ETV Bharat / entertainment

বিদেশত টিকটৰ অগ্ৰিম বিক্ৰীৰে অভিলেখ গঢ়িলে Kalki 2898 AD এ - Kalki Record Breaking Advance Sales

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 1:34 PM IST

Kalki Record Breaking Advance Sales: প্ৰভাস-দীপিকা-অমিতাভ বচ্চনৰ Kalki 2898 AD য়ে উত্তৰ আমেৰিকাত ৰেকৰ্ড-ব্ৰেকিং এডভান্স বিক্ৰীৰ সৈতে বক্স অফিচত জুই লগাইছে ৷

Kalki Record Breaking Advance Sales
অভিলেখ গঢ়িলে Kalki 2898 AD এ ((X account of Kalki 2898 AD))

চিটাৰা ডেস্ক, 25 জুন : বহু তাৰকাৰ সমাহাৰেৰ নিৰ্মিত ছবি কল্কি ২৮৯৮ এডিয়ে উত্তৰ আমেৰিকাৰ পৰা ব্যাপক সঁহাৰি লাভ কৰি বিশ্বজুৰি দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । ছবিখনৰ মুক্তিৰ তাৰিখ ওচৰ চাপি অহাৰ লগে লগে ছবিখনে বহু অভিলেখ ভাঙিবলৈ সক্ষম হৈছে ।

ছুপাৰষ্টাৰ প্ৰভাসৰ বিশ্বব্যাপী থকা জনপ্ৰিয়তাৰ বাবেই আন্তঃৰাষ্ট্ৰীয় বক্স অফিচত ঢৌৰ সৃষ্টি কৰিছে বহু প্ৰত্যাশিত ছবি কল্কি ২৮৯৮ এডিয়ে । নাগ অশ্বিনৰ পৰিচালনাত প্ৰভাসে ভৈৰৱৰ শিৰোনাম চৰিত্ৰত অভিনয় কৰিছে । শেহতীয়া তথ্য অনুসৰি ছবিখনে প্ৰথম দিনটোৰ বাবে আগতীয়া বিক্ৰী মুকলি কৰাৰ পৰিপ্ৰেক্ষিতত উত্তৰ আমেৰিকাত এই পৌৰাণিক চায়েন্স-ফিকশ্যন নাটকখনে ব্যাপক সঁহাৰি লাভ কৰিছে ৷

উত্তৰ আমেৰিকাত আগতীয়া বিক্ৰী আৰু প্ৰথম দিনৰ উপাৰ্জন আচৰিত ধৰণে ৩০ লাখ ডলাৰ (মুঠ) অৰ্জন কৰি অভিলেখ গঢ়া এইখনেই দ্ৰুততম ভাৰতীয় ছবি । টিকটৰ মূল্য বাঢ়ি থকাৰ পাচতো কল্কী ২৮৯৮ এডিৰ টিকট দ্ৰুতগতিত বিক্ৰী হৈ আছে । Sacnilk ৰ মতে, ভাৰতত মুক্তি দিয়াৰ দিনটোত কল্কি ২৮৯৮ এডিৰ ইতিমধ্যে ২.৭ লাখৰো অধিক টিকট বিক্ৰী হৈছে ।

লগতে পঢ়ক : Kalki 2898 AD ৰ মুক্তিৰ আগতে বিগ বিয়ে প্ৰভাসৰ অনুৰাগীসকলৰ পৰা ক্ষমা বিচাৰিছে ! - Kalki 2898AD release date

নাগ অশ্বিনে পৰিচালনা কৰা ছবিখনে বক্স অফিচত ভাল ফলাফল দেখুৱাব বুলি আশা কৰা হৈছে ৷ বিশেষকৈ তেলুগু ভাষা অধ্যুষিত অঞ্চলত প্ৰভাসক অন্যতম ডাঙৰ ছুপাৰষ্টাৰ হিচাপে গণ্য কৰাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়ালৈকে দক্ষিণৰ বজাৰসমূহ আগবাঢ়ি আছে ।

ট্ৰেড ৱেবছাইটে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি সোমবাৰে সমগ্ৰ দেশতে কল্কি ২৮৯৮ এডিৰ ২,৭৩,০৫৪ টিকট বিক্ৰী হয়, যাৰ ফলত বিক্ৰীৰ পূৰ্বে মুঠ ৰাজহ ১৫.৯২ কোটি টকা হয় । সমগ্ৰ দক্ষিণ ভাৰতৰ বজাৰখন এডভান্স বুকিঙৰ ক্ষেত্ৰত আগবাঢ়ি আছে ৷ উত্তৰ ভাৰততো অধিক সংখ্যক পৰ্দা প্ৰদৰ্শনৰ বাবে মুকলি হৈছে । তদুপৰি, প্ৰি-ৰিলিজ ইভেণ্টৰ পিচত এই সপ্তাহত কল্কি ২৮৯৮ এডিৰ প্ৰি-চেলছ কাৰ্যকলাপ যথেষ্ট বৃদ্ধি পাব ।

যোৱা সপ্তাহত অনুষ্ঠিত হোৱা দ্বিতীয়টো ট্ৰেইলাৰ আৰু প্ৰি-ৰিলিজ ইভেণ্ট সফলতাৰে হৈ যোৱাৰ পাচত ই যথেষ্ট ছবিখনক লৈ উত্তেজনা বৃদ্ধি কৰিলে ৷ আগতীয়াকৈ বুকিঙত এই কথা নিশ্চয়কৈ প্ৰতিফলিত হোৱাৰ সম্ভাৱনা আছে । অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে প্ৰভাস, দীপিকা পাডুকন, অমিতাভ বচ্চন, কমল হাছান, দিশা পাটানীক একেলগে চাবলৈ । প্ৰভাস অভিনীত ছবিখন ২৭ জুনত কেইবাটাও ভাষা আৰু বিভিন্ন ফৰ্মেটত (IMAX, 4DX, আৰু 3D) মুক্তি পাব ।

লগতে পঢ়ক : প্ৰভাস অভিনীত ছবিখনৰ আগতীয়া বিক্ৰীয়ে গঢ়িছে অভিলেখ - Kalki 2898 AD Advance Bookings

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.