ETV Bharat / entertainment

অৱশেষত মুক্তি পালে পংকজ ত্ৰিপাঠী-আলী ফজলৰ মিৰ্জাপুৰ ৩ ট্ৰেইলাৰ - Mirzapur 3 Trailer starcast

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 5:04 PM IST

Mirzapur 3 Trailer released : আটাইতকৈ প্ৰতীক্ষিত ক্ৰাইম থ্ৰিলাৰ ছিৰিজ  মিৰ্জাপুৰ ৩ ৰ ট্ৰেইলাৰ আজি ২০ জুনত মুক্তি দিয়া হয় । মিৰ্জাপুৰ ৩ ৰ ট্ৰেইলাৰটোৱে অৱশ্যেই দৰ্শকৰ মাজত আলোড়নৰ সৃষ্টি কৰিছে ৷ ট্ৰেইলাৰটো চাবলৈ আগলৈ স্ক্ৰ’ল কৰক-

Mirzapur 3 Trailer released Pankaj Tripathi and Ali Fazal Crime Thriller Series
মিৰ্জাপুৰ ৩ ট্ৰেইলাৰ (ETV Bharat)

চিটাৰা ডেস্ক, 20 জুন : অ'টিটি প্লেটফৰ্মৰ আটাইতকৈ জনপ্ৰিয় চিৰিজ 'মিৰ্জাপুৰ' ৰ তৃতীয় চিজনৰ ট্ৰেইলাৰ আজি ২০ জুনত মুকলি কৰা হয় । অনুৰাগীসকলে 'মিৰ্জাপুৰ ৩' ৰ বাবে এক দীঘলীয়া সময় ধৰি অপেক্ষা কৰি আছে ৷ আজি ট্ৰেইলাৰ মুকলিৰ পিচত এই কথা স্পষ্ট হৈ পৰিছে যে 'মিৰ্জাপুৰ ৩' ৰ নিৰ্মাতাসকলে দৰ্শকসকলক আৰু অধিক সময় অপেক্ষা নকৰায় । বৃহস্পতিবাৰে 'মিৰ্জাপুৰ ৩' ৰ ভৌকালী ট্ৰেইলাৰ মুক্তি দিয়া হৈছে । ‘মিৰ্জাপুৰ ৩’ ৫ জুলাইত প্ৰাইম ভিডিঅ'ত প্ৰদৰ্শিত হ'ব । আহক জানি লওঁ মিৰ্জাপুৰ ৩ ৰ ট্ৰেইলাৰ কেনেকুৱা ?

মিৰ্জাপুৰ ৩ ৰ ট্ৰেইলাৰৰ বিষয়ে…

মিৰ্জাপুৰ 3 ৰ 2.37 মিনিটৰ ট্ৰেইলাৰটো সম্পূৰ্ণৰূপে আক্ৰামণাত্মক । মিৰ্জাপুৰ 3 ৰ ট্ৰেইলাৰত গুড্ডু পণ্ডিতৰ চৰিত্ৰত আলী ফজলক অধিক ভূমিকা দিয়া হৈছে ৷ আলী ফজলেও শক্তিশালী অভিনয় কৰিছে ৷

তেওঁৰ ভূমিকাত সম্পূৰ্ণ প্ৰাণ ঢলাৰ চেষ্টা কৰিছে আলীয়ে আৰু সিংহাসন যুঁজৰ এই ক্ৰাইম চিৰিজটোত প্ৰতিটো চৰিত্ৰই তীব্ৰ অভিনয় কৰিছে । সকলোৱে অপেক্ষা কৰি থকা চৰিত্ৰটোৰ সৈতেই ট্ৰেইলাৰটো অন্ত পৰে । হয়, ‘কালিন ভাইয়া’ হিচাপে পংকজ ত্ৰিপাঠীৰ শক্তিশালী উপস্থাপন কৰা হৈছে । ট্ৰেইলাৰত বিজয় বৰ্মাৰ এটা সৰু আভাস দিয়া হৈছে, কিন্তু এক চমৎকাৰী ৰূপত ।

মিৰ্জাপুৰ ৩ তাৰকাসকল

ৰচিকা দুগ্গল আৰু শ্বেতা ত্ৰিপাঠীয়ে চিৰিজটোত প্ৰশংসনীয় অভিনয় কৰিছে । ঈশা তলৱাৰ, অঞ্জুমান শৰ্মা, প্ৰিয়ংশু পাইন্যুলি, হৰ্ষিতা শেখৰ গৌৰ, ৰাজেশ টেইলাং, শ্বীবা চাড্ডা, প্ৰমোদ পাঠক, শৰ্নাৱাজ জিজিনা, মেঘনা মালিক, মনু ঋষি চাড্ডা, নেহা সৰ্গম, লিলিপুট ফাৰুকী, অলকা আমিন, অনংশা বিশ্বাস, শ্বাহপ্ৰধান, ৰোহিত শৰ্মাক গুৰুত্বপূৰ্ণ ভূমিকাত দেখিবলৈ পোৱা যাব ।

মিৰ্জাপুৰ ৩ ৰ বিষয়ে

‘মিৰ্জাপুৰ ৩’ চলচ্চিত্ৰ নিৰ্মাতা ফাৰহান আখটাৰ আৰু এক্সেল এণ্টাৰটেইনমেণ্ট প্ৰডাকচন কোম্পানীৰ মালিক ৰীতেশ চিধৱানীয়ে প্ৰযোজনা কৰিছে । পৰিচালনাত আছে গুৰমিত সিং আৰু আনন্দ আয়াৰ ৷ অপূৰ্ব ধৰ, অবিনাশ সিং তোমৰ, অবিনাশ সিং, বিজয় নাৰায়ণ বাৰ্মাই মিৰ্জাপুৰ ৩ ৰ কাহিনী লিখিছে ।

লগতে পঢ়ক : যৌৱনে আমনি কৰে 2 ৰে পুনৰ ঘূৰি যাওঁ বলক 90 দশকলৈ... এক নষ্টালজিয়া - Joubone Amoni Kore 2

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.