চিটাৰা ডেস্ক, 6 জুলাই : প্ৰশংসিত চলচ্চিত্ৰ নিৰ্মাতা ৰাজামৌলীক প্ৰদৰ্শন কৰা নেটফ্লিক্সৰ জীৱনীমূলক তথ্যচিত্ৰ মডাৰ্ণ মাষ্টাৰছ : এছ এছ ৰাজামৌলী আগষ্ট মাহত মুক্তি পাব । ৰাজমৌলীৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰখনে নিপুণ গল্পকাৰগৰাকীৰ কল্পনা জগত আৰু কলাত্মক প্ৰক্ৰিয়াৰ এক অভূতপূৰ্ব আভাসৰ প্ৰতিশ্ৰুতি দিছে ।
নেটফ্লিক্সে 2 আগষ্টত মডাৰ্ণ মাষ্টাৰ্ছ : এছ এছ ৰাজামৌলী শীৰ্ষক এখন নতুন জীৱনীমূলক তথ্যচিত্ৰ উন্মোচন কৰিবলৈ সাজু হৈছে ৷ যি বাহুবলী আৰু আৰ আৰ আৰৰ দৰে ব্লকবাষ্টাৰ ছবিৰ বাবে জনাজাত প্ৰশংসিত চলচ্চিত্ৰ নিৰ্মাতা ৰাজামৌলীক আলোকপাত কৰিছে ।
অনুপমা চোপ্ৰাৰ দ্বাৰা উপস্থাপন কৰা এই তথ্যচিত্ৰখনে এছ.এছ. ৰাজামৌলীৰ জীৱন আৰু কামৰ বিষয়ে দেখুৱাব ৷ য'ত জেমছ কেমেৰুন, জো ৰুছ’ আৰু কৰণ জোহৰৰ দৰে বিশিষ্ট ব্যক্তিৰ লগতে প্ৰভাস, জুনিয়ৰ এন টি আৰ, ৰাণা দগ্গুবাটি আৰু ৰাম চৰণৰ দৰে ঘনিষ্ঠ বন্ধু আৰু সহযোগীসকলৰ অন্তৰ্দৃষ্টি আছে ।
সাক্ষাৎকাৰ আৰু পৰ্দাৰ আঁৰৰ ফুটেজৰ সংমিশ্ৰণেৰে এপ্লউজ এণ্টাৰটেইনমেণ্ট আৰু ফিল্ম কম্পেনিয়ন ষ্টুডিঅ’ৰ সহযোগত নেটফ্লিক্সে এই তথ্যচিত্ৰখন ভাৰতীয় আৰু গোলকীয় চিনেমা উভয়তে ৰাজামৌলীৰ গভীৰ প্ৰভাৱ প্ৰদৰ্শন কৰিবলৈ প্ৰস্তুতি চলাইছে । ভাৰতীয় সৃষ্টিশীলতাক উদযাপন কৰা নেটফ্লিক্সৰ মডাৰ্ণ মাষ্টাৰছ তথ্যচিত্ৰ ধাৰাবাহিকৰ অংশ এই ছবিখন ।
2024 চনত মুক্তিৰ বাবে নিৰ্ধাৰিত নেটফ্লিক্সৰ তথ্যচিত্ৰ লাইনত আছে ইয়ো ইয়ো হানি সিং : ফেমাচ, প্ৰখ্যাত ৰেপাৰ আৰু অভিনেতাৰ জীৱন অন্বেষণ কৰা, ক্ৰিকেট গাথা দ্য গ্ৰেষ্ট ৰাইভেলৰী - ভাৰত বনাম পাকিস্তান আৰু প্ৰশংসিত টু কিল এ টাইগাৰ ।
মডাৰ্ণ মাষ্টাৰ্ছ : এছ.এছ. ৰাজামৌলীৰ পোষ্টাৰে গল্পকাৰৰ সৃষ্টিশীল পৃথিৱী আৰু মনৰ এক অনন্য আভাস প্ৰদান কৰে ৷ যি চিনেমা প্ৰেমীসকলৰ মাজত উচ্চ প্ৰত্যাশা স্থাপন কৰিছে ।
লগতে পঢ়ক : ২০২৪ চনৰ একাডেমীৰ সদস্যৰ তালিকা আঠ ভাৰতীয় - Academy 487 members for 2024