ETV Bharat / entertainment

বহিঃৰাজ্যতো মুক্তি পালে প্ৰথমখন অসমীয়া ডাৰ্ক মুভী ‘পিশাচ’ - New Assamese film Pikhaas

author img

By ETV Bharat Entertainment Team

Published : Aug 9, 2024, 6:04 PM IST

Assamese film Pikhaas collection: প্ৰথম সপ্তাহৰ সফল সমাপ্তিৰ পাচত আজিৰে পৰা দ্বিতীয় সপ্তাহৰ বাবে ছবিগৃহত চলিছে ‘পিশাচ’ । ৰাজ্যৰ প্ৰায় 36 টা ছবিগৃহত চলি থকা ছবিখন আজিৰে পৰা মুক্তিলাভ কৰিছে বহিঃৰাজ্যতো ।

Pikhaas
প্ৰথমখন অসমীয়া ডাৰ্ক মুভী ‘পিশাচ’ (Movie Trailer youtube)

গুৱাহাটী, 9 আগষ্ট : নৱপ্ৰজন্মৰ দুটা দল । দুয়োটা দলে এতিয়া নিজৰ প্ৰতিভাৰে খলকনি তুলিছে অসমত । আমি ক’ব বিচাৰিছো অসমত বৰ্তমান চলি থকা দুখন ছবিৰ বিষয়ে । ‘বিদুৰভাই'ৰ সমান্তৰালকৈ এতিয়া সগৌৰৱে চলি আছে ‘পিশাচ’ । প্ৰথম সপ্তাহৰ সফল সমাপ্তিৰ পাছত আজিৰে পৰা দ্বিতীয় সপ্তাহৰ বাবে ছবিগৃহত চলিছে ‘পিশাচ’ । ৰাজ্যৰ প্ৰায় 36 টা ছবিগৃহত চলি থকা ছবিখন আজিৰে পৰা মুক্তিলাভ কৰিছে বহিঃৰাজ্যতো । হায়দাৰাবাদ, মুম্বাই আৰু চেন্নাইত আজিৰে পৰা মুক্তি লাভ কৰিছে ছবিখন ৷

কেতিয়াবা মানুহে জীৱনত কেতিয়াও কল্পনা নকৰা কিছুমান পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয় ৷ এনে কিছুমান অবাঞ্চিত ঘটনাৰ বাবেই মানুহ মানুহ হৈ নাথাকে ৷ এনে ঘটনাৰ বাবেই এজন ব্যক্তিক মানুহৰ পৰা পিশাচ হ'বলৈ প্ৰয়োজন হয় মাথো কেইটামান ছেকেণ্ডৰ । এনে এক কাহিনীৰ আধাৰতে নিৰ্মাণ কৰা হৈছে অসমীয়া ছবি ‘পিশাচ’ । ফায়াৰ ফ্লাই ফিল্মছৰ বেনাৰত নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখনৰ কাহিনী আৰু পৰিচালনা অমিতাভ ৰাগৰ । শুকুৰবাৰে ই টিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত নিৰ্মাতা অমিতাভে ৰাগে ছবিখন সন্দৰ্ভত বিভিন্ন কথা জানিবলৈ দিয়ে ৷

ছবিখনৰ প্ৰথম সপ্তাহৰ উপাৰ্জন কিমান ?

‘পিশাচ’ ছবিখনৰ পৰিচালক অমিতাভ ৰাগে জনোৱা অনুসৰি ছবিখনৰ এসপ্তাহৰ মুঠ উপাৰ্জন প্ৰায় 30 লাখ টকা ।

‘পিশাচ’ৰ প্ৰতি দৰ্শকৰ সঁহাৰি কেনেকুৱা ?

