ETV Bharat / entertainment

Main Atal Hoon ত কাৰ অভিনয়ে খলকনি লগাইছে ?

Main Atal Hoon X review: পংকজ ত্ৰিপাঠী অভিনীত Main Atal Hoon ছবিখনে শুকুৰবাৰে ছবিগৃহলৈ আহে । চলচ্চিত্ৰখনৰ মুক্তিৰ লগে লগে বহুতো ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ছবিখনৰ সন্দৰ্ভত তেওঁলোকৰ মতামত প্ৰকাশ কৰে । নেটিজেনসকলে ছবিখনৰ বিষয়ে কি ক’লে জানোচোন আহক-

author img

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 1:05 PM IST

Main Atal Hoon
পংকজ ত্ৰিপাঠীৰ অভিনয়ক প্ৰশংসা

চিটাৰা ডেস্ক, 20 জানুৱাৰী : ৰবি যাদৱৰ দ্বাৰা পৰিচালিত অতি প্ৰত্যাশিত চলচ্চিত্ৰ Main Atal Hoon য়ে শুকুৰবাৰে ১৯ জানুৱাৰীত ছবিগৃহত মুক্তি লাভ কৰে । পংকজ ত্ৰিপাঠী অভিনীত জীৱনীমূলক চলচ্চিত্ৰখনৰ প্ৰাৰম্ভিক পৰ্যালোচনা পৰ্যায়ত নেটিজেনসকলে ছবিখনত ত্ৰিপাঠীৰ অভিনয়ক যথেষ্ট প্ৰশংসা কৰিছে । 'স্ত্ৰী' খ্যাত অভিনেতাজনে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জীৱনৰ ওপৰত আধাৰিত বায়’পিকখনত শীৰ্ষ চৰিত্ৰত অভিনয় কৰিছে ।

এক্সত নেটিজেনসকলে ছবিখনৰ সন্দৰ্ভত নিজৰ সৎ মতামত প্ৰকাশ কৰিছে । দেশৰ কিংবদন্তি নেতাগৰাকীক লৈ নিৰ্মাণ কৰা চৰিত্ৰটো অভিনেতাগৰাকীয়ে চিত্ৰিত কৰাক লৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকল আচৰিত হৈ পৰিছিল । ছবিখনৰ সন্দৰ্ভত প্ৰশংসা কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে: "#পংকজত্ৰিপাঠী অভিনেতা পাৰ এক্সেলেন্স ৷" আন এজনে লিখিছে: "#MainAtalHoon সকলোৰে বাবে এখন চাবলগীয়া চিনেমা ।" ছবিখনৰ বিষয়ে আন এজন এক্স ইউজাৰে পোষ্ট কৰিছে- "#MainAtalHoonReview য়ে সকলোৰে হৃদয় জয় কৰিছিল ৷ অটল বিহাৰী বাজপেয়ীক পৰ্দাত চিত্ৰিত কৰাটো সহজ নহয় ৷"

বিস্ময়কৰ অভিনয়েৰে পুনৰবাৰ চলচ্চিত্ৰপ্ৰেমীক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হয় পংকজ ত্ৰিপাঠী । উপচি পৰা প্ৰশংসাবোৰৰ ভিতৰত এজন ব্যৱহাৰকাৰীয়ে লিখিছে- পংকজ ত্ৰিপাঠীক লৈ মই আচৰিত । তেওঁ অন্য সকলো অভিনেতাৰ বাবে নতুন মাপকাঠী স্থাপন কৰিছে৷ #MainAtalHoonReview।" আন এজনে Main Atal Hoon পংকজৰ কেৰিয়াৰৰ আজিলৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন বুলি অভিহিত কৰে ।

ৰবি যাদৱৰ দ্বাৰা পৰিচালিত Main Atal Hoon হৈছে বাজপেয়ীৰ জীৱন আৰু ৰাজনৈতিক কেৰিয়াৰ সম্পৰ্কে এখন জীৱনীমূলক নাটক ৷ এজন শ্ৰদ্ধেয় গণনেতা যি কেৱল এজন ৰাজনীতিবিদেই নহয়, এজন কবি, এজন ভদ্ৰলোকো আছিল আৰু চলচ্চিত্ৰখনে উপস্থাপন কৰাৰ দৰে, "এজন ৰাষ্ট্ৰনেতা ।" ১৩৭ মিনিটৰ চলচ্চিত্ৰখনে পাকিস্তানৰ সৈতে কাৰ্গিল যুদ্ধ আৰু পোখৰাণ পাৰমাণৱিক পৰীক্ষাকে ধৰি কিছুমান কঠিন সময়ৰ মাজেৰে আজিৰ ভাৰতক গঢ় দিয়াত বাজপেয়ীৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে ৷ ৰাজনীতিবিদজনৰ আৱৰণত ঢাক খাই থকা মানুহজনক অন্বেষণ কৰাৰ প্ৰয়াস এই ছবিখন ৷ ব্যক্তিগত সংগ্ৰামো প্ৰকাশ কৰে ছবিখনে আৰু পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সম্পৰ্কক লগতে তেওঁৰ কবিতা আৰু সাহিত্যৰ প্ৰতি থকা প্ৰেমো উদঙাই দিয়ে ।

  • WINNER!💯🫡
    Main Atal Hoon has ticked all the boxes. Be it music, story telling or acting. Everything is on point. #MainAtalHoonReview

    — Ankit Pandey (@AnkitPandeyIN) January 19, 2024 " class="align-text-top noRightClick twitterSection" data=" ">
  • The cinematography in #MainAtalHoonReview is exceptional, capturing the essence of Atal ji's life with precision. A visual treat that adds another layer to this cinematic marvel.

    — Kinjal Negi (@FanclubAlia__) January 19, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক : ভক্ষকৰ দৃষ্টি পৰিল কণ-কণ ছোৱালীৰ ওপৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.