ETV Bharat / entertainment

পুনম পাণ্ডেৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানি গোচৰ ৰুজু

Poonam Pandey Defamation Case: মৃত্যুৰ ভুৱা বাতৰি প্ৰচাৰ কৰাটোৱেই এতিয়া কাল হ’ল পুনম পাণ্ডেৰ বাবে । অভিনেত্ৰীগৰাকী আৰু তেওঁৰ প্ৰাক্তন স্বামী ছেম বম্বেৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু হৈছে ।

author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 5:09 PM IST

Poonam Pandey face 100 crore defamation case for fake death stunt
মৃত্যুৰ ভুৱা নাটক কৰি বিপদত পুনম পাণ্ডে

চিটাৰা ডেস্ক, ১৪ ফেব্ৰুৱাৰী: শেহতীয়াকৈ অভিনেত্ৰী পুনম পাণ্ডেই ছাৰ্ভাইকেল কেন্সাৰত মৃত্যু হোৱাৰ ভুৱা খবৰ বিয়পাই যথেষ্ট চৰ্চা লাভ কৰিছিল । এই প্ৰচাৰ ষ্টাণ্টৰ বাবে অভিনেত্ৰীগৰাকীক ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ট্ৰ’ল কৰা হৈছিল । যদিও অভিনেত্ৰীগৰাকীয়ে ছাৰ্ভাইকেল কেন্সাৰ সন্দৰ্ভত সজাগতা বিয়পাবলৈ নিজৰ মৃত্যুৰ ভুৱা নাটক কৰিছিল বুলি স্পষ্ট কৰি দিছিল ৷ কিন্তু এতিয়া পুনম পাণ্ডে আৰু তেওঁৰ স্বামী ছেম বম্বেৰ বাবে এই কাণ্ডই মাতিছে বিপদ ৷ দৰাচলতে অভিনেত্ৰীগৰাকী আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু হৈছে ।

পুনম পাণ্ডেৰ বিৰুদ্ধে মানহানিৰ গোচৰ

পুনম পাণ্ডেৰ মৃত্যুৰ ভুৱা কাহিনী সৃষ্টি কৰাৰ বাবে এতিয়া অভিনেত্ৰীগৰাকী আৰু তেওঁৰ প্ৰাক্তন স্বামী ছেম বম্বেৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰা হৈছে । পিংকভিলাৰ প্ৰতিবেদন অনুসৰি এই গোচৰটো দাখিল কৰিছে ফৈজান আনছাৰীয়ে ।

ফৈজান আনছাৰীয়ে অভিযোগ কৰে যে পুনম পাণ্ডেৰ মৃত্যুৰ নাটক কৰি কেন্সাৰৰ ভয়াৱহতাক লৈ ঠাট্টা কৰি লাখ লাখ মানুহৰ আৱেগ আৰু বিশ্বাসৰ লগত খেলা কৰিছে । পাণ্ডে আৰু তেওঁৰ প্ৰাক্তন স্বামীক গ্ৰেপ্তাৰ কৰিবলৈও কৰ্তৃপক্ষক আবেদন জনোৱা বুলি জানিব পৰা গৈছে ।

পুনম পাণ্ডেই প্ৰথমে ইনষ্টাত ভুৱা মৃত্যুৰ খবৰ শ্বেয়াৰ কৰিছিল

এই সকলোবোৰ আৰম্ভ হৈছিল ২ ফেব্ৰুৱাৰীৰ পৰা ৷ ২ ফেব্ৰুৱাৰীত পুনমৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এটা পোষ্টৰ জৰিয়তে পুনম পাণ্ডেই তেওঁৰ ‘মৃত্যুৰ’ ভুৱা খবৰ ঘোষণা কৰিছিল । পোষ্টটোত লিখা আছিল, "আজি পুৱা আমাৰ বাবে কঠিন । আপোনালোকক জনাবলৈ পাই আমি অতি দুখ পাইছো যে ছাৰ্ভাইকেল কেন্সাৰৰ বাবে আমাৰ মৰমৰ পুনমক হেৰুৱালোঁ ।”

অৱশ্যে এদিন পিচতে অভিনেত্ৰীগৰাকীয়ে ভিডিঅ’ বিবৃতি প্ৰকাশ কৰি তেওঁ জীয়াই থকাৰ কথা প্ৰকাশ কৰে । তেওঁ যুক্তি দিছিল যে তেওঁৰ মৃত্যুৰ খবৰৰ উদ্দেশ্য আছিল ছাৰ্ভাইকেল কেন্সাৰৰ বিষয়ে সজাগতা সৃষ্টি কৰা । অৱশ্যে অভিনেত্ৰীগৰাকীৰ এই প্ৰচাৰ ষ্টাণ্টটো সকলোৱে ভাল নাপালে আৰু কংগনা ৰনৌতে, কৰণ কুন্দ্ৰাকে ধৰি বহু চেলিব্ৰিটিয়ে অভিনেত্ৰীগৰাকীক সমালোচনা কৰিছিল ।

পিচলৈ অল ইণ্ডিয়ান চিনে ৱৰ্কাৰছ এছ’চিয়েশ্যনে অভিনেত্ৰী-মডেলগৰাকীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰি কৈছিল যে তেওঁৰ এই কাৰ্য “সম্পূৰ্ণ ভুল” আৰু “গ্ৰহণযোগ্য নহয়”। কেৱল পুনমৰ বিৰুদ্ধেই নহয়, তেওঁৰ মেনেজাৰৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল চিনেমা সংস্থাটোৱে । তেওঁ এই প্ৰচাৰ ষ্টাণ্টক গৰিহণা দি যুক্তি দিছিল যে "চলচ্চিত্ৰ উদ্যোগৰ কোনোৱেই এই স্তৰলৈ যাব নালাগে ।"

লগতে পঢ়ক : জয়াপ্ৰদাক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাৰ নিৰ্দেশ, সপ্তমবাৰৰ বাবে জাৰি নন-বেইলেবল ৱাৰেণ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.