ETV Bharat / entertainment

প্ৰাক্তন পত্নীৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল মহাভাৰতৰ কৃষ্ণৰ

author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 2:26 PM IST

Nitish Bhardwaj: মহাভাৰতত ভগৱান শ্ৰীকৃষ্ণৰ চৰিত্ৰত অভিনয় কৰি চৰ্চিত হৈছিল নীতিশ ভৰদ্বাজ । কিন্তু বহু বছৰ পিচত আকৌ তেওঁ বাতৰিৰ শিৰোনাম দখল কৰিছে ৷ অৱশ্যে এইবাৰ অভিনয়ৰ বাবে নহয়, ব্যক্তিগত জীৱনৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে ৷ প্ৰাক্তন পত্নীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে নীতিশ ভৰদ্বাজে ।

Mahabharat Krishna Nitish Bhardwaj Complaint Against ex Wife
প্ৰাক্তন পত্নীৰ অত্যাচাৰত অতিষ্ঠ শ্ৰীকৃষ্ণ

চিটাৰা ডেস্ক, ১৫ ফেব্ৰুৱাৰী: ৯০ ৰ দশকত পৰ্দাত ভগৱানৰ চৰিত্ৰত অভিনয় কৰি প্ৰতি ঘৰে ঘৰে নিজৰ স্থান বনোৱা বহু তাৰকা আছিল । সেয়া লাগিলে ৰামানন্দ সাগৰৰ ৰামায়ণেই হওক বা ৯০ দশকৰ জনপ্ৰিয় ধাৰাবাহিক মহাভাৰতেই হওক । মহাভাৰতত ভগৱান শ্ৰীকৃষ্ণৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ পৰিছিল নীতিশ ভৰদ্বাজে । আনকি বহুতে তেওঁক ভগৱান শ্ৰীকৃষ্ণ বুলি পূজাও কৰিবলৈ ধৰিছিল । অৱশ্যে এতিয়া পুনৰ বহু বছৰৰ পিচত চৰ্চালৈ আহিছে নীতিশ ভৰদ্বাজ ৷ কিন্তু এইবাৰ নিজৰ কৰ্মৰ বাবে নহয়, ব্যক্তিগত জীৱনৰ বাবে হে বাতৰিৰ শিৰোনাম দখল কৰিছে অভিনেতাগৰাকীয়ে ।

ঘটনাৰ বিৱৰণী অনুসৰি, অভিনেতা নীতিশ ভৰদ্বাজে আই এছ এছৰ বিষয়া স্মিতা গেটৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । কিন্তু বিয়াৰ পিচত তেওঁলোকৰ বিবাহিত জীৱনত বহু উত্থান-পতন ঘটিছিল । যাৰ বাবে দুয়োৱে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লয় আৰু ২০১৯ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয় ।

সম্পৰ্ক শেষ হ’ল যদিও আজিও শেষ হোৱা বিবাহৰ পৰা সম্পূৰ্ণৰূপে ওলাই আহিব পৰা নাই নীতিশ । পত্নীৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে নীতিশ ভৰদ্বাজে । তেওঁৰ প্ৰাক্তন পত্নী তথা আই এছ এছ বিষয়া স্মিতা গেটৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অভিনেতাগৰাকীয়ে ।

এক প্ৰতিবেদন অনুসৰি নীতিশ ভৰদ্বাজে ভুপাল আৰক্ষী আয়ুক্ত হৰিনাৰায়ণচাৰী মিশ্ৰলৈ মেইল ​​লিখি সহায় বিচাৰিছে । অভিনেতাজনে মেইলযোগে লিখিছে যে তেওঁৰ প্ৰাক্তন পত্নীয়ে তেওঁক মানসিকভাৱে অত্যাচাৰ কৰিছে । তেওঁৰ দুগৰাকী যমজ কন্যা আছে, যাক লগ কৰিবলৈও দিয়া হোৱা নাই । নীতিশৰ অভিযোগৰ পিচতেই উপায়ুক্তই বিষয়টোৰ তদন্তৰ নিৰ্দেশনা জাৰি কৰিছে । এই সমগ্ৰ বিষয়টোৰ দায়িত্ব অতিৰিক্ত ডিচিপি শলিনী দীক্ষিতক দিয়া হৈছে ।

এই কথা সদৰী কৰিছে খোদ উপায়ুক্ত হৰিনাৰায়ণচাৰী মিশ্ৰই । তেওঁ কয় যে নীতিশ ভৰদ্বাজৰ পৰা এজাহাৰ পোৱা গৈছে। এই বিষয়ত তদন্ত চলি আছে আৰু বিষয়টো বুজিবলৈ চেষ্টা কৰা হৈছে । উল্লেখ্য যে, টিভি ধাৰাবাহিক মহাভাৰতত শ্ৰীকৃষ্ণৰ চৰিত্ৰত অভিনয় কৰি নীতিশে খ্যাতি অৰ্জন কৰিছিল । সেয়েহে, আজিও তেওঁক ভগৱান শ্ৰীকৃষ্ণৰ ভূমিকাৰ বাবে স্মৰণ কৰা হয়।

লগতে পঢ়ক: মুক্তিৰ পূৰ্বেও সিদ্ধাৰ্থ মালহোত্ৰাৰ যোদ্ধাই ৰচিলে ইতিহাস, অনন্য শৈলীত পোষ্টাৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.