চিটাৰা ডেস্ক, 18 এপ্ৰিল : 8 এপ্ৰিলত মুক্তি লাভ কৰা দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুন অভিনীত পুষ্পা 2 দ্য ৰুলৰ টীজাৰটোৱে দৰ্শকৰ ব্যাপক সঁহাৰি লাভ কৰিছে ৷ আল্লু অৰ্জুনৰ 42 তম জন্মদিনৰ দিনা মুক্তি লাভ টীজাৰটোৱে প্ৰায় 101 মিনিটৰ পিচতে অভিলেখ ভংগ কৰি 5 লাখতকৈ অধিক লাইকছ লাভ কৰিবলৈ সক্ষম হৈছিল ৷ এতিয়া মুক্তিৰ পূৰ্বেই শ্বাহৰূখ খানৰ ডাংকি আৰু জৱানৰ অভিলেখ ভংগ কৰি 200 কোটি টকা উপাৰ্জন কৰিলে সদ্যমুক্তিপ্ৰাপ্ত পুষ্পা ২ দ্য ৰুলে ৷
- " class="align-text-top noRightClick twitterSection" data="">
উল্লেখ্য যে, চলিত বৰ্ষত দক্ষিণৰ চলচ্চিত্ৰৰ চাৰিখন বৃহৎ আৰু বহু প্ৰতীক্ষিত ছবিয়ে মুক্তি লাভ কৰিব ৷ 'কল্কি-২৮৯৮ এডি', 'দেৱৰা পাৰ্ট ১', 'গেম চেঞ্জাৰ' আৰু 'পুষ্পা ২ দ্য ৰুল'। এনে পৰিস্থিতিত, 2024 বৰ্ষটো দক্ষিণৰ চলচ্চিত্ৰৰ বাবে উল্লেখযোগ্য বৰ্ষ হ’ব বুলি অনুমান কৰা হৈছে ৷ পেন ইণ্ডিয়া প্ৰযোজনা গোষ্ঠীয়ে এই চাৰিখন চলচ্চিত্ৰৰে বিশ্বব্যাপী আৰু হিন্দী ভাষাত বিতৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।
দেৱৰা পাৰ্ট 1 : দক্ষিণৰ ছুপাৰষ্টাৰ জুনিয়ৰ এন টি আৰ, বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰ আৰু ছেইফ আলী খান অভিনীত এক্সন ছবি দেৱৰা পাৰ্ট 1ৰ হিন্দী নাট্য স্বত্ব 45 কোটি টকাত বিক্ৰী হৈছে । অৰ্থাৎ উত্তৰ ভাৰতৰ মুক্তিৰ পূৰ্বে ছবিখনে 45 কোটি টকাৰ ব্যৱসায় কৰিছে । কৰণ জোহৰে দেৱৰা পাৰ্ট 1 চলচ্চিত্ৰখন উপস্থাপন কৰিব । ছবিখন 2024 চনৰ 10 অক্টোবৰত মুক্তি পাব । এই ছবিখন শিৱ কোৰাতলাই পৰিচালনা কৰিছে ।
পুষ্পা 2 দ্য ৰুল
দক্ষিণৰ আন এখন বহু প্ৰতীক্ষিত ছবি পুষ্পা 2 দ্য ৰুল ৷ সমগ্ৰ বিশ্বৰ দৰ্শকে এই ছবিখনৰ বাবে অপেক্ষা কৰি আছে ৷ দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনে ছবিখনৰ প্ৰথম অংশত আলোড়নৰ সৃষ্টি কৰিছিল ৷ ইয়াৰ পিচতেই আল্লু অৰ্জুনে পুষ্পা ২ দ্য ৰুল চলচ্চিত্ৰৰ জৰিয়তে আকৌ এবাৰ বিশ্বব্যাপী চলচ্চিত্ৰ উদ্যোগত আধিপত্য বিস্তাৰ কৰিবলৈ গৈ আছে ৷ মন কৰিবলগীয়া যে পুষ্পা ২ চলচ্চিত্ৰখনৰ হিন্দী নাট্য স্বত্ব ২০০ কোটি টকাত বিক্ৰী কৰা হৈছে । একে সময়তে, পুষ্পা 2 ৰ বজাৰ মূল্য সকলো ভাষাত 1000 কোটি টকালৈ বৃদ্ধি হৈছে । সম্প্ৰতি পুষ্পা 2 দ্য ৰুলে এছ এছ ৰাজামৌলী পৰিচালিত ছবি আৰ আৰ আৰক অতিক্ৰম কৰিবলৈ সক্ষম হৈছে । এই ছবিখনৰ সকলো ভাষাৰ নাট্য স্বত্ব ৯০০ কোটি টকাত বিক্ৰী কৰা হৈছিল । ৰবীনা টেণ্ডনৰ স্বামী তথা চলচ্চিত্ৰ বিতৰক অনিল থাদানীয়ে পুষ্পা ২ দ্য ৰুলৰ নাট্য স্বত্বৰ বাবে আগতীয়াকৈ ২০০ কোটি টকা পৰিশোধ কৰিছে।
গেম চেঞ্জাৰ:
ৰাম চৰণ অভিনীত ৰাজনৈতিক প্ৰেক্ষাপটৰ ওপৰত নিৰ্মাণ কৰা ছবি 'গেম চেঞ্জাৰ'ৰ মুক্তিৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই । শংকৰে পৰিচালনা কৰা এই ছবিখনৰ বাবে অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে । একে সময়তে, ছবিখনৰ ডিজিটেল স্বত্ব (অ'টিটি) 105 কোটি টকাত বিক্ৰী কৰা হৈছে। ছবিখন মুক্তিৰ পিচত প্ৰাইম ভিডিঅ'ত দেখা যাব । প্ৰতিবেদন অনুসৰি, অ'টিটি স্বত্ব (দক্ষিণৰ ভাষা) চলচ্চিত্ৰখন প্ৰাইম ভিডিঅ'ই ক্ৰয় কৰিছে । জি তেলুগুৱে ছবিখনৰ ছেটেলাইট অধিকাৰ ক্ৰয় কৰিছে ।
লগতে পঢ়ক: 101 মিনিটত অভিলেখ ভংগ কৰিলে পুষ্পা 2 দ্য ৰুলৰ টীজাৰে - Pushpa 2 The Rule Teaser