ETV Bharat / entertainment

গায়ক হ’বলৈ আহি কেনেকৈ অভিনেতা তথা পৰিচালক হ’ল মনমোহন কৃষ্ণ ?

author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 10:02 AM IST

Manmohan Krishna Birth Anniversary: ১৯২২ চনৰ ২৬ ফেব্ৰুৱাৰীত প্ৰয়াত অভিনেতা মনমোহন কৃষ্ণৰ জন্ম হৈছিল । আজি মনমোহনৰ জন্ম বাৰ্ষিকী উপলক্ষে তেখেতৰ লগত জড়িত কিছুমান নজনা কাহিনী জানো আহক ।

Manmohan Krishna Birth Anniversary, Know unknown facts of Manmohan Krishna
মনমোহন কৃষ্ণৰ জন্মবাৰ্ষিকী

চিটাৰা ডেস্ক, ২৬ ফেব্ৰুৱাৰী: বলীউডৰ চিৰসেউজ অভিনেতা তথা পৰিচালক মনমোহন কৃষ্ণৰ বিষয়ে কোনে নাজানে ! প্ৰয়াত অভিনেতা মনমোহন কৃষ্ণৰ আজি জন্মবাৰ্ষিকী ৷ তেওঁৰ জন্ম হৈছিল ১৯২২ চনৰ ২৬ ফেব্ৰুৱাৰীত । আজি মনমোহনৰ জন্ম বাৰ্ষিকী উপলক্ষে তেখেতৰ লগত জড়িত কিছুমান নজনা কাহিনী জানো আহক ।

গায়ক হ’ব বিচাৰিছিল, হৈ পৰিল অভিনেতা

লাহোৰ (পাকিস্তান)ত জন্মগ্ৰহণ কৰা পৰিচালকগৰাকীয়ে অভিনেতা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ‘আন্ধো কি দুনিয়া’ ছবিৰ জৰিয়তে । মনমোহন কৃষ্ণক বহুমুখী অভিনেতা বুলি গণ্য কৰা হৈছিল । এজন ভাল অভিনেতা হোৱাৰ উপৰিও তেওঁ চলচ্চিত্ৰ জগতত এজন উৎকৃষ্ট পৰিচালক আৰু প্ৰযোজক হিচাপেও নিজৰ সুকীয়া পৰিচয় বনাবলৈ সক্ষম হৈছিল । অৱশ্যে তেওঁৰ বিষয়ে অতি কম সংখ্যক লোকেহে জানে যে মনমোহনে অভিনেতা বা প্ৰযোজক হিচাপে নহয়, গায়ক হিচাপে বলীউডত স্থান বনাব বিচাৰিছিল ।

যাত্ৰা আৰম্ভ হৈছিল ‘আন্ধো কি দুনিয়া’ ছবিৰ পৰা

কিন্তু কথা এষাৰ আছে নহয়, আপোনাৰ ভাগ্য যি লিখা থাকিব তাকেই হ’ব ৷ মনমোহন কৃষ্ণৰ ক্ষেত্ৰতো তেনেকুৱাই হ’ল ৷ মনমোহনে গায়ক হোৱাৰ লগতে, অভিনেতাৰ পৰা পৰিচালকলৈ যাত্ৰা কৰিছিল । মনমোহনে ১৯৪৭ চনত ‘আন্দো কি দুনিয়া’ ছবিৰ জৰিয়তে চলচ্চিত্ৰ জগতত যাত্ৰা আৰম্ভ কৰিছিল । এই ছবিখনৰ এটা গীততো তেওঁ কণ্ঠদান কৰিছিল । প্ৰথমখন ছবিতে মনমোহনৰ অভিনয় আৰু কণ্ঠ দুয়োটাৰে অত্যন্ত প্ৰশংসা কৰা হৈছিল ।

অভিনয়ৰ ক্ষেত্ৰত পৰিচয় লাভ কৰাৰ পাচত ১৯৮০ চনত ‘নূৰী’ ছবিৰে পৰিচালক হিচাপে যাত্ৰা আৰম্ভ কৰে মনমোহন কৃষ্ণই । এই ছবিখন দৰ্শকে বহুত ভাল পাইছিল । উল্লেখ্য যে, মনমোহনে চাৰি দশক ধৰি কেৱল হিন্দীতে নহয়, পাঞ্জাবী ছবিতো কাম কৰি আহিছিল । তদুপৰি ২৫০ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল ।

এই ছবিবোৰৰ জৰিয়তে এক বিশেষ পৰিচয় লাভ কৰিছিল

উৎকৃষ্ট অভিনয়ৰ বাবে মনমোহন কৃষ্ণই বহু চলচ্চিত্ৰ বঁটাও লাভ কৰিছে । ‘জিন্দগী জীনে কে লিয়ে’ (১৯৮৪), ‘নূৰী’ (১৯৭৯), ‘বিজয়’ (১৯৮৮), কাঁৱাৰলাল’ (১৯৮৮), ‘এইছা প্যায়াৰ কাহা’ (১৯৮৬), ‘যুদ্ধ’ (১৯৮৫)ৰ দৰে বহু হিট ছবি দিছে ।

১৯৯০ চনৰ ৩ নৱেম্বৰত ইহলীলা ত্যাগ কৰিছিল মনমোহনে

মনমোহন কৃষ্ণৰ বিষয়ে অতি কম সংখ্যকেহে জানে যে এই উদ্যোগলৈ অহাৰ আগতে তেওঁ এখন কলেজৰ অধ্যাপক আছিল । দুবছৰ কলেজত শিক্ষকতা কৰাৰ পিচত তেওঁ গায়ক হ’ব বিচৰাৰ বাবেই বলীউড জগততচ যাত্ৰা আৰম্ভ কৰে । কিন্তু ভাগ্যই তেওঁক এজন সফল অভিনেতা আৰু পৰিচালক কৰি তুলিলে । ১৯৯০ চনৰ ৩ নৱেম্বৰত প্ৰবীণ অভিনেতা মনমোহন কৃষ্ণই এই পৃথিৱীৰ পৰা বিদায় লয় ।

লগতে পঢ়ক: অলৌকিক শক্তিৰ সন্মুখীন হৈছিল অজয় ​​দেৱগন ! খোদ এই কথা প্ৰকাশ কৰিলে অভিনেতাগৰাকীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.