ETV Bharat / entertainment

দৌৰ অব্যাহত আছে  ‘লোকেল কুংফু 3’ ৰ - LOCAL KUNG FU 3

author img

By ETV Bharat Entertainment Team

Published : Sep 13, 2024, 6:04 PM IST

Local Kung Fu 3 : শেহতীয়াকৈ আহিছে আন এটা ভাল খবৰ । ‘লোকেল কুংফু 3’ এ মুক্তিৰ প্ৰথম সপ্তাহত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে 1.21 কোটি টকা ।

local kung fu 3 touches 1 crore mark at the box office in first week
লোকেল কুংফু 3 ৰ জয়যাত্ৰা (Photo: Instagram)

গুৱাহাটী, 13 ছেপ্টেম্বৰ : বিদুৰভাইৰ পাছত এতিয়া অভিলেখ গঢ়াৰ দৌৰত নতুন অসমীয়া ছবি ‘লোকেল কুংফু 3’ । বিগত সপ্তাহৰ 5 ছেপ্টেম্বৰত মুক্তি লাভ কৰা এই নতুন অসমীয়া ছবিখনৰ এসপ্তাহৰ মুঠ উপাৰ্জন 1.21 কোটি টকা । আনহাতে ছবিখনৰ মুক্তিৰ চাৰিদিনৰ মুঠ উপাৰ্জন আছিল 60.86 লাখ টকা ।

local kung fu 3 touches 1 crore mark at the box office in first week
দৌৰ অব্যাহত আছে ‘লোকেল কুংফু 3’ ৰ (Photo: Instagram)

সকলো বয়সৰ লোকে উপভোগ কৰিব পৰা ছবিখন 5 ছেপ্টেম্বৰত ৰাজ্যৰ লগতে নাহৰলগুণ, ইটানগৰ, শ্বিলং, ডিমাপুৰতো মুক্তি দিয়া হয় ৷ ইয়াৰ সমান্তৰালকৈ শেহতীয়াকৈ বাংগালুৰু আৰু নয়দাতো মুক্তি দিয়া হৈছে । ছবিখনৰ এই সফলতাত উৎসাহিত হৈ পৰিছে ছবিখনৰ পৰিচালক তথা সমূহ কলা-কুশলী । ছবিখনৰ এই সফলতা সন্দৰ্ভত ছবিখনৰ পৰিচালক কেনি বসুমতাৰীয়ে সকলো দৰ্শককে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে যি সকল দৰ্শকে ছবিখন দুই-তিনিবাৰ উপভোগ কৰিছে তেওঁলোকৰ কথাও উল্লেখ কৰে ৷

লগতে পঢ়ক : কেনি বসুমতাৰী নাৰিকলৰ দৰে, শ্বুটিংস্থলীত থাকে বন্ধুত্বপূৰ্ণ পৰিৱেশ - Kenny Basumatary Local kung fu 3

উল্লেখ্য যে, ‘লোকেল কুংফু 1’ আৰু ‘লোকেল কুংফু 2’ ৰ ধাৰাবাহিক সফলতাৰ পাছত ‘লোকেল কুংফু 3’ লৈ যে দৰ্শকে অধীৰ আগ্ৰহেৰে বাট চাই আছিল সেয়া প্ৰমাণ কৰিছে ছবিখনৰ মুঠ সংগ্ৰহে । ছবিখনত দৰ্শকে কমেডীৰ লগতে উপভোগ কৰিবলৈ পাইছে দুৰ্দান্ত একশ্যনো । শিক্ষক আৰু শিক্ষার্থীৰ মাজৰ সম্পর্কই এই ছবিখনৰ আটাইতকৈ গুৰুত্বপূর্ণ বিষয় ।

লোকেল কুংফু 1 ৰ জনপ্ৰিয় চৰিত্ৰসমূহ পুনৰ লোকেল কুংফু 3 ৰ জৰিয়তে দৰ্শকৰ মাজলৈ উভতি আহিছে ৷ ইয়াৰ লগতে অৰ্থাৎ পুৰণি চৰিত্ৰসমূহৰ উপৰিও ‘লোকেল কুংফু 3’ ত এইবাৰ চাৰ্লিৰ প্ৰেয়সীৰ চৰিত্ৰত ৰিম্পী দাস, দুলু আৰু তানসেনৰ বছৰ চৰিত্ৰত ৰোহন দাস, ছবিখনৰ নতুন খলনায়কৰ ৰূপত জাভেদ আখটাৰ আৰু ৰুবুল বড়োৰ অভিনয়ে দৰ্শক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

আনহাতে ‘লোকেল কুংফু 2’ ত মুখ্য খলনায়কৰ চৰিত্ৰত অভিনয় কৰাৰ পিছত এইবাৰ ‘লোকেল কুংফু 3’ ত এগৰাকী আদৰ্শ শিক্ষকৰ চৰিত্ৰত অভিনয় কৰিছে বিশিষ্ট অভিনেতা বিভূতি ভূষণ হাজৰিকাই । শিক্ষাৰ্থীৰ চৰিত্ৰত অভিনয় কৰিছে আদ্ৰিতা পৰশা মহন্ত আৰু নৱাগতা ফাৰেণ্যা কাশ্যপ আদিকে ধৰি কেবাগৰাকী শিশু শিল্পীয়ে । অসমীয়া ছবিৰ এই জয়যাত্ৰাই এতিয়া উৎফুল্লিত কৰি তুলিছে অসমীয়া ছবিপ্ৰেমী ৰাইজক ।

লগতে পঢ়ক : শিক্ষক দিৱসৰ দিনাই কিয় মুক্তি দিবলৈ লোৱা হৈছে লোকেল কুংফু 3 ? - LOCAL KUNG FU 3

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.