ETV Bharat / entertainment

তোমাৰ সৈতে জীৱনটো ব্লকবাষ্টাৰ : মহেশ বাবুৰ জন্মদিনত কোনে ক’লে এইদৰে ? - Mahesh Babu birthday wishes

author img

By ETV Bharat Entertainment Team

Published : Aug 9, 2024, 3:23 PM IST

Mahesh Babu birthday: টলীউডৰ চুপাৰষ্টাৰ মহেশ বাবুৱে শুকুৰবাৰে 49 সংখ্যক জন্মদিন উদযাপন কৰিছে ৷ বিশেষ দিনটোত অভিনেতাজনে চাৰিওফালৰে পৰাই শুভেচ্ছাবাৰ্তা লাভ কৰিছে ৷ তাৰ মাজতে এগৰাকী বিশেষ ব্যক্তিয়ে তেওঁ উষ্মভাৱেৰে সামাজিক মাধ্যমত শুভেচ্ছা জনাইছে ৷ পোষ্টটো ইয়াত চাওক-

Life with You Is a Blockbuster: Namrata Shirodkar Shares Romantc Note on Mahesh Babu's Birthday
মহেশ বাবুৰ জন্মদিনত পত্নীৰ শুভেচ্ছা (IANS)

চিটাৰা ডেস্ক, 9 আগষ্ট : তেলুগু চুপাৰষ্টাৰ মহেশ বাবুৰ আজি জন্মদিন ৷ শুকুৰবাৰে জীৱনৰ আৰু এটা বছৰ সম্পূৰ্ণ কৰে তেওঁ । বিশেষ দিনটোত তেওঁৰ পত্নী তথা প্ৰাক্তন অভিনেত্ৰী নম্ৰতা শিৰোদকাৰে তেওঁৰ বাবে এটা ৰোমাণ্টিক পোষ্ট শ্বেয়াৰ কৰিছে । নম্ৰতাৰ সমান্তৰালকৈ তেওঁৰ পুত্ৰ গৌতম ঘাট্টামানেনী আৰু কন্যা সীতাৰা ঘাট্টামানেনীয়েও অভিনেতাজনক শুভেচ্ছা জনাই ফটো আপলোড কৰিছে ।

জন্মদিন উপলক্ষে নম্ৰতাই নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এটা আন্তৰিক টোকা লিখিছে । তেওঁৰ অফিচিয়েল একাউণ্টত তেওঁ লিখিছে "আন এটা বছৰ, তুমি যি ধৰণৰ আচৰিত মানুহ সেই কথা উদযাপন কৰাৰ আন এটা কাৰণ । তোমাৰ সৈতে জীৱনটো এটা ব্লকবাষ্টাৰ যি কেৱল উন্নত হৈ থাকে । জন্মদিনৰ শুভেচ্ছা থাকিল মোৰ ছুপাৰষ্টাৰ, মোৰ সংগী আৰু মোৰ প্ৰেম । আৰু বহুত কিবাকিবি আহিবলৈ বাকী আছে @urstrulymahesh" ৷ পত্নীয়ে অভিনেতাগৰাকীৰ একক ফটোও শ্বেয়াৰ কৰে ।

একেদৰে মহেশ বাবুৰ কন্যা সীতাৰাই অভিনেতাজনক তেওঁৰ 49 সংখ্যক জন্মদিনত শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে এখন সুন্দৰ পাৰিবাৰিক ফটো আপলোড কৰে । ছবিখনত চাৰিজনীয়া পৰিয়ালটোক এখন আইনাৰ সন্মুখত থিয় হৈ থকা দেখা গৈছে । ছবিখনৰ সৈতে সীতাৰাই এটা সুন্দৰ টোকা লিখিছে, "যিকোনো ব্যক্তিয়ে বিচৰা সৰ্বশ্ৰেষ্ঠ পিতৃ হোৱাৰ বাবে আপোনাক ধন্যবাদ ! শুভ জন্মদিন, নান্না তোমাক ভাল পাওঁ !"

একেদৰেই পুত্ৰ গৌতমেও ইনষ্টাগ্ৰামত নিজৰ ছুপাৰষ্টাৰ পিতৃক শুভেচ্ছা জনায় । পিতৃৰ ফটো আপলোড কৰি তেওঁ লিখিছে, "জন্মদিনৰ শুভেচ্ছা থাকিল, নান্না ! আপুনি কৰা সকলো কামতে আপুনি এগৰাকী ছুপাৰষ্টাৰ... আপোনাক আৰু আপোনাৰ বিস্ময়তাক আজি আৰু প্ৰতিদিনে উদযাপন কৰো !"

পেছাদাৰী ক্ষেত্ৰত, মহেশক বাণিজ্যিক মনোৰঞ্জনকাৰী গুন্টুৰ কাৰামত ডাঙৰ পৰ্দাত দেখা গৈছিল । ত্ৰিবিক্ৰম শ্ৰীনিবাসৰ দ্বাৰা পৰিচালিত ছবিখনত মহেশক একশ্যনধৰ্মী লুকত দেখা গৈছিল । পৰৱৰ্তী সময়ত তেওঁৰ হাতত এছ এছ ৰাজামৌলীৰ এছ এছ এম বি 29 শীৰ্ষক ছবিখন আছে । চলচ্চিত্ৰখন বৰ্তমান প্ৰি-প্ৰডাকচন চলি আছে আৰু চিত্ৰনাট্য প্ৰায় সাজু হৈ আছে ।

লগতে পঢ়ক :সামাজিক মাধ্যমত জাহ্নৱী-শিখৰৰ কাৰুকাৰ্যই জগাই তুলিছে প্ৰেম প্ৰেম ভাৱ - Shikhar Pahariya and Janhvi BTS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.