ETV Bharat / entertainment

অসমীয়া নাৰীয়ে প্ৰথমবাৰৰ বাবে অভিনয় কৰা ঐতিহাসিক মঞ্চখনৰ বিষয়ে জানেনে ? - DOOM DOOMA ASOMIYA NATYA MANDIR

author img

By ETV Bharat Entertainment Team

Published : Sep 14, 2024, 5:04 PM IST

Updated : Sep 14, 2024, 5:09 PM IST

Doom Dooma Natya Mandir : অসমত প্ৰথমবাৰৰ বাবে পুৰুষৰ লগতে মহিলাই অভিনয় কৰা প্ৰথমখন মঞ্চৰ বিষয়ে জানেনে আপুনি ? ১৯৩৩ চনত অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মাই সমাজক সংস্কাৰমুখী কৰিবলৈ এইখন মঞ্চতেই আৰম্ভ কৰিছিল সহ-অভিনয় ৷ সেই ঐতিহাসিক মঞ্চখনক লৈয়েই আজিৰ এই বিশেষ প্ৰতিবেদন ৷

ETV Bharat exclusive
ডুমডুমা অসমীয়া পূজা আৰু নাট্য মন্দিৰ (ETV Bharat Assam)

তিনিচুকীয়া, ১৪ ছেপ্টেম্বৰ : অভিনয় এনে এক শিল্পকলা যাৰ ওপৰত নানা ধৰণৰ সম্পৰীক্ষা আজিও বিশ্বজুৰি চলি আছে ৷ সেই অনুসৰি নিতৌ উদ্ভাৱন হৈয়েই আছে অভিনয়ৰ ন ন শৈলী, নতুন নতুন কৌশল ৷ কিন্তু এটা সময় আছিল যিটো সময়ত অসমত নাৰীয়ে অভিনয় কৰা কথাটো আছিল সপোনৰো অগোচৰ ৷ একপ্ৰকাৰ অস্পৃশ্য় ৷

অসমীয়া নাৰীয়ে প্ৰথমবাৰৰ বাবে অভিনয় কৰা ঐতিহাসিক মঞ্চখনৰ বিষয়ে জানেনে ? (ETV Bharat Assam)

সমাজৰ বাবে সেয়া যেন আছিল অস্পৃশ্যসদৃশ এক কথা ৷ তেনে সময়তে অসমৰ সমাজ জীৱনত চলি অহা এই এলান্ধুকলীয়া ভুল চিন্তা আঁতৰাই তিনিচুকীয়া জিলাৰ ডুমডুমা নাট্য মন্দিৰৰ মঞ্চত প্ৰথমবাৰৰ বাবে ভৰি দিছিল মহিলা শিল্পীয়ে ৷

উভতি যাও আহক ১৯৩৩ চনলৈ :

সাধাৰণতে অসমৰ প্ৰথম মহিলা অভিনেত্ৰী বুলি ক’লে সকলোৰে মনলৈ ৰূপকোঁৱৰৰ 'জয়মতী' ছবিখনত অভিনয় কৰা মূল অভিনেত্ৰী আইদেউ সন্দিকৈৰ কথাই মনলৈ আহে । কিন্তু আইদেউ সন্দিকৈ আছিল প্ৰকৃততে অসমীয়া চিনেমাত অভিনয় কৰা প্ৰথমগৰাকী অভিনেত্ৰী ৷ তেওঁৰ পূৰ্বেই সমাজৰ অন্ধবিশ্বাস ভাঙি ডুমডুমাৰ নাট্য মন্দিৰৰ মঞ্চত উঠিছিল ছগৰাকীকৈ অভিনেত্ৰী ৷

তিনিচুকীয়া জিলাৰ চাহ নগৰীখ্যাত ডুমডুমাত ১৯৩৩ চনত প্ৰথম মহিলাই অভিনয় কৰি ইতিহাস ৰচনা কৰে ৷ অসমত মহিলাক অভিনয় জগতত খোজ পেলাবলৈ সুবিধা দিয়া মঞ্চখন আছিল ঐতিহাসিক ডুমডুমা অসমীয়া পূজা আৰু নাট্য মন্দিৰ, যিয়ে ইতিমধ্যে শতবর্ষও অতিক্ৰম কৰিলে ।

কেনে আছিল ১৯৩৩ চনৰ আগতে অসমৰ নাট্যধাৰা :

১৯৩৩ চনৰ আগলৈকে অসমত মহিলা বা যুৱতীয়ে অভিনয় কৰিব নোৱাৰিছিল । মহিলা-যুৱতীয়ে অভিনয় কৰিলেই সমাজৰ পৰা সন্মুখীন হৈছিল হাজাৰ প্ৰত্যাহ্বানৰ । মহিলা বা যুৱতীৰ লগত অভিনয় কৰিবলৈ অসন্মত আছিল পুৰুষ অভিনেতাও । আইদেউ সন্দিকৈৰ পূৰ্বে ১৯৩৩ চনত অসমীয়া মহিলাই অভিনয় কৰিছিল নাটকত আৰু সেই ঐতিহ্যপূর্ণ নাট্যমন্দিৰটো হৈছে ডুমডুমা অসমীয়া পূজা আৰু নাট্য মন্দিৰ । এই নাট্য মন্দিৰটো প্ৰতিষ্ঠা হৈছিল ১৯০৪ চনত ।

