ETV Bharat / entertainment

শীঘ্ৰে আহি আছে নতুন অসমীয়া ছবি "দ্য মিৰাজ" - New Assamese film The Mirage - NEW ASSAMESE FILM THE MIRAGE

The Mirage: বাইমো ফিল্মচৰ বেনাৰত শীঘ্ৰেই ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি "দ্য মিৰাজ । ছবিখনৰ পৰিচালনা বিকাশ মুছাহাৰীৰ ।

New Assamese film "The Mirage" is coming soon
নতুন অসমীয়া ছবি
author img

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 3:35 PM IST

গুৱাহাটী, 3 এপ্ৰিল : অসমীয়া ছবিজগতৰ বাবে আন এটা ভাল খবৰ । শীঘ্ৰেই ছবিগৃহলৈ আহিব আন এখন ছবি "THE মিৰাজ" (The Mirage)। কিছুদিন পূৰ্বে সমাজিক মাধ্যমযোগে ছবিখনৰ নাম আৰু এটা ফাষ্টলুক ভিডিঅ’ মুক্তি দিয়া হয় । সম্প্ৰতি সময়ত আলফা তথা আন নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে অসমৰ সম্পৰ্ক আৰু যুৱপ্ৰজন্মৰ ওপৰত ইয়াৰ প্ৰভাৱৰ ঘটনাক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছে এই ছবিখন । Bi.Mo. ফিল্মচৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ প্ৰযোজনা কৰিছে সুৰবালা দেৱীয়ে আৰু পৰিচালনা কৰিছে বিকাশ মুছাহাৰীয়ে । উল্লেখ্য যে, বিকাশ মুছাহাৰীয়ে পৰিচালনা কৰা এইখন প্ৰথম অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি । ছবিখনৰ কাৰ্যবাহী প্ৰযোজনা অনামিকা বৰুৱাৰ ।

  • " class="align-text-top noRightClick twitterSection" data="">

স্বাধীন অসমৰ সপোন দেখি আলফা তথা আন নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনসমূহত যোগ দিয়া একাংশ যুৱ-প্ৰজন্মৰ কাহিনী দেখুৱাবলৈ চেষ্টা কৰা হৈছে ৷ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনত যোগ দিয়াৰ পিচত তেওঁলোকে সন্মুখীন হোৱা পৰিস্থিতিসমূহক কাহিনী হিচাপে লৈ নিৰ্মাণ কৰা হৈছে ছবিখন । এক কথাত ক’বলৈ গলে "দ্য মিৰাজ" কাহিনীভাগ সত্য ঘটনাৰ ওপৰত আধাৰিত ।

ডিমা হাচাওৰ কেপিল গাঁৱৰ লগতে, গড়ভাঙা ৰিজাৰ্ভ চেণ্টাৰ আৰু গুৱাহাটীৰ বিভিন্ন ঠাইত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে । আনহাতে ছবিখনত অভিনয় কৰিছে গুণাকৰ দেৱ গোস্বামী, নৱজিৎ কোঁৱৰ, অভিজিত চুতীয়া, প্ৰশান্ত দাস, সিদ্ধাৰ্থ মুখাৰ্জী, জলী লস্কৰ, প্ৰিয়ংকা পঞ্চী দাস, ইষান হাজৰিকা, জিন্টু কুমাৰ কাশ্যপ, অংকিতা বৰুৱা, জিন্টু কলিতা, ৰবীন হালৈ, জ' মাচ', অনন্ত বৰা, ৰিপম ভৰদ্বাজ, ধ্ৰুৱ পল দত্ত আৰু হিমাংশু শৰ্মা আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ আৱহ সংগীত কৰিছে মনদ্বীপ মহন্তই । আহিবলগীয়া এই নতুন অসমীয়া ছবিখনক লৈ এতিয়া আশাবাদী ছবিখনৰ কলা-কুশলী তথা পৰিচালক ।

লগতে পঢ়ক : কিমান কম মূল্যৰ শাৰী পিন্ধিব পাৰে এগৰাকী অভিনেত্ৰীয়ে ? - Adah Sharma Saree Price

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.