ETV Bharat / entertainment

মুক্তি পালে ‘কুকি’ৰ টীজাৰ আৰু ট্ৰেইলাৰ - Kooki hindi movie

author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 11:00 AM IST

Assamese film Kooki : দেওবাৰে মুক্তি পালে আহিবলগীয়া নতুন হিন্দী ছবি ‘কুকি’ৰ টিজাৰ আৰু ট্ৰেইলাৰ । অহা ২৮ জুনত ৰাজ্যৰ লগতে দেশৰ ১০০ টা ছবিগৃহত মুক্তি লাভ কৰিব এই নতুন ছবিখন ।

Assamese film Kooki
মুক্তি পালে "কুকি"ৰ টীজাৰ আৰু ট্ৰেইলাৰ (ETV BHARAT ASSAM)

গুৱাহাটী, 10 জুন : আহিবলহীয়া নতুন ছবিসমূহৰ ভিতৰত শেহতীয়াকৈ এখন হিন্দী ছবিয়ে বিশেষভাৱে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে । এই নতুন হিন্দী ছবিখনৰ নাম হৈছে ‘কুকি’ । অসমৰ পটভূমিত নিৰ্মাণ কৰা এই হিন্দী ছবিখনৰ পৰিচালনা তথা ছবিখনত অভিনয় কৰিছে অসমৰ এদল শিল্পীয়ে ।

মুক্তি পালে ‘কুকি’ৰ টীজাৰ আৰু ট্ৰেইলাৰ (ETV BHARAT ASSAM)

দেওবাৰে মুক্তি দিয়া হয় এই নতুন ছবিখনৰ টীজাৰ আৰু ট্ৰেইলাৰ । মহানগৰীৰ চিটি চেণ্টাৰত অনুষ্ঠিত হয় টীজাৰ আৰু ট্ৰেইলাৰ মুকলি অনুষ্ঠান । এই অনুষ্ঠানত উপস্থিত থাকে প্ৰযোজক ড৹ জোনমণি দেৱী খাউণ্ড, পৰিচালক প্ৰণৱ জে ডেকা, অভিনেত্ৰী ৰিতিশা খাউণ্ড, চাউণ্ড ডিজাইন আৰু সংমিশ্ৰণৰ দায়িত্বত থকা অমৃত প্ৰীতমকে ধৰি ছবিখনৰ কলা-কুশলী ।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ এটি হৃদয়স্পৰ্শী কাহিনীৰ আধাৰত, এদল অসমীয়া অভিনেতা-অভিনেত্ৰীক লৈ নিৰ্মাণ কৰা হৈছে এখন হিন্দী ছবি ‘কুকি’ । নিৰি মিডিয়া অপিচি প্ৰাইভেট লিমিটেডৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখন পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত অসম সন্তান প্ৰণৱ জে ডেকাই আৰু প্ৰযোজনা কৰিছে ড৹ জোনমণি দেৱী খাউণ্ডে ।

অহা ২৮ জুনত মুক্তি লাভ কৰিবলগীয়া এই ছবিখন অসম তথা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ছবিগৃহতেই নহয়, বৰঞ্চ ইউৰোপ, আমেৰিকা আৰু কানাডাৰো কেইবাটাও ছবিগৃহত মুক্তি লাভ কৰিব । আনহাতে ছবিখনত অভিনয় কৰিছিল ৰিতিশা খাউণ্ড, ৰাজেশ টেইলাং, দীপান্বিতা শৰ্মা, ৰিতু, শিৱপুৰী, দেৱলীনা ভট্টাচাৰ্য, বোধিসত্ব শৰ্মা, কমল লোচন, বিভূতি ভূষণ হাজৰিকা, প্ৰীতি কংকনা, ৰঞ্জীৱ লাল বৰা, মনোজ বৰকটকী, মৃগেন্দ্ৰ নাৰায়ণ কোঁৱৰ আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

ছবিখনৰ দৃশ্যগ্ৰহণকাৰীৰ দায়িত্বত আছিল জ্ঞান গৌতম, সম্পাদনা কৰিছে ঝুলন কৃষ্ণ মহন্ত । আনহাতে, ছবিখনৰ সংগীতত কণ্ঠদান কৰিছে ক্ৰমে সুনিধি চৌহান, মহম্মদ ফেইজ, দিব্যা কুমাৰ আৰু কৃতিকা শৰ্মাই । সংগীত পৰিচালনা কৰিছে পল্লৱ তালুকদাৰ, সৌৰভ মহন্ত আৰু তপন দত্তই ।

লগতে পঢ়ক: অসম বা ভাৰততে নহয় বিদেশতো প্ৰদৰ্শিত "কুকি" - Kooki hindi movie

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.