ETV Bharat / entertainment

‘পুষ্পা ২’ ৰ নিৰ্মাতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ ভাবুকি - Pushpa 2 the Rule New Release Date

author img

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 7:00 PM IST

Pushpa 2 the Rule New Release Date : আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দন্না অভিনীত বহু প্ৰতীক্ষিত ছবি পুষ্পা ২ ৰ নিৰ্মাতাৰ বিুৰদ্ধে ক্ষোভিত হৈ পৰিছে দুয়ো তাৰকাৰে অনুৰাগীসকল ৷ তেওঁলোকে চলচ্চিত্ৰখনৰ নিৰ্মাতাক আদালতলৈ টানি নিয়াৰো ভাবুকি দিছে ।

Pushpa 2 delayed leaves Allu Arjun and Rashmika Mandanna fans heartbroken as they threaten to file a case
আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দন্না (ETV Bharat)

চিটাৰা ডেস্ক, 18 জুন : দক্ষিণৰ চুপাৰষ্টাৰ আল্লু অৰ্জুন আৰু জনপ্ৰিয় অভিনেত্ৰী ৰশ্মিকা মন্দান্না, যিয়ে 'নেশ্যনেল ক্ৰাছ'ৰ খিতাপ অৰ্জন কৰিছে, দুয়োৰে বহু প্ৰতীক্ষিত ছবি 'পুষ্পা ২ দ্য ৰুল' চাবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা অনুৰাগীসকলে এতিয়া আৰু অধিক অপেক্ষা কৰিব লাগিব । ১৭ জুনত 'পুষ্পা ২ দ্য ৰুল' বোলছবিখনৰ নিৰ্মাতাই ছবিখনৰ নতুন মুক্তিৰ তাৰিখ ঘোষণা কৰে ।

তাৰিখ ঘোষণাৰ পিচতেই আল্লু অৰ্জুন-ৰশ্মিকা মন্দান্নাৰ অনুৰাগীসকল হতাশ হৈ পৰিছে । পুষ্পা ২ দ্য ৰুল আগতে ২০২৪ চনৰ ১৫ আগষ্টত মুক্তি পোৱাৰ কথা আছিল, কিন্তু এতিয়া ছবিখন ২০২৪ চনৰ ৬ ডিচেম্বৰতহে ছবিগৃহলৈ আহিব ।

এই খবৰ পাই আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দন্নাৰ অনুৰাগীসকল সম্পূৰ্ণৰূপে ভাঙি পৰিছে আৰু তেওঁলোকে নিৰ্মাতাসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ ভাবুকি দিছে ।

লগতে পঢ়ক : 15 আগষ্টত ছবিগৃহলৈ নাহে পুষ্পা ২ : দ্য ৰুল - Pushpa 2 The Rule release date

অনুৰাগীৰ খং

‘পুষ্পা ২ দ্য ৰুল’ ৰ মুক্তিৰ সময় চাৰি মাহ পিছুৱাই যোৱাৰ লগে লগে আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দন্নাৰ অনুৰাগীসকল ক্ৰোধিত হৈ পৰিছে । এজন ক্ষুব্ধ অনুৰাগীয়ে লিখিছে, ‘প্ৰথমে এই ছবিখন আগষ্ট মাহত মুক্তি পাবলগীয়া আছিল, তেন্তে ডিচেম্বৰ মাহত কিয় মুক্তি দিছে ?

আমাৰ দৰ্শকসকলৰ লগত চিনেমা নিৰ্মাতাসকলে কি ধেমালি কৰি আছে, পুষ্পা সম্প্ৰদায়ৰ হৈ আপোনালোকৰ বিৰুদ্ধে অতি সোনকালে আদালতত গোচৰ ৰুজু কৰিম ।’ ইয়াৰ লগতে আৰু বহু অনুৰাগীয়ে ‘পুষ্পা ২ দ্য ৰুল’ ৰ মুক্তিৰ তাৰিখ সলনি কৰাৰ বাবে আপত্তি দৰ্শাইছে ।

কিয় পিছুৱাই দিয়া হ’ল পুষ্পা ২ দ্য ৰুলৰ মুক্তিৰ তাৰিখ ?

নিৰ্মাতাসকলে শেহতীয়াকৈ ঘোষণা কৰিছে যে তেওঁলোকে 'পুষ্পা ২ দ্য ৰুল' ৰ বাকী থকা দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিবলৈ ছবিখনৰ মুক্তিৰ তাৰিখ পিছুৱাই দিছে আৰু লগতে উল্লেখ কৰে যে ছবিখনৰ প’ষ্ট প্ৰডাকশ্যনৰ কামতো যথেষ্ট সময় লাগিব ।

পুষ্পা ২ দ্য ৰুলৰ নিৰ্মাতাসকলে দৰ্শকসকলক প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে আশা কৰা ধৰণেই ছবিগৃহত ছবিখন উপভোগ কৰিবলৈ পাব ৷

লগতে পঢ়ক : পুষ্পা ২-দ্য ৰুল স্থগিত : নতুন মুক্তিৰ তাৰিখ ঘোষণা - Pushpa 2 The Rule release date

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.