বৰ্তমান ছবিগৃহত চলি আছে দুখনকৈ অসমীয়া ছবি ‘পিশাচ’ আৰু ‘বিদুৰভাই’ । বিদুৰভাইৰ প্ৰতি দৰ্শকৰ যি সঁহাৰি সেয়া ইতিমধ্যে সকলোৰে অৱগত । বিদুৰভাইৰ সমান্তৰালকৈ চলা ‘পিশাচ’ৰ প্ৰতি দৰ্শকৰ সঁহাৰি কেনেকুৱা এই সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত পৰিচালক অমিতাভ ৰাগে কয়, ‘দৰ্শকৰ সঁহাৰি আমি যথেষ্ট ভাল পাইছো । আমি ছবিগৃহসমূহত দৰ্শকৰ সতে মত-বিনিময় কৰিছো । দৰ্শকে যথেষ্ট ভাল পাইছে । এটা কথা জানো যে এইখন ছবি সকলো দৰ্শকৰ বাবে নহয়, কাৰণ ছবিখনৰ কাহিনী ভৌতিকধৰ্মী । কিন্তু যিসকলে ছবিখন উপভোগ কৰিছে যথেষ্ট ভাল পাইছে ।"

ছবিখনক লৈ আশা কৰা অনুসৰি ফলাফল পাইছেনে পৰিচালকে ?

এই সন্দৰ্ভত পৰিচালকগৰাকীয়ে কয়, "কাহিনী বা বিষয়বস্তু নতুন ৷ এনে ধৰণৰ ছবি পূৰ্বে অসমত নিৰ্মাণ হোৱা নাছিল । সেয়ে প্ৰথম অৱস্থাত এনে ধৰণৰ বিষয় এটা দৰ্শকে কেনেধৰণে আঁকোৱালি লয় সেই ক্ষেত্ৰত অকণমান ভয় আছিল । কিন্তু এতিয়া যিমানখিনি দেখিছো দৰ্শকে বিষয়বস্তুটো আঁকোৱালি লৈছে বা ছবিখন ভাল পাইছে । কেৱল মই সকলোকে এটাই অনুৰোধ জনাব বিচাৰিম- ছবিখন নোচোৱাকৈ সামাজিক মাধ্যমত একাংশই সমালোচনা কৰি আছে । তেওঁলোকক এটাই অনুৰোধ জনাম ছবিখন চাওক ।"

ছবিগৃহত মালিক পক্ষৰ সঁহাৰি কেনেধৰণৰ ?

এই সন্দৰ্ভত পৰিচালকগৰাকীয়ে কয়, "একাংশ ছবিগৃহৰ মালিকপক্ষৰ সঁহাৰি কম পাইছো । বিশেষকৈ মৰিগাঁৱত আমাৰ শ্ব'ত দৰ্শক থকাৰ পাচতো আমাক নজনোৱাকৈ ছবিগৃহৰ কৰ্তৃপক্ষই আমাৰ ছবিখন আঁতৰাই বেলেগ এখন ছবি লগাই থৈ দিছে ।"

দৰ্শকক ছবিখন উপভোগ কৰিবলৈ অনুৰোধ জনাই পৰিচালকগৰাকীয়ে । উল্লেখ্য যে, এই ছবিখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে নিৰূপম শইকীয়া, জেনেট বে’, অচিন্ত্য ৰাজ কাশ্যপ, শশাংক সমীৰ, চিমি ৰিয়ান, ত্ৰিৱেণী গগৈ, মিন্টু বৰুৱা আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । বৰ্তমান সমাজত ঘটি থকা এটা বাস্তৱধৰ্মী ৰোমাণ্টিক কাহিনী আৰু প্ৰেমত সৃষ্টি হোৱা খেলিমেলিয়ে লোৱা ভয়ংকৰ ৰূপক লৈ নিৰ্মাণ কৰা হৈছে ছবিখন ।

লগতে পঢ়ক : মুক্তিলৈ মাজত মাথো আৰু কিছু সময়: কিন্তু ছবিখন নাচাবলৈয়ো অনুৰোধ কৰা হৈছে ! - New Assamese Film Pikhaas

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.