ETV Bharat / entertainment

বিগ ফেট ইণ্ডিয়ান ৱেডিঙৰ তালিকাত নোসোমাব নেকি এইখন বিয়া ? - Sonakshi Zaheer Iqbal Wedding - SONAKSHI ZAHEER IQBAL WEDDING

Sonakshi Zaheer Iqbal Wedding: পঞ্জীয়নভুক্ত বিবাহতেই শেষ হ’ব নেকি সোনাক্ষী সিনহা আৰু জাহীৰ ইকবালৰ বিয়া ? সোনাক্ষী সিনহা আৰু জাহীৰ ইকবালৰ বিয়াৰ খবৰে মতলীয়া কৰি ৰাখিছে অনুৰাগীক ৷ শুনিবলৈ পোৱা মতে, সম্ভৱতঃ পঞ্জীয়নভুক্ত বিবাহৰ পিছত এক বিশাল অভ্যৰ্থনাৰ আয়োজন কৰা হ’ব ।

No Big Fat Wedding for Sonakshi Sinha and Zaheer Iqbal, Couple Opts for a Registered Marriage?
সোনাক্ষী সিনহা আৰু জাহীৰ ইকবালৰ বিয়া (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 3:00 PM IST

চিটাৰা ডেস্ক, 12 জুন : সোনাক্ষী সিনহা আৰু জাহীৰ ইকবাল ৰতনসী একেবাৰে মৌন হৈ আছে তেওঁলোকৰ বিয়াৰ বাতৰিৰ সন্দৰ্ভত ৷ কিন্তু তেওঁলোকৰ মৌনতাৰ পাচতো থমকি ৰোৱা নাই বিয়াৰ খবৰ ৷ সোনাক্ষী আৰু জাহীৰে ২০২২ চনত মুক্তি লাভ কৰা ডবল এক্সএল ছবিখনত একেলগে কাম কৰিছিল আৰু দুবছৰতকৈয়ো অধিক সময় ধৰি ডেট কৰি আছে বুলি জনা যায় ।

শেহতীয়া তথ্য অনুসৰি দুয়োৱে 23 জুনত পঞ্জীয়নভুক্ত বিবাহ কৰিব পাৰে আৰু তাৰ পিচত এক বিশাল পাৰ্টীৰ আয়োজন কৰিব পাৰে । যদিও সোনাক্ষী-জাহীৰ বা তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰা কোনোধৰণৰ অফিচিয়েল ষ্টেটমেণ্ট অহা নাই, তথাপিও তেওঁলোকে অনুষ্টুপীয়াকৈ বিবাহপাশত আৱদ্ধ হ’ব বুলি খবৰ ওলাই আছে ৷

খবৰ অনুসৰি, সোনাক্ষী আৰু জাহীৰে বিগ ফেট ইণ্ডিয়ান ৱেডিঙৰ সলনি পঞ্জীয়নমূলক বিবাহৰ পথ বাছি লৈছে । ২৩ জুনত সন্ধিয়া দুয়োৱে পাৰ্টীৰ আয়োজন কৰিব বুলি জানিব পৰা গৈছে । অতিথি তালিকাত থকাসকলক নিমন্ত্ৰণ জনোৱাৰ খবৰ আহিছে ৷ নিমন্ত্ৰণ কাৰ্ডত পিছে বিয়াৰ কথা উল্লেখ নাই । আনুমানিক তেওঁলোকে হয়তো ইতিমধ্যে আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ হৈছে, অন্যথা ২৩ জুনত নিৰৱে বিবাহপাশত আবদ্ধ হ’ব পাৰে ।

আয়ুষ শৰ্মা, হুমা কুৰেশ্বী, বৰুণ শৰ্মা আৰু এদল ঘনিষ্ঠ বন্ধু নিশ্চয়কৈ তেওঁলোকৰ বিয়াত উপস্থিত থাকিব ৷ আৰু লগতে সোনাক্ষীৰ হীৰামাণ্ডী দলটোও অতিথিৰ তালিকাত আছে । শ্বুটিং আৰু প্ৰমোৰ সময়ত সোনাক্ষীয়ে তেওঁলোকৰ সৈতে কটকটীয়া বন্ধন গঢ়ি তুলিছিল । সঞ্জয় লীলা ভাঞ্চালী, ফাৰদিন খান, তাহা শ্বাহ বাদুশ্বা, অদিতি ৰাও হাইদৰী, শৰ্মিন চেগাল আৰু আনসকলকো তেওঁলোকৰ বিশেষ দিনটোত যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে ।

লগতে পঢ়ক : জীয়েকৰ বিয়া: বাপেকে কৈছে- আজিকালিৰ ল’ৰা-ছোৱালীয়ে একো নোসোধে ! - Sonakshi Zaheer Iqbal Wedding

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.