ETV Bharat / entertainment

জলছাৰ বাহিৰত জুম বন্ধা অনুৰাগীৰ মাজলৈ ওলাই আহিল বিগ বি - Amitabh Bachchan Greets Fans

author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 7:54 PM IST

Amitabh Bachchan Greets Fans: প্ৰতি দেওবাৰে নিজৰ মুম্বাইৰ বাসগৃহ জলছাৰ বাহিৰত অনুৰাগীৰ বৃহৎ সমাৱেশক সম্ভাষণ জনাই বলীউডৰ কিংবদন্তি অমিতাভ বচ্চনে । ৯ জুনত ৮১ বছৰীয়া অভিনেতাগৰাকীয়ে বগা হুডি আৰু ক’লা পেণ্ট পিন্ধি অনুৰাগীসকলক উষ্ম সম্ভাষণ জনাই আৰু তেওঁৰ উপস্থিতি দেখি অনুৰাগীসকল উল্লাসিত হৈ পৰে ৷

Kalki 2898 Star Amitabh Bachchan Continues Sunday Ritual of Greeting Fans at Jalsa - Watch
অমিতাভ বচ্চন (ANI)

চিটাৰা ডেস্ক, 10 জুন : প্ৰতি দেওবাৰে বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ মুম্বাইৰ বাসগৃহ জলছাৰ বাহিৰত অনুৰাগীৰ সাগৰ দেখিবলৈ পোৱা যায় । ৯ জুন, এই দেওবাৰৰ দিনটোও ব্যতিক্ৰম নাছিল, কিয়নো কিংবদন্তি অভিনেতাজন সেইদিনাও অন্য দেওবাৰৰ দৰে তেওঁৰ নিষ্ঠাৱান অনুগামীসকলক অভিবাদন জনাবলৈ ঘৰৰ পৰা ওলাই আহিছিল ৷ প্ৰিয় তাৰকাৰ এক আভাস পাবলৈ সমবেত হৈছিল বৃহৎ সংখ্যক লোক । দেওবাৰৰ শেহতীয়া দৰ্শনৰ বাবে, বচ্চনে ক'লা পেণ্টৰ সৈতে বগা হুডি পৰিধান কৰিছিল ।

অনুৰাগীক সম্ভাষণ অমিতাভ বচ্চনৰ (Video Source: ANI)

৮১ বছৰীয়া অভিনেতাজন বাহিৰলৈ ওলাই অহাৰ লগে লগে অনুৰাগীসকল আনন্দত আত্মহাৰা হৈ পৰে আৰু গোটেই পৰিৱেশটো হাত চাপৰিৰে উচ্ছ্বসিত হৈ পৰিল । হাত দুখন জোকাৰি বচ্চনে তেওঁৰ অনুৰাগীসকলক উষ্ম সম্ভাষণ জনায় ৷ এই সাপ্তাহিক অনুষ্ঠানটো চাৰি দশকতকৈও অধিক সময় ধৰি চলি অহা এক প্ৰিয় পৰম্পৰা, প্ৰতি দেওবাৰে শ শ অনুৰাগীয়ে মেগাষ্টাৰক লগ কৰিবলৈ জলছাৰ সন্মুখত আহি ভিৰ কৰেহি ।

বিগ বি-ৰ পেছাদাৰী জীৱনৰ কথা ক'বলৈ গ’লে, তেওঁ কেইবাটাও ৰোমাঞ্চকৰ প্ৰকল্পত ব্যস্ত হৈ আছে । তেওঁ নাগ অশ্বিনৰ দ্বাৰা পৰিচালিত উচ্চ প্ৰত্যাশিত চাই-ফাই থ্ৰিলাৰ, কাল্কি 2898 এডিৰ বাবে সাজু হৈছে । চলচ্চিত্ৰখনত প্ৰভাস, দীপিকা পাডুকন, কমল হাছান আৰু দিশা পাটানীকে ধৰি আকৰ্ষণীয় কলা-কুশলী আছে । ২০২৪ চনৰ ২৭ জুনত মুক্তিৰ বাবে নিৰ্ধাৰিত এই চলচ্চিত্ৰখন এক কাল্পনিক ভৱিষ্যত সভ্যতাৰ পটভূমিত নিৰ্মাণ কৰা হৈছে আৰু ভগৱান বিষ্ণুৰ দশম আৰু অন্তিম অৱতাৰ কল্কিৰ উপস্থাপন কৰা হৈছে । এই ৰোমাঞ্চকৰ চলচ্চিত্ৰ অভিযানৰ এক আভাসৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে অনুৰাগী ।

লগতে পঢ়ক : পাকিস্তানক পৰাস্ত কৰাৰ বাবে টীম ইণ্ডিয়াক অভিনন্দন চেলেব্ৰিটীৰ - T20 WORLD CUP 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.