লগে দৰ্শক, চলচ্চিত্ৰ ক্ষেত্ৰৰ সৈতে জড়িত লোক তথা বহু ছুপাৰষ্টাৰেও কল্কি 2898 AD চাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

একে সময়তে কল্কি 2898 AD চাই বহু ছুপাৰষ্টাৰেও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তাৰ মাজতে আজি টলীউডৰ থালাইৱা ৰজনীকান্তেও এই ছবিখনৰ ওপৰত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ কল্কি 2898 AD চোৱাৰ পিচত ছচিয়েল মিডিয়াত ‘থালাইৱা’ই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক’লে এনেদৰে-

ৰজনীকান্তে ছবিখনক লৈ ক’লে এই কথা

কল্কি 2898 AD চোৱাৰ পিচত আজি ২৯ জুনৰ পুৱা ৰজনীকান্তে নিজৰ এক্স হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰিছে । ‘থালাইৱাই এক্স-পোষ্টত ছবিখন আৰু ইয়াৰ সৈতে জড়িত কলা-কুশলীসকলক অভিনন্দন জনোৱাৰ লগতে প্ৰশংসাৰে উপচাই তুলিছে । ৰজনীকান্তে লিখিছে-

‘মই কল্কি 2898 AD চালো, কি মহান চিনেমা, নাগ অশ্বিনে ভাৰতীয় চিনেমাক এক বেলেগ স্তৰলৈ লৈ গৈছে, মোৰ মৰমৰ বন্ধু অশ্বিনী দত্ত, অমিতাভ বচ্চন, প্ৰভাস, কমল হাছান, দীপিকা পাডুকন আৰু কল্কিৰ গোটেই টীমটোলৈ মোৰ অভিনন্দন, মই ছবিখনৰ দ্বিতীয় খণ্ডৰ বাবে অপেক্ষা কৰি আছো, ভগৱানে আপোনালোকক আশীৰ্বাদ কৰক ।’

ৰজনীকান্তৰ ৱৰ্কফ্ৰন্ট

২০২৩ চনত জেইলাৰ ছবিখনৰ জৰিয়তে পুনৰ টলীউড জগতলৈ উভতি অহাৰ পিচত এতিয়া ২০২৪ চনৰ দশেহৰা উপলক্ষে তেওঁ লৈ আহিছে এখন একচন ড্ৰামা ছবি ভেট্টাইয়ান । টি জে গ্নানাভেলে পৰিচালনা কৰা ভেট্টাইয়ান ছবিখন অহা ১০ অক্টোবৰত মুক্তিলাভ কৰিব । ইয়াৰ পিচত ৰজনীকান্তে লৈ আহিব দক্ষিণৰ ছবিজগতৰ যুৱ পৰিচালক লোকেশ কনগৰাজৰ একচন-ড্ৰামা ছবি ‘কুলী’।

লগতে পঢ়ক: বিগ বিৰ অভিনয়ত মুগ্ধ শ্ৰদ্ধা কাপুৰ; প্ৰশংসাত পঞ্চমুখ হৈ ক’লে এই কথা - Kalki 2898 AD

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.