ETV Bharat / entertainment

দেশৰ পৰা গৈ বিদেশত থিতাপি লোৱা প্ৰিয়ংকাৰ সফলতাৰ ৰহস্য কি বাৰু ? - Priyanka Chopra birthday

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 1:31 PM IST

Priyanka Chopra birthday: আজি প্ৰিয়ংকা চোপ্ৰাৰ জন্মদিন ৷ জীৱনৰ 42 টা বছৰ বহু উত্থান-পতনৰ মাজেৰে পাৰ কৰা এইগৰাকী অভিনেত্ৰী কিন্তু অসংখ্য লোকৰে বাবে প্ৰেৰণাৰ উৎস ৷ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ মাজত মধুৰ সামঞ্জস্য বজাই ৰখা প্ৰিয়ংকাৰ বিশেষ দিনটোত তেওঁৰ ইনষ্টাগ্ৰাম পোষ্টবোৰত চকু ফুৰাও আহক-

Priyanka Chopra Turns 42: The Secret to Her Success? Love, Family, and a Whole Lot of Hard Work
পৰিয়ালৰে সৈতে প্ৰিয়ংকা (ANI)

চিটাৰা ডেস্ক, 18 জুলাই : প্ৰিয়ংকা চোপ্ৰা এগৰাকী কঠোৰ পৰিশ্ৰমী তাৰকা হিচাপে বিশ্ববিখ্যাত ৷ অভিনেত্ৰীগৰাকীৰ জীৱনটো পেছাদাৰী প্ৰতিশ্ৰুতি আৰু ব্যক্তিগত সময়ৰ মাজৰ ভাৰসাম্যৰ এক প্ৰকৃত উদাহৰণ, যিটোৱে তেওঁক এগৰাকী প্ৰকৃত তাৰকা হিচাপে গোলকীয়াভাৱে পৰিচয় কৰাই দিছে ।

গোলকীয় আইকন প্রিয়ংকা চোপ্ৰাই বৃহস্পতিবাৰে ৪২ বছৰ সম্পূৰ্ণ কৰিলে । দেশী গাৰ্লে কেৱল নিজৰ কামেৰেই নহয়, ব্যক্তিগত জীৱনৰ কথাৰেও বিশ্বৰ লাখ লাখ লোকক অনুপ্ৰাণিত কৰি আহিছে । প্ৰাক্তন মিছ ৱৰ্ল্ডগৰাকীয়ে তেওঁৰ উচ্চাভিলাষী কেৰিয়াৰক তেওঁৰ ব্যক্তিগত জীৱনৰ সৈতে এনেদৰে সাঙোৰ খুৱাই ৰাখিছে, যিটো সকলোৰে বাবে এক চৰ্চাৰ বিষয় ৷ তেওঁৰ কন্যা মালতী মেৰী জ’নাছৰ জন্মৰ পিচতো তেওঁ যিদৰে সক্ৰিয় হৈ আছে, সেই কথাই প্ৰতিগৰাকী নাৰী প্ৰেৰণা যোগায় ।

এসময়ত শীৰ্ষস্থানৰ অভিনেত্ৰী হিচাপে বলীউডত শাসন কৰা প্ৰিয়ংকাই এতিয়া হলীউডতো নিজৰ উপস্থিতি সবল কৰি তুলিছে ৷ বিদেশত গৈ থিতাপি লোৱাৰ পাচতো নিজৰ ৰীতি-নীতিত খামোচ মাৰি ধৰি থকা প্ৰিয়ংকাই পৰিয়ালৰ সৈতেও যথেষ্ট সময় পাৰ কৰে । চোপ্ৰাই নিজৰ পেছাদাৰী আৰু ব্যক্তিগত জীৱনৰ মাজত মধুৰ ভাৰসাম্য ৰক্ষা কৰি চলিব পাৰে ৷ তেওঁৰ ছ’চিয়েল মিডিয়া পোষ্টে এই কথা বাৰে বাৰে স্পষ্ট কৰে ।

চোপ্ৰাৰ ইনষ্টাগ্ৰাম পোষ্টসমূহে এই সুসম ভাৰসাম্যৰ আভাস প্ৰদান কৰে ৷ শেহতীয়া এটা পোষ্টত প্ৰিয়ংকাই 42 ঘণ্টীয়া কষ্টকৰ যাত্ৰাৰ অন্তত এক আন্তৰিক মুহূৰ্ত শ্বেয়াৰ কৰিছে । লাভ এগেইনৰ অভিনেত্ৰীগৰাকীয়ে 3 বছৰীয়া কন্যা মালতীক কোলাত লৈ এখন ছবি শ্বেয়াৰ কৰি কয়, ‘মোৰ এইটোৱেই বিচাৰি আছিলো ৷’

