ETV Bharat / entertainment

যৌৱনে আমনি কৰে 2 ৰে পুনৰ ঘূৰি যাওঁ বলক 90 দশকলৈ... এক নষ্টালজিয়া - Joubone Amoni Kore 2

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 2:09 PM IST

Joubone Amoni Kore 2: জনপ্ৰিয় চুপাৰহিট অসমীয়া ছবি "যৌৱনে আমনি কৰে" ৰ আমোদ ল'বলৈ পুনৰবাৰ সাজু হওক আপুনি । কাৰণ অতি শীঘ্ৰেই চলচ্চিত্ৰ জগতত ভূমুকি মাৰিব "যৌৱনে আমনি কৰে" ৰ দ্বিতীয়খণ্ডই ।

Joubone Amoni Kore 2
যৌৱনে আমনি কৰে (ETV Bharat Assam)

গুৱাহাটী, 19 জুন : অসমীয়া চলচ্চিত্ৰপ্ৰেমীসকলৰ বাবে এটা সুখবৰ । এখন জনপ্ৰিয় অসমীয়া ছবিয়ে আপোনাক দিব অতীতৰ মাদকতা । ঘূৰি যাব পাৰিব 90 দশকলৈ ৷ "ডক্তৰ বেজবৰুৱা ২", "ককা দেউতাৰ হাতী আৰু নাতি ২" আদি চিকুৱেল নিৰ্মাণৰ পাচত পুনৰ এখন জনপ্ৰিয় ছবিৰ চিকুৱেল নিৰ্মাণৰ কথা ঘোষণা কৰা হৈছে ।

১৯৯৮ চনৰ এখন জনপ্ৰিয় ছবি হিচাপে পৰিগণিত হোৱা অসমীয়া ছবি "যৌৱনে আমনি কৰে" ৰ চিকুৱেল নিৰ্মাণৰ কথা ঘোষণা । একেই ৰোমাঞ্চ, একেই অভিনেতা-অভিনেত্ৰীৰ সহযোগিতাৰে আহি আছে ১৯ শতিকাৰ জনপ্ৰিয় অসমীয়া ছবি "যৌৱনে আমনি কৰে" ৷

দৰাচলতে ২০২৩ বৰ্ষত ২৫ টা সোণালী বৰ্ষ সম্পন্ন কৰিছিল অসমীয়া ছবি "যৌৱনে আমনি কৰে"। ছবিখনে ২৫ বছৰ সম্পূৰ্ণ কৰাৰ শুভক্ষণত ঘোষণা কৰা হয় ছবিখনৰ চিকুৱেল ৷ চিকুৱেল ঘোষণা পিছৰ পৰাই আৰম্ভ হয় ছবিখনৰ নিৰ্মাণৰ কাম ।

শেহতীয়াকৈ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত জ্যোতি চিত্ৰবনত অনুষ্ঠিত হয় ছবিখনৰ শুভ মহুৰত অনুষ্ঠান । জানিব পৰা মতে, ২৮ গৰাকী ন-প্ৰতিভাক লৈ লক্ষ্মী নাৰায়ণ ফিল্মচৰ বেনাৰত অশোক কুমাৰ বিষয়াৰ পৰিচালনাৰে নিৰ্মাণ কৰা হ'ব "যৌৱনে আমনি কৰে ২"।

উল্লেখ্য যে, ১৯৯৮ চনৰ এখন জনপ্ৰিয় ছবি হিচাপে পৰিগণিত হোৱা "যৌৱনে আমনি কৰে" অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে আছিল এক মাইলৰ খুঁটি । কাৰণ, যি সময়ত ছবিখনে মুক্তি লাভ কৰিছিল সেই সময়ত অসমীয়া ছবিৰ বাণিজ্যক অৱস্থা একেবাৰে বেয়া আছিল । এখনৰ পাচত আন এখন ছবিয়ে সেই সময়ত মুক্তি লাভ কৰিছিল যদিও ছবিসমূহে সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ।

সেই সময়তে মুক্তি লাভ কৰিছিল "যৌৱনে আমনি কৰে" ছবিখনে । ছবিখনৰ মুক্তিৰ পাচত ই বাণিজ্যিকভাৱে সফল হোৱাৰ উপৰিও সাংস্কৃতিক জগতত খলকনি সৃষ্টি কৰা পৰিলক্ষিত হয় । কেৱল মাত্ৰ ৭ টকাৰ পৰা ১৫ টকা পৰ্যন্ত টিকটৰ মূল্যৰে ছবিখনে এক আকৰ্ষণীয় উপাৰ্জন কৰিছিল ।

১৯৯৮ চনৰ ১২ জুনত মুক্তি লাভ কৰা এই ছবিখন চিনেমাগৃহত একেৰাহে ২৫ টা সপ্তাহলৈ চলিছিল আৰু প্ৰতিটো শ্ব’ আছিল হাউচফুল । অশোক কুমাৰ বিষয়াই পৰিচালনা কৰা "যৌৱনে আমনি কৰে" ছবিখন বৰ্তমান সময়তো দৰ্শকৰ অন্যতম এখন প্ৰিয় ছবি । ছবিখনৰ চিকুৱেলখনে আকৌ এবাৰ ৰেকৰ্ড কৰিব বুলি এতিয়া আশাবাদী ছবিখনৰ কলা-কুশলী তথা পৰিচালক ।

লগতে পঢ়ক : জনপ্ৰিয় চিৰিজ বিদুৰভাই এইবাৰ চাওক ডাঙৰ পৰ্দাত - bidurbhai release date

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.