উভতি যাও আহক ১০০ বছৰ আগলৈ :

প্ৰায় ১০০ বছৰৰো পূৰ্বৰ কথা । নামনি অসমৰ পৰা এচাম খিলঞ্জীয়া ব্যৱসায়ী ঢাপলি মেলি আহিছিল উজনিৰ ডুমডুমালৈ বিভিন্ন ব্যৱসায় কৰিবলৈ । সেই ব্যৱসায়ীসকলে ডুমডুমাত ব্যৱসায়ৰ সমান্তৰালভাৱে আৰম্ভ কৰিছিল পূজা-পাৰ্বণ বা বিভিন্ন মাংগলিক অনুষ্ঠানৰ । পৰৱৰ্তী সময়ত ১৯০৪ চনত স্থাপন কৰিছিল এটা পূজা মন্দিৰ । সেই পূজা মন্দিৰতে ডাঙৰকৈ দূৰ্গাপূজা অনুষ্ঠিত কৰিছিল আৰু পূজাৰ সময়ত মনোৰঞ্জনৰ বাবে সেই ঠাইতে অনুষ্ঠিত কৰিছিল নাটক ।

মন্দিৰৰ কাষতে এটা যুৰীয়া ঘৰ নিৰ্মাণ কৰি লৈছিল নাটক কৰিবৰ বাবে, যিটো আজিৰ দিনত ডুমডুমা নাট্য মন্দিৰ হিচাপে পৰিচিত । সেই মঞ্চতেই ১৯৩৩ চনত নটসৈনিক-অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মাই ৰচি গ’ল এক ইতিহাস । নটসৈনিক ব্ৰজনাথ শৰ্মাই নামনি অসমৰ লগতে নগাঁও, শিৱসাগৰ আৰু যোৰহাটৰ পৰা ৬ গৰাকীকৈ মহিলা-যুৱতী অভিনেত্রীক লৈ বিভিন্ন প্ৰান্তত নাট মঞ্চস্থ কৰিবলৈ বিচাৰিছিল যদিও অসমৰ কোনো ঠাইতে সমাজে দিয়া নাছিল অনুমতি ।

পৰৱৰ্তী সময়ত নটসৈনিক ব্ৰজনাথ শৰ্মাক ডুমডুমাবাসীয়ে আমন্ত্ৰণ জনালে নাট মঞ্চস্থ কৰিবলৈ ডুমডুমা নাট্য মন্দিৰলৈ । তাৰ পাছতে অসমত সহ-অভিনয়ৰ পাতনি মেলিবৰ বাবে কহিনুৰ অপেৰা পাৰ্টী খুলি অসমৰ বহু ঠাইত প্ৰত্যাহ্বানৰ সম্মুখীন হৈ বিভিন্ন ঘাট-প্রতিঘাট আৰু সামাজিক প্রত্যাহ্বান নেওচি ১৯৩৩ চনত ডুমডুমা নাট্য মন্দিৰত ব্ৰজনাথ শৰ্মাই নটসূৰ্য ফণী শৰ্মাক লগত লৈ আৰু ডুমডুমাৰ একাংশ সংস্কৃতিবান লোকক সাহস হিচাপে লৈ অসমৰ নাট্য আন্দোলনত নৱ সংযোজন কৰি সহ-অভিনয়েৰে ইতিহাস ৰচিলে । প্ৰথমবাৰৰ বাবে অসমত মহিলাই সহ-অভিনয় কৰা এই নাটখন আছিল “মৰাণ জীয়াৰী” । এই নাটখনৰ পিছৰে পৰাই লাহে লাহে পৰিৱেশটো সলনি হৈছিল আৰু ১৯৩৫ চনত জয়মতী বোলছবিত অভিনেত্ৰীৰ ৰূপত অভিনয় কৰিছিল আইদেউ সন্দিকৈয়ে ।

পোন প্ৰথমবাৰৰ বাবে সর্বেশ্বৰী দাস, গোলাপী দাস, ফুলেশ্বৰী দাস, বিনোদা গগৈ, লাবণ্য দাস আৰু শৈলবালা দেৱীয়ে সহ-অভিনয়ৰ সূচনা কৰে ডুমডুমাৰ এই ঐতিহাসিক মঞ্চখনত । নলবাৰীৰ কহিনুৰ অপেৰা পাৰ্টীৰ জৰিয়তে তেওঁলোকে অসমত প্ৰথমবাৰৰ বাবে মহিলা হিচাপে অভিনয় কৰিছিল আৰু ইয়াৰ পিছতেই ক্ৰমাৎ সলনি হৈ গৈছিল অসমৰ নাট্যধাৰাটোৱেই ।

মঞ্চতে কিয় বিয়া পাতিবলগীয়া হৈছিল নাট্যসম্ৰাট চন্দ্ৰ চৌধুৰীয়ে :