লগতে পঢ়ক : সেই কাৰণেই চাগে কয় ভাৰতৰ ধূলি-মাটি-বায়ুৰ প্ৰেম সকলোতকৈ সুকীয়া - Priyanka Chopra instagram

প্ৰিয়ংকাৰ আন এটা পোষ্ট য’ত গ্ৰীষ্মমণ্ডলীয় দ্বীপৰ এক নিস্তব্ধ পৰিৱেশ দেখিবলৈ পোৱা গৈছে, তাত তেওঁ পৰিয়ালৰ সৈতে সময় কটাবলৈ বিৰতি লোৱাৰ কথা প্ৰতিফলিত হৈছে । 'এ পজ' বুলি দিয়া শিৰোনামটোৱে জীৱনৰ প্ৰতি থকা দৃষ্টিভংগী ফুটাই তুলিছে ৷ চলচ্চিত্ৰ ছেট, ব্যৱসায়িক উদ্যোগ আদিৰে সৈতে সাঙোৰ খাই থকা ব্যক্তিৰ বাবে এনে প্ৰশান্তিৰ মুহূৰ্ত অৱশ্যেই জৰুৰী ৷

প্ৰিয়ংকাৰ পৰিয়ালৰ প্ৰতি সমৰ্পণ আন এটা পোষ্টত জিলিকি উঠিছে য'ত তেওঁ তেওঁৰ কন্যা মালতী আৰু স্বামী নিক জোনাছৰ কথা উল্লেখ কৰিছে । মালতীক ভাৰতীয় সংস্কৃতিৰ সৈতে পৰিচয় কৰাই অভিনেত্ৰীগৰাকীয়ে এই বছৰৰ আৰম্ভণিতে ৰাম মন্দিৰ উদ্বোধনৰ পিচত মালতী আৰু নিকৰ সৈতে অযোধ্যালৈ উৰা মাৰিছিল । অভিনেত্ৰীগৰাকীয়ে মালতীৰ বাবে আশীৰ্বাদ বিচাৰিছিল ৷ চোপ্ৰাৰ ইনষ্টাগ্ৰাম পোষ্টটোত সংলগ্ন কৰা ভিডিঅ'টোত কন্যাক অযোধ্যা উচ্চাৰণ কৰিবলৈ শিকোৱাও দেখিবলৈ পোৱা গৈছে ।

শিশুসকলৰ সন্দৰ্ভত সময় কিমান দ্ৰুত গতিত উৰি যায় সেই কথা উল্লেখ কৰি এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছিল অভিনেত্ৰীগৰাকীয়ে । বৰ্তমান সময়ৰ দুখন ফটো আৰু মালতীৰ কণমানি হাতৰ এখন পুৰণা ফটো পোষ্ট কৰি তেওঁ লিখিছে, ‘ষ্টাৰ্টিং দ্য উইক ৰাইট’, য’ত #mondaymusings #nostalgia হেশ্বটেগ ব্যৱহাৰ কৰে প্ৰিয়ংকাই ৷

প্ৰিয়ংকাৰ জীৱনটো 2000 চনত মিছ ৱৰ্ল্ড খিতাপ জয় কৰাৰ পৰা আৰম্ভ কৰি বিশ্বব্যাপী মনোৰঞ্জন ক্ষেত্ৰখনত পৰিচিত হোৱালৈকে বহুতো সাফল্যৰ দ্বাৰা চিহ্নিত হৈ আছে । অৱশ্যে, এগৰাকী মাতৃৰ চৰিত্ৰহে তেওঁৰ আটাইতকৈ প্ৰিয় যেন লাগিছে । পৰিয়ালৰ প্ৰতি থকা প্ৰেম তেওঁৰ ইনষ্টাগ্ৰাম পোষ্টবোৰৰ পৰা স্পষ্ট ।

পৰিয়াল চম্ভালিব পৰা এগৰাকী আধুনিক যুগৰ নাৰী প্ৰিয়ংকা চোপ্ৰা ৷ প্ৰিয়ংকাৰ ইনষ্টাগ্ৰাম ফিড কেৱল তেওঁৰ গ্লেমাৰাছ জীৱনৰ আভাস নহয় বৰঞ্চ তেওঁৰ কাষত থকা পৰিয়াল, তেওঁৰ বিকাশ, শক্তিশালী মনোভাৱ আৰু প্ৰেমৰ যাত্ৰাৰ প্ৰমাণ ।

লগতে পঢ়ক : বিদেশী পৰিচালকৰ সৈতে হাত মিলাই কি ভাৰতৰ কি প্ৰকৃত চিত্ৰ দাঙি ধৰিব প্ৰিয়ংকাই ? - priyanka chopra new project

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.