গুৱাহাটী, 8 অক্টোবৰ : ‘এইচা য়ে জাহা’, ‘বহ্নিমান’ আদিৰ দৰে উন্নত মানৰ আৰু পৃথক বিষয়বস্তুক কেন্দ্ৰ কৰি নিৰ্মাণ কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা প্ৰতিভাৱান চলচ্চিত্ৰ নিৰ্মাতা বিশ্বজিৎ বৰাৰ অন্য এখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবি ‘ফেঁহুজালি’। ডিমেনচিয়া ৰোগত ভূগী থকা এগৰাকী মহিলা আৰু তেওঁৰ চৌদিশৰ যন্ত্ৰণাময় পৰিৱেশক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা ছবিখন ইতিমধ্যে বহুকেইখন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ পাছত শেহতীয়াকৈ মুক্তি দিয়া হৈছে ইউটিউব চেনেলত ।
ছবিখনৰ নিৰ্মাতা গোষ্ঠীয়ে জনোৱা অনুসৰি, “কোনো মচলা নথকাকৈ এক শক্তিশালী বিষয়বস্তুক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা ছবিখন পৰিয়ালৰ সকলোৱে একেলগে বহি উপভোগ কৰিব পাৰিব । তাৰোপৰি বিশ্বজিৎ বৰাই মাত্ৰ ১২ দিনত এই ছবিখনৰ শ্বুটিং সমাপ্ত কৰিছে । যিটো অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ কাৰণে সম্ভৱ এটা ৰেকৰ্ড ।”
![nationally internationally acclaimed movie Phehujali now available in youtube](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08-10-2024/phahujali_07102024220504_0710f_1728318904_422.jpg)
ছবিখন সন্দৰ্ভত পৰিচালকৰ মন্তব্য
“ছবিখন আমাৰ Quatermoon production ৰ প্ৰথম অকলে কৰা ছবি । লগতে ছবিখনৰ কাহিনী মোৰ জীৱনৰ লগত জড়িত । যিহেতু মোৰ শাহু মা এই বেমাৰটোত ভূগিছিল । তেওঁ আজিৰ পৰা আঢ়ৈ-তিনিবছৰ আগত ঢুকাইছে । তেখেতৰ জীৱনৰ ওপৰত এই ছবিখন নিৰ্মাণ কৰা হৈছিল । ছবিখনৰ মূল পতি-পত্নীৰ চৰিত্ৰ দুটা মোৰ শাহু মা আৰু শহুৰ দেউতা । সেয়ে ছবিখনৰ চিত্ৰনাট্য লিখোঁতে মোৰ অকমান কষ্টও হৈছিল । তথাপিও তেখেতৰ অনুমতি সপক্ষে ছবিখন কৰিছিলো । ছবিখনে ইতিমধ্যে বহুকেইটা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।” এইদৰে কয় পৰিচালক বিশ্বজিৎ বৰাই ৷
![nationally internationally acclaimed movie Phehujali now available in youtube](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08-10-2024/phahujali_07102024220504_0710f_1728318904_490.jpg)
ছবিখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে সুৰেণ মহন্ত, বাহাৰুল ইছলাম, মণি বৰা, ৰূপম চেতিয়া, মনালিছা দাস, যতিন খনিকৰ, শিশু শিল্পী ৰ’দালি বৰা আৰু ত্ৰিদীপ শইকীয়াই । ছবিখনৰ কাহিনী-চিত্ৰনাট্য-সংলাপ-প্ৰযোজনা আৰু পৰিচালনা বিশ্বজিৎ বৰাৰ । ছবিখনৰ সহঃপ্ৰযোজক ৰূপালী বৰুৱা, মেঘালী বৰুৱা লাহিৰী, উদয় লাহিৰী আৰু মিতম বৰুৱা । ছবিখনৰ ক্ৰিয়েটিভ প্ৰযোজক জিতুমণি বৰা, প্ৰযোজনা পৰামৰ্শদাতা ৰ'জি বৰা, কাৰ্যবাহী প্ৰযোজক অসীম শইকীয়া, লাইন প্ৰযোজক পল্লৱজ্যোতি মহন্ত, ডি আই সুজিত বৰাৰ, শব্দগ্ৰহণ দেবব্ৰত চলিহাৰ আৰু সাজসজ্জা লোপামুদ্ৰা গগৈ বৰাৰ । তাৰোপৰি ছবিখনৰ সহকাৰী পৰিচালক হিচাপে যোগদান কৰিছে চন্দন কুমাৰ, হিৰক, উদ্দীপ্ত আৰু ঋতুৰাজে । ছবিখনৰ সংগীত আগবঢ়াইছে গীত প্ৰিয়মে আৰু চিনেমাট’গ্ৰাফী কৰিছে বলীউডৰ জনপ্ৰিয় চিনেমাট’গ্ৰাফাৰ টিটু জেনাই ।
![nationally internationally acclaimed movie Phehujali now available in youtube](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08-10-2024/phahujali_07102024220504_0710f_1728318904_177.jpg)
উল্লেখ্য যে, অসমীয়া চলচ্চিত্ৰ জগতত বহ্নিমান, ৰক্তবীজ আদিৰ দৰে বাণিজ্যিক ছবি নিৰ্মাণ কৰি অসমীয়া ছবিজগতক অনন্য মাত্ৰ প্ৰদান কৰা চলচ্চিত্ৰ নিৰ্মাতাজন বৰ্তমান ব্যস্ত ব্যয়বহুল অসমীয়া ছবি ‘বীৰাংগণা সাধনী‘ নিৰ্মাণৰ কামত । ইফালে ১০৩ মিনিট দৈৰ্ঘ্যৰ এই ছবিখনে ইউটিউবত মুক্তি লাভ কৰাৰ পিছত দৰ্শকৰ বিপুল সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক : সপ্তম নতুন দিল্লী বোলছবি মহোৎসৱত ‘ফেঁহুজালি’লৈ শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ সন্মান - fehujali documentary