ETV Bharat / entertainment

তেওঁ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ কল্পনাশক্তিক অনুপ্ৰাণিত কৰিছিল-বিজয় সেতুপতী - Vijay Sethupathi on Ramoji Rao Demise

author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 7:18 PM IST

Vijay Sethupathi on Ramoji Rao Demise: বিগত ৮ মে’ত ৰামোজী গ্ৰুপৰ প্ৰতিষ্ঠাপক ৰামোজী ৰাওৰ মৃত্যুত সমগ্ৰ চলচ্চিত্ৰ জগত আৰু ৰাজনৈতিক জগতত শোকৰ ছাঁ পৰে । শেহতীয়াকৈ অভিনেতা বিজয় সেতুপতীয়ে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

Man Gave shape to movie makers imaginations - Actor Vijay Sethupathi Tribute to Late Ramoji Rao
তেওঁ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ কল্পনাশক্তিক অনুপ্ৰাণিত কৰিছিল-বিজয় সেতুপতী (Etv Bharat)

চিটাৰা ডেস্ক, 9 জুন: শেহতীয়াকৈ চেন্নাইৰ ছালিগ্ৰামৰ প্ৰসাদ ষ্টুডিঅ’ত দক্ষিণ ভাৰতীয় চিনেমা জগতৰ জনপ্ৰিয় অভিনেতা বিজয় সেতুপতীৰ ৫০ সংখ্যক ছবি মহাৰাজৰ সংবাদমেল অনুষ্ঠিত হয় ৷ নিথিলন সমীনাথনৰ পৰিচালনা আৰু পেয়ছন ষ্টুডিঅ’ৰ প্ৰযোজনাত নিৰ্মাণ কৰা হৈছে এই ছবিখন ৷

সন্মিলন আৰম্ভ হোৱাৰ পূৰ্বে ৰামোজী গ্ৰুপৰ প্ৰতিষ্ঠাপক প্ৰয়াত ৰামোজী ৰাওক তেওঁ মৌন শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ মঞ্চত ভাষণ দি অভিনেতা বিজয় সেতুপতীয়ে কয়, ‘ৰামোজী ৰাওৰ মৃত্যু অতি দুখজনক আছিল ৷ মই তেওঁক বৰ ওচৰৰ পৰা চিনি নাপালোঁ যদিও পুডুপেট ছবিখনৰ বাবে ৰামোজী ফিল্ম চিটিলৈ গৈছিলোঁ, তেওঁ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ কল্পনাশক্তিক যথেষ্ট অনুপ্ৰাণিত কৰিছিল... ৷

ৰামোজী ছবিখনৰ শ্বুটিংৰ বাবে গৈছিল

বিজয়ে কয়, ‘মই তেওঁক বৰ ভালকৈ চিনি নাপালোঁ যদিও মই মোৰ ছবি পুডুপেটৰ বাবে ৰামোজী ফিল্ম চিটিলৈ গৈছিলোঁ, তেওঁৰ চেটত সকলো আছে ৷ হিল ৰিজ, বিমানবন্দৰ, শ্বুটিঙৰ বাবে প্ৰয়োজনীয় সকলো বস্তু ৷ তাত থাকি ছবি এখন নিৰ্মাণ কৰাটোও যথেষ্ট সহজ আছিল ৷ তাত কোনো কথাকে লৈ কোনো টেনচন নাই ৷ ৰামোজী ৰাওৰ চেটত বহু ঠাইত শুইছো ৷ বহুত শ্বুটিং দেখিছোঁ ৷ ৰামোজী ফিল্ম চিটিৰ পৰা বহু চলচ্চিত্ৰ অভিজ্ঞতা শিকিবলৈ পাইছিলোঁ ৷ তেওঁৰ মৃত্যু অতি বেদনাদায়ক ৷ ইমানবোৰ মানুহৰ কল্পনাক গঢ় দিয়া ৰামোজী ৰাওৰ আত্মাই চিৰশান্তি লাভ কৰক ৷

এই চেলিব্ৰিটিসকলেও শোক প্ৰকাশ কৰে

দক্ষিণৰ পৰা বলীউডলৈকে তাৰকাসকলে ৰামোজী ৰাওৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৷ আল্লু অৰ্জুন, ৰজনীকান্ত, ৰাম চৰণ, এছ এছ ৰাজামৌলি, কংগনা ৰনৌত, ৰিতেশ-জেনেলিয়া দেশমুখ, প্ৰধানমন্ত্ৰী মোদী, এন চন্দ্ৰবাবু নাইডুৰ দৰে বহু জনপ্ৰিয় ব্যক্তিয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷

লগতে পঢ়ক: ৰামোজী ৰাওৰ মৃত্যুত শোক প্ৰকাশ ৰিতেশ দেশমুখ-জেনেলিয়াৰ - Media Baron Ramoji Rao

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.