ETV Bharat / entertainment

মুক্তিলৈ মাজত মাথো আৰু কিছু সময়: কিন্তু ছবিখন নাচাবলৈয়ো অনুৰোধ কৰা হৈছে ! - New Assamese Film Pikhaas

author img

By ETV Bharat Entertainment Team

Published : Aug 1, 2024, 2:02 PM IST

Updated : Aug 1, 2024, 4:33 PM IST

Pikhaas Assamese Movie: এখন ছবি অহাৰ কথা আছিল 26 জুলাইত, কিন্তু তাৰিখ সলনি কৰি পিছুৱাই দিয়া হ’ল 2 আগষ্টলৈ ৷ ছবিখনৰ প্ৰিমিয়াৰ চাই বহুতেই কৈছে ছবিখন নাচাবলৈ !

Pikhaas Assamese Movie
মুক্তিলৈ মাজত মাথো আৰু কিছু সময় (Movie Trailer youtube)

গুৱাহাটী, 1 আগষ্ট : বহু অপেক্ষাৰ অন্তত কাইলৈ ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি ‘পিশাচ’। ৰাজ্যৰ বহুকেইটা ছবিগৃহতে মুক্তি লাভ কৰিব এই নতুন অসমীয়া ছবিখনে ৷ আমাৰ প্ৰত্যেকৰে জীৱনত ঘটা কিছুমান ঘটনাই আমাক কোনটো পৰ্যায়লৈ লৈ যাব পাৰে সেয়া আমাৰ কল্পনাৰো অগোচৰ । জীৱন ঘটা কিছু অবাঞ্চিত ঘটনাৰ বাবে এগৰাকী ব্যক্তিক মানুহৰ পৰা পিশাচ হ’বলৈ প্ৰয়োজন হয় মাথো কেই ছেকেণ্ডৰ ৷ তাৰ পিচতে সলনি হৈ পৰে সকলো ৷ এনে এক ঘটনাৰ আধাৰতে নিৰ্মাণ কৰা হৈছে এখন অসমীয়া ছবি ‘পিশাচ’ ৷ কাইলৈ ছবিপ্ৰেমী ৰাইজে ছবিগৃহত উপভোগ কৰিব পাৰিব ছবিখন ৷ পিছে এক বিশেষ শ্ৰেণীৰ মানুহৰ বাবে ছবিখন চোৱাত বাধা আছে ৷ প্ৰিমিয়াৰ শ্ব’ চাই আহি বহু তাৰকাই খোদ কৈছে ছবিখন নাচাবলৈ !

ছবিখন নাচাবলৈ কোৱাৰ আঁৰৰ ৰহস্য

মুক্তিৰ পূৰ্বেই বিতৰ্কত সোমাই পৰিছে নেকি ‘পিশাচ’ ছবিখন ? নে কিবা নেদেখুৱাবলগীয়া কণ্টেণ্ট আছে ছবিখনত ? দৰাচলতে এই ছবিখন এটা কঠোৰ বিষয়বস্তু লৈ নিৰ্মাণ কৰা হৈছে ৷ যিসকলে ডাৰ্ক মুভী চাই ভাল পাই তেওঁলোকে ছবিখন নিশ্চয়কৈ উপভোগ কৰিব ৷

কোন শ্ৰেণীৰ দৰ্শকৰ বাবে ছবিখন চোৱাত বাধা আছে ?

মানুহৰ পৰা পিশাচ হোৱালৈ যাত্ৰা কেনে হ’ব পাৰে সেয়া আমি অনুমান কৰিবও নোৱাৰো, অনুভৱ কৰাটো দূৰৰে কথা ৷ ছবি এনে এক মাধ্যম যিয়ে দৰ্শকৰ মনত দকৈ সাঁচ বহুৱাই ৷ পিশাচ ছবিখনত এনে বহুতো দৃশ্য আছে, যি দুৰ্বল হৃদয়ৰ মানুহে চোৱাতো কষ্টকৰ হ’ব পাৰে ৷ বহু তাৰকাই আনকি অসমত এনে ধৰণৰ চিনেমা নিৰ্মাণ হ’ব বুলি কল্পনাই কৰা নাছিল বুলিও কৈছে ৷ তেনেক্ষেত্ৰত আপোনালোকে ভাবি চাব পাৰে ছবিখনত কেনেধৰণৰ দৃশ্য থাকিব পাৰে !