ইতিহাস ৰচনা হ'ল ঠিকেই, কিন্তু সমাজে প্ৰথমে সহজভাৱে লোৱা নাছিল মহিলাই অভিনয় কৰা সংস্কাৰমুখী এই নব্যধাৰাক ৷ মহিলা শিল্পীসকল অভিনয় কৰি ঘৰলৈ ওভতাৰ পিছত সন্মুখীন হৈছিল সমাজৰ ককৰ্থনাৰ। তেনে সময়তে কিন্তু সমাজক প্রত্যাহ্বান জনাইছিল নাট্যসম্ৰাট চন্দ্ৰ চৌধুৰীয়ে । অভিনয় কৰাৰ বাবে সমাজে গ্রহণ নকৰা বিনোদা গগৈক ডুমডুমা নাট্য মন্দিৰৰ মঞ্চতে বিয়া পাতি লৈছিল ৰাইজৰ সন্মুখত চন্দ্ৰ চৌধুৰীয়ে ।

আজিও প্ৰাণচঞ্চলা ডুমডুমা নাট্য মন্দিৰ :

বহু ইতিহাস বিজড়িত এই ডুমডুমা নাট্য মন্দিৰ আজিও প্ৰাণচঞ্চলা হৈয়ে আছে । ব্রজনাথ শৰ্মা, চন্দ্ৰ চৌধুৰীৰ পিছত এই নাট্য মন্দিৰলৈ আগমন ঘটিছিল সেই সময়ৰ বহু প্ৰতিষ্ঠিত শিল্পীৰ । তাৰ ভিতৰত অন্যতম আছিল নটসূর্য ফণী শৰ্মা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আদি । এই নাট্য মন্দিৰতে এইসকল মহান শিল্পীয়ে মঞ্চস্থ কৰিছিল বিভিন্ন নাটক । এনেকৈয়ে ডুমডুমা নাট্য মন্দিৰে ইতিহাস ৰচনা কৰিছিল ১৯৩৩ চনৰ সেই সময়ছোৱাত ।

এই ইতিহাসৰ চাই ক'ব পাৰি যে এটা সময়ত অভিনয় কৰিবলৈ অসমত মহিলাই যথেষ্ট প্রত্যাহ্বানৰ সন্মুখীন লগা হৈছিল । কিন্তু সেই প্রত্যাহ্বান ওফৰাই ব্ৰজনাথ শর্মাই সহ-অভিনয়েৰে অসমৰ নাট্য জগতত ইতিহাস ৰচনা কৰিছিল । শেহতীয়াকৈ এই ঐতিহাসিক নাট্য মন্দিৰটো আধুনীকিকৰণ কৰি দুখলপীয়াকৈ নিৰ্মাণকাৰ্য চলি আছে ।

ডুমডুমা অসমীয়া পূজা আৰু নাট্য মন্দিৰৰ পৰিচালনা সমিতিৰ সম্পাদক অৰূপজ্যোতি ডেকাসহিতে পৰিচালনা সমিতিৰ বিষয়ববীয়া, নাট্যকৰ্মী, সু-হৃদয়ৱান লোকসকলৰ তৎপৰতাত ইতিমধ্যে নৱনিৰ্মিত নাট্য মন্দিৰটো প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত । গতিকে আগন্তক দিনসমূহতো এই ঐতিহাসিক শতবৰ্ষ গৰকা নাট্য মন্দিৰটোৱে যাতে সমাজলৈ এক বিশেষ বাৰ্তা এৰি যাব পাৰে তাৰ চেষ্টা অব্যাহত ৰাখিছে নাট্যকৰ্মী তথা পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে ।

তাৰেই এক প্ৰচেষ্টা হিচাপে ১৫ ছেপ্টেম্বৰত অভিনয়াচাৰ্য ব্রজনাথ শৰ্মাৰ ১৩০ সংখ্যক জন্মজয়ন্তী উপলক্ষে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই ডুমডুমা নাট্য মন্দিৰ সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছে সেই ঐতিহাসিক মঞ্চতে নাট সন্ধিয়া ৷ ৰাজীৱলোচন বৰাৰ দ্বাৰা পৰিচালিত ‘শৰাইঘাট, হেংদাং আৰু লাচিত বৰফুকন’ নামেৰে এখন পূৰ্ণাংগ নাট মঞ্চস্থ কৰা হ’ব । নাটখনৰ ইতিমধ্যে চূড়ান্ত আখৰা সম্পন্ন কৰিছে প্ৰায় ৩০ গৰাকীতকৈ অধিক স্থানীয় ন-পুৰণি কলা-কুশলীয়ে ।

লগতে পঢ়ক : অসমত সহ-অভিনয়ৰ পাতনি মেলা ব্ৰজনাথ শৰ্মাৰ বিষয়ে জানেনে ? জাতিয়ে সুঁৱৰিলে অভিনয়াচাৰ্যক - Abhinayacharya Brajanath Sarma

Last Updated : Sep 14, 2024, 5:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.