ETV Bharat / entertainment

শিক্ষক দিৱসৰ দিনাই কিয় মুক্তি দিবলৈ লোৱা হৈছে লোকেল কুংফু 3 ? - LOCAL KUNG FU 3

author img

By ETV Bharat Entertainment Team

Published : Sep 3, 2024, 11:13 AM IST

LOCAL KUNG FU 3 premiere show : কমেডীৰ লগতে দৰ্শকৰ বাবে প্ৰেম, ৰোমাঞ্চ, ট্ৰেজেডীৰ লগতে একশ্যনসহ সকলো স্বাদেৰে মনোৰঞ্জন দিবলৈ আহি আছে ‘‘লোকেল কুংফু 3’’ ৷

LOCAL KUNG FU 3
প্ৰিমিয়াৰ শ্ব’ (ETV Bharat Assam)

গুৱাহাটী, 3 ছেপ্টেম্বৰ : অহা 5 ছেপ্টেম্বৰত ছবিগৃহলৈ আহি আছে বহু প্ৰত্যাশিত অসমীয়া ছবি ‘‘লোকেল কংফু 3’’ । ‘‘লোকেল কুংফু 1’’ আৰু ‘‘লোকেল কুংফু ২’’ৰ ধাৰাবাহিক সফলতাৰ পাচত এইবাৰ ছবিগৃহলৈ আহি আছে কেনি বসুমতাৰীৰ পৰিচালনাৰে ‘‘লোকেল কুংফু 3’’ । ‘‘লোকেল কুংফু 1’’ৰ জনপ্ৰিয় চৰিত্ৰসমূহ পুনৰ ‘‘লোকেল কুংফু 3’’ৰ জৰিয়তে দৰ্শকে দেখিবলৈ পাব । কমেডীৰ লগতে একশ্যনৰ সম্ভাৰ লৈ আহি আছে ‘‘লোকেল কুংফু 3’’ ।

প্ৰিমিয়াৰ শ্ব’ ৰ পৰা কলা-কুশলীৰ মন্তব্য (ETV Bharat Assam)

‘‘লোকেল কুংফু 2’’ৰ মুক্তিৰ 8 বছৰৰ পিচত মুক্তি লাভ কৰিব এই নতুন অসমীয়া ছবি ‘‘লোকেল কুংফু 3’’য়ে । ছবিখনৰ মুক্তিৰ পূৰ্বে সোমবাৰে মহানগৰীৰ পাঞ্জাবাৰীস্থিত আইদেউ ছবিগৃহত অনুষ্ঠিত হয় ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ । প্ৰিমিয়াৰ শ্ব'ত সামাজিক আৰু সাংস্কৃতিক জগতৰ লগত জড়িত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে উপস্থিত থাকে ছবিখনত অভিনয় কৰা সমূহ কলা-কুশলী ।

লগতে পঢ়ক : লোকেল কুংফু 3 ৰ ট্ৰেইলাৰে উৎকণ্ঠিত কৰি তুলিছে অনুৰাগীক - LOCAL KUNG FU 3 TRAILER

লোকেল কুংফুৰ সংলাপ লিখা চি-চাৰ্ট পিন্ধি চাবলৈ যাব পাৰিব লোকেল কুংফু 3 - Local Kung Fu merchandise

সকলো বয়সৰ লোকে উপভোগ কৰিব পৰা ছবিখনত দৰ্শকে পাব কমেডীৰ লগতে একশ্যনো । পৰিচালকে জানিবলৈ দিয়া অনুসৰি শিক্ষক আৰু শিক্ষার্থীৰ মাজৰ সম্পর্কই হৈছে ছবিখনৰ আটাইতকৈ গুৰুত্বপূর্ণ বিষয় । লোকেল কুংফু 1 ৰ জনপ্ৰিয় চৰিত্ৰসমূহ পুনৰ লোকেল কুংফু 3 ৰ জৰিয়তে দৰ্শকৰ মাজলৈ উভতি আহিব ৷

পুৰণি চৰিত্ৰসমূহৰ উপৰিও ‘‘লোকেল কুংফু 3’’ত এইবাৰ চাৰ্লিৰ প্ৰেয়সীৰ চৰিত্ৰত ৰিম্পী দাস, দুলু আৰু তানসেনৰ বছৰ চৰিত্ৰত ৰোহন দাস, ছবিখনৰ নতুন খলনায়কৰ ৰূপত জাভেদ আখটাৰ আৰু ৰুবুল বড়োৰ অভিনয় দৰ্শকে দেখিবলৈ পাব । আনহাতে ‘‘লোকেল কুংফু 2’’ত মুখ্য খলনায়কৰ চৰিত্ৰত অভিনয় কৰাৰ পিচত এতিয়া ‘‘লোকেল কুংফু 3’’ত এগৰাকী আদৰ্শ শিক্ষকৰ চৰিত্ৰত অভিনয় কৰিছে বিশিষ্ট অভিনেতা বিভূতি ভূষণ হাজৰিকাই ।

শিক্ষাৰ্থীৰ চৰিত্ৰত অভিনয় কৰিছে আদ্ৰিতা পৰশা মহন্ত আৰু নৱাগতা ফাৰেণ্যা কাশ্যপ আদিকে ধৰি কেবাগৰাকী শিশু শিল্পীয়ে । অহা 5 ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ লগতে নাহৰলগুন, ইটানগৰ, শ্বিলং, ডিমাপুৰ আৰু 10 ছেপ্টেম্বৰৰ পৰা দেশৰ কেইবাখনো ৰাজ্যত মুক্তি লাভ কৰিব ছবিখনে ।

লগতে পঢ়ক : লোকেল কুংফু ৩-ৰ নতুন গীত মুকলি - Local Kung Fu

লোকেল কুং ফুৰ বঞ্জোক মনত আছে নে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.