ETV Bharat / entertainment

মঞ্চত চমক সৃষ্টি কৰিবলৈ যাওতে দৰ্শকৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াইছে ভ্ৰাম্যমাণ থিয়েটাৰে ! - Mobile theatre in Assam

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2024, 7:10 PM IST

Mobile theatre audience injured : ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰ্শক চিন্তিত হৈ পৰিছে নিজৰ সুৰক্ষাক লৈ ৷ অতিমাত্ৰা কৌশল ব্যৱহাৰেৰে চমৎকাৰ কৰিবলৈ যোৱাৰ ফলত বিগত তিনিটা দিনত আঘাতপ্ৰাপ্ত হ’ল কেবাগৰাকীও দৰ্শক ৷ দক্ষিণ ভাৰতীয় চিনেমাৰ কৌশল মঞ্চ, পেণ্ডেলত উপস্থাপন নকৰি কেৱল নাটকৰ কাহিনীত গুৰুত্ব প্ৰদানৰ আহ্বান জনাইছে বহুলোকে ৷

Mobile theatre audience injured
ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চ-পেণ্ডেলত ইটোৰ পিচত সিটো অঘটন (ETV Bharat Assam)

পাঠশালা, ১ ছেপ্টেম্বৰ : বিশ্ববিৰল ভ্ৰাম্যমাণ থিয়েটাৰ এতিয়া যেন কেৱল এক ব্যৱসায় ৷ নাটকৰ কাহিনী, অভিনয়েৰে দৰ্শকক আকৰ্ষিত কৰাৰ মূল লক্ষ্যৰ পৰা বিচলিত হৈ কাৰিকৰী কৌশলেৰে নাট্যপ্ৰেমীৰ মন জয় কৰাৰ চেষ্টা কৰা হৈছে ৷ তিনিকুৰি বছৰৰ পূৰ্বে ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অচ্যুৎ লহকৰে যি সপোন দেখিছিল সেয়া বাস্তৱায়িত হ’ল, কিন্তু এচাম ব্যৱসায়ীৰ কৱলত পৰি যেন শেহতীয়াকৈ ই কেৱল টকা ঘটাৰ উদ্যোগলৈহে পৰিণত হ’ল ৷ এনেবোৰ অভিযোগ এতিয়া সৰ্বত্ৰ দেখা গৈছে ৷

পাঠশালাত আৱাহন থিয়েটাৰৰ পেণ্ডেলত অঘটন (ETV Bharat Assam)

বিগত কেইটামান বছৰৰ পৰা প্ৰায়েই এক অভিযোগ উত্থাপিত হৈ আহিছে যে ভ্ৰাম্যমাণ থিয়েটাৰে হেৰুৱাইছে পূৰ্বৰ গৰিমা ৷ নাই সেই পূৰ্বৰ নাটকৰ দৰে কাহিনী, আছে কেৱল চমৎকাৰী কলা-কৌশল ৷ সেয়া পুনৰ এবাৰ প্ৰমাণিত কৰিলে যোৱা তিনিটা দিনত সংঘটিত তিনিটা ঘটনাই ৷

ভ্ৰাম্যমাণ থিয়েটাৰত দক্ষিণ ভাৰতীয় চিনেমাৰ দৰে কৌশল ব্যৱহাৰ কৰাৰ ফলত আহত হ’ল কেবাগৰাকীও দৰ্শক ৷ 28 আগষ্টত বৰপেটাৰ চেঙাত ইতিহাস থিয়েটাৰত সংঘটিত দুৰ্ঘটনাত শিশুসহ আহত হ’ল কেবাজনো লোক ৷ মুখ্য অভিনেতা যতীন বৰাও আহত হ’ল মঞ্চত মটৰ চাইকেল চলাই চমৎকাৰ কৰিবলৈ গৈ ৷ একেদিনাই নলবাৰীৰ ভদ্ৰাত ৰাজতিলক থিয়েটাৰৰ মঞ্চত সুকীয়া ধৰণে নৃত্য কৰিবলৈ গৈ বাগৰি পৰিল অভিনেত্ৰী শ্যামন্তিকা শৰ্মা ৷

সেই দুটা ঘটনা ৰাজ্যজুৰি চৰ্চিত হৈ থাকোঁতেই, কালি অৰ্থাৎ শনিবাৰে অঘটন সংঘটিত হ’ল আৱাহন থিয়েটাৰৰ পেণ্ডেলত । চমক সৃষ্টিৰে দৰ্শকক আকৃষ্ট কৰিবলৈ গৈ ব্যৱহাৰ কৰা আতচবাজীৰ ফলত আঘাতপ্ৰাপ্ত হ’বলগীয়া হ’ল দৰ্শক । পাঠশালাত সংঘটিত হ’ল এই ঘটনা ৷ বিস্ফোৰণৰ ফলত জোনালী কলিতা আৰু নিশান্ত দাস নামৰ দৰ্শক দুগৰাকী আঘাতপ্ৰাপ্ত হ’বলগীয়া হ’ল ৷

অসম গৌৰৱ ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰ্শনীৰ সময়ত সংঘটিত এইসমূহ ঘটনাৰ পিচতে বিশেষকৈ সামাজিক মাধ্যমত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ভ্ৰাম্যমাণ নাট্যগোষ্ঠীৰ প্ৰযোজক, পৰিচালকসকল ৷ প্ৰশ্ন উত্থাপিত হৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰ্শকসকলৰ সুৰক্ষাক লৈ ৷ হেলমেট আদি পৰিধান কৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰ্শক হ’বলগীয়া অৱস্থাৰ সূচনা হোৱা বুলিও বহুতে মন্তব্য কৰিছে ৷ ইফালে প্ৰকৃত নাটক মঞ্চস্থ কৰাৰ বিপৰীতে ভ্ৰাম্যমাণ থিয়েটাৰে শেহতীয়াকৈ চাৰ্কাছ আৰম্ভ কৰা বুলিও চলিছে চৰ্চা ৷

মুঠৰ ওপৰত এতিয়া ৰাজ্যত এটাই চৰ্চা- গৰিমা হেৰুৱাতে ক্ষান্ত থকা নাই ভ্ৰাম্যমাণ থিয়েটাৰ, দৰ্শক-শিল্পীৰ জীৱনৰ প্ৰতিও যেন ভাবুকি কঢ়িয়াই আনিছে অতিমাত্ৰা কৰিবলৈ গৈ ৷ সচেতন ৰাইজে সামাজিক মাধ্যমত লিখিছে- ‘‘ভ্ৰাম্যমাণৰ মঞ্চত নাটক চাবলৈহে যায় দৰ্শক, চাৰ্কাছ চাবলৈ নহয় ৷’’

লগতে পঢ়ক : ইতিহাসৰ মঞ্চত অঘটন : নাচোতে পৰিল শ্যামন্তিকা, বাইক চলাই পৰিল যতীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.