ETV Bharat / entertainment

নৱ মাতৃ-কন্যাক আশীৰ্বাদ দিবলৈ হাস্পতাল পালেগৈ মুকেশ আম্বানী - Mukesh Ambani Deepika Padukone

author img

By ETV Bharat Entertainment Team

Published : Sep 10, 2024, 12:17 PM IST

Deepika Padukone and Mukesh Ambani : দেশৰ আগশাৰীৰ ব্যৱসায়ী মুকেশ আম্বানীয়ে নতুনকৈ মাতৃ হোৱা অভিনেত্ৰী দীপিকা পাডুকন আৰু তেওঁৰ সদ্যোজাত কন্যা সন্তানক লগ কৰিবলৈ হাস্পতাল পাইগৈ । ভিডিঅ’ চাওক-

Mukesh Ambani visited  Hospital to meet New Mom Deepika Padukone and her daughter WATCH
হাস্পতাল পালেগৈ মুকেশ আম্বানী (Photo : IANS/ANI)

চিটাৰা ডেস্ক, 10 ছেপ্টেম্বৰ : বিগত 8 ছেপ্টেম্বৰত প্ৰথমটি সন্তানৰ আশীৰ্বাদ লাভ কৰে তাৰকা দম্পতী দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে । দীপিকাই এটি কন্যা সন্তান জন্ম দিয়ে ৷ অভিনেত্ৰীগৰাকীৰ ঘৰত এতিয়া কেৱল উখল-মাখল পৰিৱেশ । এইচ এন ৰিলায়েন্স ফাউণ্ডেশ্যন হাস্পতালত সন্তান জন্ম দিয়ে দীপিকাই ।

দীপিকা আৰু ৰণবীৰ এতিয়াও চিকিৎসালয়ত আছে আৰু আত্মীয়সকল তেওঁলোকক লগ কৰিবলৈ আহি আছে । তাৰ মাজতে যোৱা নিশা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ স্বত্বাধিকাৰী মুকেশ আম্বানীয়ে চিকিৎসালয়ত উপস্থিত হৈ দীপিকা আৰু তেওঁৰ নৱজাত শিশুটিৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে সোধা-পোছা কৰে ।

  • দীপিকা আৰু সন্তানৰ কাষত মুকেশ আম্বানী

মুকেশ আম্বানীক চিকিৎসালয়ৰ বাহিৰত তেওঁৰ গাড়ীত দেখা গৈছিল । ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ'টোত, আপোনালোকে মুকেশ আম্বানীক চিকিৎসালয়লৈ সোমাই যোৱা দেখিবলৈ পাব । দীপিকা পাডুকনে বিবাহৰ 6 বছৰৰ পিছত মাতৃত্বৰ সুখ লাভ কৰিছে ৷

ৰণবীৰ সিঙে 2018 চনত দীপিকা পাডুকনক ইটালীত নিজৰ কইনা হিচাপে তেওঁৰ পাণি গ্ৰহণ কৰিছিল । ৰণবীৰ আৰু দীপিকাই 2012 চনৰ পৰা ইজনে সিজনক ডেট কৰি আছিল । দুয়ো সঞ্জয় লীলা ভাঞ্চালীৰ ছবি গ’লিয়ো কি ৰাসলীলা ৰাম-লীলাত লগ পাইছিল । চলচ্চিত্ৰখনটো চুপাৰ হিট হৈছিলেই আৰু লগতে ৰণবীৰ দীপিকাও দীপবীৰ হিচাপে ছুপাৰহিট যুটি হৈ পৰে ।

  • দীপিকা আৰু ৰণবীৰক অভিনন্দন

আলিয়া ভাট, প্ৰিয়ংকা চোপ্ৰা, কেটৰিণা কাইফ, পৰিণীতি চোপ্ৰাকে ধৰি বহু তাৰকাই দম্পতীটোক পিতৃ-মাতৃ হোৱাৰ বাবে অভিনন্দন জনাইছে । মুকেশ আম্বানীয়েও দীপিকা আৰু তেওঁৰ সন্তানৰ খবৰ লয় ।

দীপিকা গণেশ চতুৰ্থীৰ পিছদিনা মাতৃ হয় । ইয়াৰ পূৰ্বে ৰণবীৰ আৰু দীপিকাই মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰ পৰিদৰ্শন কৰিছিল আৰু বাপ্পাৰ আশীৰ্বাদ লৈছিল আৰু পিছদিনা দীপিকা পাডুকন মাতৃ হৈছিল । কৰ্মক্ষেত্ৰৰ বিষয়ে ক'বলৈ গ'লে, দীপিকা পাডুকনক কল্কি 2898 এডি, ফাইটাৰ আৰু পাঠান চলচ্চিত্ৰত দেখা গৈছিল । এতিয়া দীপিকা পাডুকনক লেডী কপ ৰূপত সিংঘম এগেইন চলচ্চিত্ৰত দেখিবলৈ পোৱা যাব, ছবিখন 2024 চনৰ ডিচেম্বৰত মুক্তি পাব ।

লগতে পঢ়ক : পিতৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা - Ranveer Deepika Baby Girl

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.