ETV Bharat / entertainment

3 মে’ৰ পৰা ছবিগৃহলৈ আহি আছে জনপ্ৰিয় ৰেডিঅ' নাট 'গোবৰধন চৰিত' - Gobardhan Charit

New Assamese film Gobardhan Charit : কথাছবি ৰূপত 3 মে’ত ছবিগৃহত মুক্তি লাভ কৰিব জনপ্ৰিয় ৰেডিঅ' নাট 'গোবৰধন চৰিত'। বৃহস্পতিবাৰে অনুষ্ঠিত হয় ছবিখনৰ প্ৰিমিয়াৰ শ্ব'।

author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 9:19 PM IST

Gobardhan Charit
3 মে’ৰ পৰা ছবিগৃহলৈ আহি আছে জনপ্ৰিয় ৰেডিঅ' নাট 'গোবৰধন চৰিত' (etv bharat assam)
3 মে’ৰ পৰা ছবিগৃহলৈ আহি আছে জনপ্ৰিয় ৰেডিঅ' নাট 'গোবৰধন চৰিত' (Gobardhan Charit)

গুৱাহাটী, 2 মে‘ : আজিৰ পৰা কিছুবছৰ পূৰ্বে অনাতাঁৰ কেন্দ্রৰ জৰিয়তে সম্প্ৰচাৰিত হোৱা এখন জনপ্ৰিয় অনাতাঁৰ নাট 'গোবৰধন চৰিত' । এসময়ৰ সেই জনপ্ৰিয় ৰেডিঅ' নাটখন এতিয়া অচিৰেই আহি আছে কথাছবিৰ ৰূপত ।

কাইলৈ অৰ্থাৎ ৩ মে’ তাৰিখে ৰাজ্যৰ প্ৰায়কেইটা ছবিগৃহত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি গোবৰধন চৰিত । বিনাচ মুভি ট'নৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ পৰিচালনা জয়ন্ত গোস্বামীৰ । বৃহস্পতিবাৰে মহানগৰীৰ অনুৰাধা ছবিগৃহত অনুষ্ঠিত হয় ছবিখনৰ প্ৰিমিয়াৰ শ্ব' । য’ত উপস্থিত থাকে ছবিখনৰ পৰিচালক তথা কলা-কুশলীসকল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ছবিখনৰ গোবৰৰ চৰিত্রত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকা লগতে মইনাৰ চৰিত্ৰত অভিনয় কৰিছে স্বাগতা ভৰালী । আনহাতে ছবিখনৰ অন্যান্য চৰিত্ৰ সমূহত অভিনয় কৰিছে সুজিত শৰ্মা, প্ৰতিভা চৌধুৰী, চেতনা দাস, পূৰ্ণদা শইকীয়া, নমিতা গোস্বামী, মধুমিতা কটকী, মালা বৰঠাকুৰ, কমলেশ শইকীয়া, মামণি দেৱ আদিকে ধৰি বহু অভিনেতা-অভিনেত্ৰীয়ে।ছবিখনৰ আবাহ সংগীত দীপক শৰ্মা, চিত্ৰ গ্ৰহণ চন্দন সাগৰৰ ৷

লগতে 'গোৱৰধন চৰিত'ত ছবিখনৰ গীতটিৰ ৰচক আৰু সুৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ আৰু কণ্ঠদান কৰিছে গায়ত্ৰী হাজৰিকাই ।

ছবিখনৰ সন্দৰ্ভত মন্তব্য কৰি অভিনেত্ৰী চেতনা দাসে কয়, "প্ৰতিখন গাঁৱৰ পটভূমিতে এনেধৰণৰ হোজা চৰিত্ৰ আছে । ছবিখন খুউব ভাল হৈছে ।" লগতে অভিনেত্ৰীগৰাকীয়ে সকলোকে ছবিখন চাবলৈ আহ্বান জনাইছে ৷

জানিব পৰা অনুসৰি, এই ছবিখন কাইলৈ ৰাজ্যৰ প্ৰায় 25 টা ছবিগৃহত মুক্তি লাভ কৰিব । অনাতাঁৰ' নাট 'গোবৰধন চৰিত'ক যিদৰে ৰাইজে মৰম দিছিল ঠিক তেনেদৰে ছবিখনকো আকোঁৱালি ল'ব বুলি আশাবাদী ছবিখনৰ পৰিচালক তথা কলা-কুশলীসকল ।

লগতে পঢ়ক: চৰ্চাত স্বৰ্গৰথ; মুক্তি পালে মন বন্ধু শীৰ্ষক গীতটি - Assamese film Swargarath

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.