ETV Bharat / entertainment

সন্তানসম্ভৱা সন্দৰ্ভত ধেমেলীয়া কৈ কি ক’লে অভিনেত্ৰী পৰিণীতি চোপ্ৰাই ? - Parineeti Chopra instagram

Parineeti Chopra Instagram : অমৰ সিং চমকিলাৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে অভিনেত্ৰী পৰিণীতি চোপ্ৰা ৷ সেই ইভেণ্টৰ পিচতে পৰিণীতি চোপ্ৰা সন্তানসম্ভৱা হৈছে বুলি চৰ্চা হ’বলৈ আৰম্ভ কৰে ৷ সাধাৰণতে উৰাবাতৰিলৈ কাণসাৰ নিদিয়া পৰিণীতি পিছে এইবাৰ মনে মনে বহি নাথাকিল ৷ পৰিণীতিৰ প্ৰেগনেন্সিক লৈ মূৰ ঘমোৱাসকলক অভিনেত্ৰীগৰাকীয়ে দিলে সুন্দৰ উত্তৰ-

author img

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 1:36 PM IST

Updated : Mar 29, 2024, 2:32 PM IST

parineeti-chopra-shuts-her-pregnancy-rumours-via-funny-post-see-here
পৰিণীতি চোপ্ৰা

চিটাৰা ডেস্ক, 29 মাৰ্চ : দুয়োৱে প্ৰথম বিবাহ বাৰ্ষিকীয়ে উদযাপন কৰিবলৈ পোৱা নাই এতিয়ালৈকে কিন্তু নেটিজেন সাজু হৈ গ’ল সন্তান আদৰিবলৈ ! বিগত বৰ্ষৰ 24 ছেপ্তেম্বৰত ৰাঘৱ চাড্ডাৰ সৈতে বিয়াত বহা পৰিণীতি সন্তানসম্ভৱা নেকি বুলি কিছু সময়ৰ পৰা আলোচনা চলি আছে ৷ বৃহস্পতিবাৰে যেতিয়া অভিনেত্ৰীগৰাকীয়ে তেওঁৰ আহিবলগীয়া ছবি Amar Singh Chamkila ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত ঢিলা পোচাক এযোৰ পিন্ধি উপস্থিত হয়, নেটিজেন আৰু অনুৰাগী এইটো ধৰিয়ে ল’লে যে অভিনেত্ৰীগৰাকী সঁচাকৈয়ে গৰ্ভৱতী হৈ আছে ৷ কিন্তু অভিনেত্ৰীগৰাকীয়ে অকণো দেৰি নকৰাকৈ ছ’চিয়েল মিডিয়াত আলোচনা চলি থকা বাতৰিটোত নিজৰ মত দাঙি ধৰে ৷

অভিনেত্ৰী গৰাকীয়ে কি ক’লে সেইটো জনাৰ আগতে জানি লওক যে তেওঁ ট্ৰেইলাৰ মুকলি ইভেণ্টত তেওঁ কি পৰিধান কৰিছিল ? 35 বছৰীয়া অভিনেত্ৰীগৰাকীয়ে সম্পূৰ্ণ ক’লা ৰঙৰ ষ্টাইলিছ কাফ্তান পিন্ধিছিল ৷ ইভেণ্ট শেষ হোৱাৰ অন্তত অভিনেত্ৰীগৰাকীয়ে পোচাক সলনি কৰিবলৈ মন মেলে আৰু ক’লা ৰঙৰ পেণ্ট এটাৰ সৈতে অ’ভাৰচাউজ বগা ৰঙৰ চাৰ্ট পিন্ধে ৷ ইভেণ্টটোত এনেধৰণৰ ঢিলা সাজ পৰিধান কৰা কথাটোৱে প্ৰেগনেন্সিৰ উৰাবাতৰিত ইন্ধন যোগায় ৷

ইমানবোৰ দেখা শুনাৰ পিচত পৰিণীতি আৰু ৰৈ থাকিব নোৱাৰিলে ৷ ইনষ্টাগ্ৰাম ষ্ট’ৰীত নিজৰ মনৰ কথা প্ৰকাশ কৰি লিখিলে, "কাফ্তান ড্ৰেছ=প্ৰেগনেন্সি, অ’ভাৰচাউজ চাৰ্ট=প্ৰেগনেন্সি, কম্ফি ইণ্ডিয়ান কুৰ্তা=প্ৰেগনেন্সি ৷" লগতে লগাই দিলে এটা লাফিং ইম’জী ৷ ষ্ট’ৰীটো দেখি অনুমান কৰিব পৰা গৈছে যে অভিনেত্ৰীগৰাকীক উৰাবাতৰিবোৰে যথেষ্ট হাঁহিৰ খোৰাক যোগাইছে ৷

পৰিণীতি আৰু ৰাঘৱৰ ৰোমাণ্টিক যাত্ৰাৰ লণ্ডনত আৰম্ভণি ঘটিছিল । এই বছৰৰ আৰম্ভণিতে আইচিচি ইয়ং লিডাৰ্ছ ফ'ৰামত হোৱা এক বাৰ্তালাপত অভিনেত্ৰীগৰাকীয়ে তেওঁলোকৰ মনোমোহা প্ৰেমকাহিনী শ্বেয়াৰ কৰিছিল । তেওঁ প্ৰকাশ কৰিছিল যে তেওঁলোকে প্ৰথমে লণ্ডনত এক অনুষ্ঠানত লগ পাইছিল ৷ য'ত দুয়োকে তেওঁলোকৰ কৃতিত্বৰ বাবে সন্মান জনোৱা হৈছিল ৷ পৰিণীতি মনোৰঞ্জন ক্ষেত্ৰখনৰ আৰু ৰাঘৱ ৰাজনীতিৰ ক্ষেত্ৰখনৰ ।

ইমতিয়াজ আলীৰ পৰিচালনাত নিৰ্মিত অমৰ সিং চামকিলা চিনেমাখন অমৰ সিং চামকিলা আৰু তেওঁৰ পত্নীৰ বাস্তৱ জীৱনৰ কাহিনীৰ পৰা অনুপ্ৰাণিত । দিলজিৎ দোসাঞ্জে অভিনয় কৰা এই ছবিখন অহা ১২ এপ্ৰিলত নেটফ্লিক্সত মুক্তি পাব ।

লগতে পঢ়ক : পত্নীৰ গীতত আপ্লুত হৈ ৰাঘৱ চাড্ডাই লিখিলে ৰোমান্টিক পোষ্ট

Last Updated : Mar 29, 2024, 2:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.