গুৱাহাটী, 2 মে’ : এ. এম টেলিভিশ্যনৰ বেনাৰত শীঘ্ৰেই আহি আছে ‘স্বৰ্গৰথ’ । ৰাজেশ ভূঞাৰ পৰিচালনাৰে নিৰ্মিত এই অসমীয়া ছবিখন অহা 7 জুন তাৰিখে মুক্তি লাভ কৰিব ৰাজ্য প্ৰতিটো ছবি গৃহত । শুকুৰবাৰে সামাজিক মাধ্যমযোগে মুক্তি দিয়া হৈছিল ছবি শীৰ্ষ গীতটোৰ কিয়দংশ লগতে টীজাৰ ।
- " class="align-text-top noRightClick twitterSection" data="">
মুক্তিৰ কিছু মুহূৰ্তৰ ভিতৰতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল গীতটোৰ টীজাৰটো । বুধবাৰে মহানগৰীৰ পানবজাৰস্থীত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত মুকলি কৰা হয় ছবিখনৰ শীৰ্ষগীতটিৰ লগতে ছবিখনৰ পোষ্টাৰ । এই শীৰ্ষগীতটিত কন্ঠদান কৰিছে অৰূপ জ্যোতি বৰুৱাই ৷ লগতে এই গীতটিত নাগাৰা নাম আৰু "পে পে পে" ৰ জৰিয়তে ভাইৰেল হোৱা কৰিশ্মা নাথকো দেখা পোৱা গৈছে ।
- " class="align-text-top noRightClick twitterSection" data="">
প্ৰথমবাৰৰ বাবে কৰিশ্মা নাথক এইবাৰ ৰাইজে দেখিবলৈ পাব ৰূপালী মঞ্চত । কোনেৱে আকৌ কৰিশ্মা নাথক ছবিখনত দেখি ভাল বুলি কোৱাৰ লগতে আন কোনোৱে নাগাৰা নামক ছবিখনক অন্তৰ্ভুক্ত কৰাৰ বাবে সমালোচনাও কৰিছে । বহুজনে নাগাৰা নামক বিকৃত ৰূপত উপস্থাপন কৰা বুলি কটু সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে ।
আনহাতে, ছবিখনত অভিনয় কৰিছে অভিনেতা সিদ্ধাৰ্থ শৰ্মা, কেনি বসুমতীৰ, কমল লোচন , বনি দেউৰী, ৰিন্ত বৰা আদিকে ধৰি বহু কেইগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে । ‘স্বৰ্গৰথ’ ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য ৰাজেশ ভূঞাৰ লগতে শান্তনু ৰৌমূৰীয়াৰ । এই ছবিখনৰ সহ-পৰিচালক হিচাপে আছে মনোজ শইকীয়া ।
![New Assamese film](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02-05-2024/21365727_sarg.jpg)
মৃত্যুৰ পাচত এগৰাকী ব্যক্তি ‘স্বৰ্গৰথ’ৰে অন্তিম শয়নত শ্মশানলৈ যায় । সেই ‘স্বৰ্গৰথ’ আৰু তাৰ চালকজনৰ কাহিনীকলৈ নিৰ্মাণ কৰা হৈছে ছবিখন । ছবিখনৰ পৰিকল্পনা বিগত 10 বছৰ পুৰণি । এতিয়া বহু জল্পনা-কল্পনাৰ অন্তত ৰাইজৰ মাজলৈ আহি আছে ছবিখন । ছবিখনক আদৰি ল'ব বুলি আশাবাদী ছবিখনৰ পৰিচালক তথা কলা-কুশলীসকল ।
লগতে পঢ়ক : কৰিশ্মা নাথৰ স্বৰ্গৰথ - New assamese film