মুক্তিৰ তাৰিখ পিছুৱাই দিয়াৰ কাৰণ

বিগত সপ্তাহতে মুক্তি পাবলগীয়া এই নতুন অসমীয়া ছবিখনৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হয় ৷ জোৰদাৰ ৰূপত চলি থকা ‘বিদুৰভাই’ ৰ প্ৰতি লক্ষ্য ৰাখি পিছুৱাই দিয়া হৈছিল ছবিখনৰ মুক্তিৰ তাৰিখ । অৱশ্যে মুক্তিৰ তাৰিখহে পিছুওৱা হৈছিল, কিন্তু ছবিখনে নিজৰ নিৰ্ধাৰিত তাৰিখতেই অনুষ্ঠিত কৰিছিল প্ৰিমিয়াৰ ।

ছবিখনৰ ট্ৰেইলাৰটোৱে ইতিমধ্যে ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । ফায়াৰফ্লাই ফিল্মছৰ বেনাৰত নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখনৰ কাহিনী আৰু পৰিচালনা অমিতাভ ৰাগৰ । আনহাতে ছবিখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে নিৰুপম শইকীয়া, জেনেট বে’, অচিন্ত্য ৰাজ কাশ্যপ, শশাংক সমীৰ, চিমি ৰিয়ান, ত্ৰিৱেণী গগৈ, মিন্টু বৰুৱা আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

বৰ্তমান সমাজত ঘটি থকা এটা বাস্তৱধৰ্মী ৰোমাণ্টিক কাহিনী আৰু প্ৰেমত সৃষ্টি হোৱা খেলিমেলিয়ে লোৱা ভয়ংকৰ ৰূপক লৈ নিৰ্মাণ কৰা হৈছে ছবিখন । ছবিখনৰ শীৰ্ষ গীতটিত কন্ঠদান কৰিছে জনপ্ৰিয় কন্ঠশিল্পী দিক্ষুৱে ৷ গীতটি বহ্নিমানৰ আৰু নেপথ্য গীত পৰাগ প্ৰীয়ম নাথৰ । ছবিখনৰ ডি অ’ পি পাপু ডেকাৰ, সম্পাদনা হাৰ্দিক কাশ্যপৰ ৷ ছবিখনৰ কালাৰ মিক্সিঙৰ কাম কৰিছে ৰতন শীল শৰ্মাই ৷ চাউণ্ড ডিজাইন কৰিছে কিংশুক মৰাণে ৷ পোষ্টাৰ ডিজাইন টাচিন মুনটাকিনৰ, কলা নিৰ্দেশক ভূষণ আৰু নাৰায়ণ ।

চলচ্চিত্ৰখনৰ ক্ৰিয়েটিভ প্ৰডিউচাৰ তথা মুখ্য সহ-পৰিচালকৰ ভূমিকাত আছে মৃণাল ডেকা । অনিমা লহকৰে প্ৰযোজনা কৰা ‘পিশাচ’ৰ সহ-প্ৰযোজনা ৰাজ দত্ত আৰু টাচিন মুনটাকিনৰ । ভৌতিকধৰ্মী ছবিখন 18 বছৰৰ তলৰ, গৰ্ভৱতী মহিলা আৰু হৃদৰোগত আক্ৰান্ত ব্যক্তিসকলৰ লগতে তৎক্ষণাত ভয় খোৱাৰ প্ৰৱণতা থকা লোকক ছবিখন চোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱা হৈছে ।

লগতে পঢ়ক : এক্সক্লুছিভ ভিডিঅ' ETV Bharat ৰ হাতত : চাওক কেনেকৈ 'ৰুদ্ৰ'ৰ শ্বুটিঙত আঘাতপ্ৰাপ্ত হৈছিল ৰবি শৰ্মা - RAVI SARMA INJURED DURING SHOOT

Last Updated : Aug 1, 2024, 4:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.