ETV Bharat / entertainment

প্ৰাক্তন প্ৰেমিকাৰ গালত ৰাজহুৱা স্থানত চৰ ! কেনে অনুভৱ বাৰু প্ৰাক্তন প্ৰেমিকসহিতে পিতৃৰ - KANGANA RANAUT SLAPPED BY CISF

Kangana Ranaut Slap Row : নিৰ্বাচনৰ পিচতে কংগনাই চৰ খোৱা বাতৰিয়েহে গৰম কৰি ৰাখিছে সংবাদ মাধ্যম ৷ নৱ-নিৰ্বাচিত সাংসদগৰাকীক বিমানবন্দৰত এগৰাকী চিআইএছএফ কনিষ্টবলে শোধালে চৰ ৷ এই ঘটনাক লৈ প্ৰতিক্ৰিয়া দিছে বিভিন্নজনে ৷ শেহতীয়াকৈ শুনিবলৈ পোৱা গৈছে প্ৰাক্তন প্ৰেমিক অধ্যয়ন সুমন আৰু তেওঁৰ পিতৃৰ ভাষ্য-

author img

By ETV Bharat Entertainment Team

Published : Jun 8, 2024, 12:42 PM IST

KANGANA RANAUT SLAPPED BY CISF
ৰাজহুৱা স্থানত চৰ (etv bharat)

চিটাৰা ডেস্ক, 8 জুন : কংগনা ৰনৌত, লোকসভা নিৰ্বাচনৰ নৱ-নিৰ্বাচিত সাংসদ ৷ গ্লেমাৰ এৰি চিধা জপিয়াই পৰিল ৰাজনৈতিক জগতত ৷ ৰাজনীতিৰ ক্ষেত্ৰত যাত্ৰা আৰম্ভ কৰিছেহে মাথোঁ, গালত পৰিল এটা পূৰ্ণহতীয়া চৰ ! তাকো শোধালে কোনে ? খোদ নিৰাপত্তাৰক্ষীয়ে ৷ চণ্ডীগড় বিমানবন্দৰত ঘটিল এই ঘটনা ৷

সাংসদগৰাকী কিবা জৰুৰী কামত দিল্লীলৈ বুলি ওলাইছিল ৷ চণ্ডীগড় বিমানবন্দৰত বিমানত বহাৰ পূৰ্বে কৰা পৰীক্ষা-নিৰীক্ষাৰ অন্তত চিআইএছএফ কনিষ্টবল কুলবিন্দৰ কৌৰে কংগনাক চৰ মাৰি কৰিলে দীৰ্ঘদিনীয়া ক্ষোভৰ বহিঃপ্ৰকাশ ৷ এতিয়া এই ঘটনাটোৱে সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰিছে ৷

ভাইৰেল ভিডিঅ’ই মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰিছে ৷ একাংশই কৈছে নিৰাপত্তাৰক্ষীগৰাকীয়ে তেনেদৰে শাৰীৰিকভাৱে প্ৰহাৰ কৰিব নালাগিছিল, আন একাংশই আকৌ কৈছে সংগ্ৰামৰ মূল্য বুজি নোপোৱা মানুহৰ লগত এনেকুৱাই হ’ব লাগে ৷ কৃষকৰ প্ৰতিবাদৰ সময়ত কংগনাই পাঞ্জাৱৰ মহিলা কেইটকামান পাই এই প্ৰতিবাদত নামিছিল বুলি মন্তব্য কৰিছিল ৷ তেতিয়াৰে পৰাই ক্ষোভিত হৈ আছিল কুলবিন্দৰ কৌৰকে ধৰি বহু মহিলা ৷

লগতে পঢ়ক : অল আইজ অন ৰাফাহ গেঙলৈ কংগনা ৰনৌতৰ আহ্বান - who is Kulwinder Kaur

আনহাতে কংগনাই এই ঘটনাৰ পিচতে চলচ্চিত্ৰ উদ্যোগে মৌনতা অৱলম্বন কৰি এই ঘটনা উদযাপন কৰিছে বুলি অভিযোগ উত্থাপন কৰে ৷ কংগনাৰ এই অভিযোগৰ পাচতে কেবাগৰাকী তাৰকাৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে ৷ কিন্তু প্ৰাক্তন প্ৰেমিক আৰু তেওঁৰ পিতৃৰ ভাষ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ কিনো ক’লে তেওঁলোক দুয়োৱে জানো আহকচোন-

অধ্যয়ন সুমনৰ প্ৰতিক্ৰিয়া-

অধ্যয়ন সুমনে কংগনাই চৰ খোৱা প্ৰশ্ন প্ৰথমে এৰাই চলা দেখা গৈছিল ৷ কিন্তু তাৰ পিচত তেওঁ কয়, ‘‘সেই মহিলাগৰাকীয়ে নিজৰ ব্যক্তিগত খং ৰাজহুৱাভাৱে প্ৰকাশ কৰা উচিত নাছিল, সেইয়া ভুল ।’’ ইয়াৰ সমান্তৰালকৈ শেখৰ সুমনে কৈছে, ‘‘এইটো ভুল, তেওঁ এতিয়া সাংসদ, যিয়েই হ’ল ই গৰিহণাযোগ্য ৷ যদি কাৰোবাৰ বিৰোধিতা কৰিব বিচাৰে, তেন্তে তাৰ বেলেগ উপায়ো থাকিব পাৰে ৷ ৰাজহুৱা স্থানত এইটো ঠিক যেন নালাগে ।’’ শেহতীয়াকৈ অধ্যয়ন আৰু শেখৰক হীৰামণ্ডীত দেখা গৈছে ।

উল্লেখ্য যে, 6 জুনত হিমাচল প্ৰদেশৰ নিজৰ মণ্ডী আসনৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হৈ দিল্লীলৈ ৰাওনা হৈছিল কংগনা ৰনৌত আৰু চণ্ডীগড় বিমানবন্দৰত চি আই এছ এফৰ এগৰাকী মহিলা কনিষ্টবলে চৰ মাৰিছিল তেওঁক । মহিলা কনিষ্টবল কুলবিন্দৰ কৌৰে কয় যে ৰনৌতৰ বিতৰ্কিত মন্তব্যৰ বাবে এই চৰ মাৰে তেওঁ ।

লগতে পঢ়ক : কুলবিন্দৰ কৌৰলৈ মুকলি সমৰ্থন বিশাল দাদলানীৰ - CISF Woman Slapping Kangana Ranaut

কংগনাক প্ৰহাৰ কৰি নিশাৰ ভিতৰতে চৰ্চালৈ অহা কোন এই কুলবিন্দৰ কৌৰ ? - who is Kulwinder Kaur

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.