ETV Bharat / entertainment

কেন্সাৰৰ দৰে মাৰাত্মক ৰোগক পৰাস্ত কৰিছে বলীউডৰ এইসকল অভিনেত্ৰীয়ে - Cancer Survivor Indian Actresses

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 9:35 PM IST

Cancer Survivor Indian Actresses: কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়া বলীউডৰ এনে বহু অভিনেত্ৰী আছে যিয়ে এই যুঁজত যুঁজি জয়লাভ কৰিবলৈ সক্ষম হৈছে । এই অভিনেত্ৰীসকল নো কোন জানো আহক-

Manisha Koirala to Sonali Bendre, these Indian actresses defeated cancer
কেন্সাৰৰ দৰে মাৰাত্মক ৰোগক পৰাস্ত কৰিছে বলীউডৰ এইসকল অভিনেত্ৰীয়ে (ETV Bharat)

চিটাৰা ডেস্ক, 28 জুন: সকলোৰে প্ৰিয় বোৱাৰী ‘অক্ষৰা’ অৰ্থাৎ হিনা খানে শেহতীয়াকৈ অনুৰাগীক দিলে এটি হৃদয় বিদাৰক খবৰ । শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁৰ দেহত স্তন কেন্সাৰ ধৰা পৰিছে । এই খবৰে তেওঁৰ অনুৰাগীক আচৰিত কৰি তুলিছে । অনুৰাগীয়ে তেওঁৰ বাবে প্ৰাৰ্থনা কৰিছে । কেৱল হিনা খানেই নহয় চলচ্চিত্ৰ জগতৰ বহুকেইগৰাকী অভিনেত্ৰীও কেন্সাৰৰ দৰে মাৰাত্মক ৰোগৰ সন্মুখীন হৈছে ।

মনীষা কৈৰালা

‘হীৰামণ্ডীৰ মল্লিকাজান’ অৰ্থাৎ মনীষা কৈৰালা ২০১২ চনত ডিম্বাশয়ৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল । ৪২ বছৰ বয়সত তেওঁ এই ভয়াৱহ ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সাহস দেখুৱাইছিল । তেওঁ এটা সাক্ষাৎকাৰত তেওঁৰ কেন্সাৰ জীৱিত সময়ৰ বিষয়ে উল্লেখ কৰিছিল । তেওঁ কয়, ‘‘মোৰ কেন্সাৰৰ চতুৰ্থ পৰ্যায় আছিল । তাৰ পিচত জীৱন জীয়াবলৈ পাৰিম বুলি ভবা নাছিলো আৰু জীয়াই থকাৰ দ্বিতীয়টো সুযোগ পাম বুলি কেতিয়াও পৰিকল্পনা কৰা নাছিলো । মই জীয়াই থাকিম বুলি নিশ্চিত নাছিলোঁ । মই কিমান দিন জীয়াই থাকিম তাৰ বাবেও নিশ্চিত নাছিলোঁ ।’’ মনীষাই নিউয়ৰ্কত কেন্সাৰৰ চিকিৎসা কৰাইছিল । এতিয়া তেওঁ সম্পূৰ্ণ সুস্থ ।

সোণালী বেন্দ্ৰে

সেই সময়ত সোণালী বেন্দ্ৰে কেন্সাৰ ৰোগত আক্ৰান্ত হৈছিল যেতিয়া তেওঁৰ জীয়াই থকাৰ সম্ভাৱনা আছিল মাত্ৰ ৩০ শতাংশ । ২০১৮ চনৰ জুলাই মাহত তেওঁ প্ৰকাশ কৰিছিল যে, তেওঁৰ হাই গ্ৰেড মেটাষ্টেটিক কেন্সাৰত আক্ৰান্ত হৈছে । নিউয়ৰ্ক চহৰত তেওঁৰ কেমোথেৰাপি আৰু অস্ত্ৰোপচাৰ কৰা হয় । সফল চিকিৎসাৰ অন্তত সোণালী ভাৰতলৈ উভতি আহে আৰু তেতিয়াৰ পৰাই তেওঁ কেন্সাৰ সজাগতা আৰু ইতিবাচকতাৰ পোষকতা কৰি আহিছে ।

লগতে পঢ়ক: মৃত্যুদূত বুলি ভবা কৰ্কট ৰোগ এতিয়া ধৰা পেলাব পাৰিব ৭ বছৰ পূৰ্বেই - Cancer

লিজা ৰে

২০০৯ চনত লিজা ৰেৰ মাল্টিপল মায়’লমা নামৰ এটি বিৰল কৰ্কট ৰোগ ধৰা পৰে । এই কেন্সাৰ হৈছে প্লাজমা কোষক প্ৰভাৱিত কৰা কৰ্কট ৰোগ । এই কথা জনাৰ পিচত তেওঁৰ জীৱনত এক টাৰ্নিং পইণ্ট আহিল ৷ মাল্টিপল মায়’লমা হৈছে হাড়ৰ মজ্জাত হোৱা এক প্ৰকাৰৰ তেজৰ কৰ্কট ৰোগ, যাৰ বাবে প্লাজমা কোষবোৰ দ্ৰুতগতিত বৃদ্ধি পায় । ৰোগ নিৰ্ণয়ৰ তীব্ৰতা সত্ত্বেও লিজা ৰেই কেন্সাৰৰ সৈতে যুঁজখন দৃঢ়তাৰে যুঁজিছিল ।

কিৰণ খেৰ

কিৰণ খেৰ কেৱল এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়েই নহয়, এগৰাকী বিখ্যাত ৰাজনীতিবিদো । ২০২০ চনৰ ছেপ্টেম্বৰ মাহত ‘মাল্টিপল মায়’লমা’ কৰ্কট ৰোগত আক্ৰান্ত হৈ মুম্বাইৰ এখন চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিছিল, য’ত তেওঁ কেম’থেৰাপিও লৈছিল ।

তাহিৰা কাশ্যপ

লেখিকা, চলচ্চিত্ৰ নিৰ্মাতা তথা অভিনেতা আয়ুষ্মান খুৰানাৰ পত্নী তাহিৰা কাশ্যপ ‘ষ্টেজ 0 স্তনৰ’ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল । ২০১৮ চনত টাহিৰাৰ কৰ্কট ৰোগ ধৰা পৰিছিল । বৰ্তমান তেওঁ সুস্থ অৱস্থাত আছে ৷

অন্যান্য কৰ্কট ৰোগৰ সৈতে মোকাবিলা কৰা অভিনেত্ৰীসকল

নাৰ্গিছ, মুমতাজৰ দৰে আন বহু অভিনেত্ৰী কেন্সাৰৰ যুঁজত পৰাস্ত হয় । চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা তেওঁলোকৰ অৱদান সদায় চিৰস্মৰণীয় হৈ থাকিব আৰু তেওঁলোকৰ অনুপস্থিতি বলীউডে আজিও বহু পৰিমাণে অনুভৱ কৰে ।

লগতে পঢ়ক: স্তন কেন্সাৰত আক্ৰান্ত এইগৰাকী জনপ্ৰিয় অভিনেত্ৰী, সামাজিক মাধ্যমযোগে নিজেই জনালে এই কথা - Hina Khan Breast Cancer

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.