ETV Bharat / entertainment

বান বিভীষিকা : অন্ধ্ৰ প্ৰদেশ সাহায্য পুঁজিলৈ অনুদান কল্কি 2898 এডিৰ নিৰ্মাতাৰ - Kalki makers donate Andhra flood

Andhra Pradesh Relief Fund : বান বিধ্বস্ত অন্ধ্ৰ প্ৰদেশ ৷ অন্ধ্ৰ প্ৰদেশৰ ৰাইজক কিছু সকাহ দিয়াৰ উদ্দেশ্যে কল্কি 2898 এডিৰ নিৰ্মাতাসকলে চন্দ্ৰবাবু নাইডু চৰকাৰলৈ 25 লাখ টকাৰ অনুদান আগবঢ়াইছে ।

Kalki 2898 AD makers donate Rs 25 lakh to Andhra Pradesh relief fund amid devastating floods
অন্ধ্ৰ প্ৰদেশ সাহায্য পুঁজিলৈ অনুদান (ETV Bharat and Movie Poster)
author img

By ETV Bharat Entertainment Team

Published : Sep 3, 2024, 1:40 PM IST

চিটাৰা ডেস্ক, 3 ছেপ্টেম্বৰ : অন্ধ্ৰ প্ৰদেশত বানপানীৰ বাবে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । প্ৰায় প্ৰতিটো ঘৰেই বানপানীৰ কবলত পৰিছে, যাৰ ফলত সাধাৰণ মানুহৰ জীৱন কষ্টকৰ হৈ পৰিছে । ৰাজ্যজুৰি বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । মানুহ এতিয়া ঘৰ-দুৱাৰ খালী কৰি চৰকাৰী আশ্ৰয় শিবিৰত থাকিবলৈ বাধ্য হৈ পৰিছে ।

অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানা দুয়োখন ৰাজ্যতে বানপানীয়ে সাধাৰণ জনতাৰ দৈনন্দিন জীৱন দুৰ্বিসহ কৰি তুলিছে । বিজয়ৱাড়াত পানী জমা হোৱাৰ বাবে স্তব্ধ হৈ পৰিছে যাতায়ত । এনে পৰিস্থিতিত অন্ধ্ৰ প্ৰদেশ চৰকাৰে মানুহৰ জীৱন সুচল কৰি তুলিবলৈ নিজৰ দায়িত্ব পালন কৰি আছে । এতিয়া দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাস অভিনীত ছবি কল্কি 2898 এডিৰ নিৰ্মাতাসকলে বানাক্ৰান্ত অন্ধ্ৰপ্ৰদেশ চৰকাৰলৈ সহায়ৰ হাত আগবঢ়াইছে ।

  • 25 লাখ টকা দান

কল্কি 2898 এডিৰ নিৰ্মাতা বৈজয়ন্তী মুভীজে তেওঁলোকৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰি বানাক্ৰান্ত অন্ধ্ৰপ্ৰদেশ চৰকাৰক 25 লাখ টকাৰ সাহায্য আগবঢ়াইছে বুলি জনাইছে । কল্কি 2898 এডিৰ নিৰ্মাতাসকলে লিখিছে, “আমি অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী মুক্তি পুঁজিত 25 লাখ টকাৰ সাহায্য প্ৰদান কৰিছো, এই ৰাজ্যই আমাক বহুত দিছে, আৰু কিবা এটা ঘূৰাই দিয়াটো আমাৰ কৰ্তব্য, আমি এই ধৰণে সমগ্ৰ দেশতে সহায়ৰ হাত আগবঢ়াব বিচাৰো, কাৰণ আমি একেলগে থিয় দিব লাগিব ।”

উল্লেখ্য যে, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু উপ-মুখ্যমন্ত্ৰী দক্ষিণৰ ছুপাৰষ্টাৰ পৱন কল্যাণ । পৱন কল্যাণ আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ মেগাষ্টাৰ চিৰঞ্জীৱীৰ সৈতে বহু ছবি নিৰ্মাণ কৰিছে বৈজয়ন্তী মুভিজে । 27 জুনত মুক্তি পোৱা প্ৰভাস, দীপিকা পাডুকন, অমিতাভ বচ্চন, কমল হাছান অভিনীত ছবি কল্কি 2898 এডিয়ে 1000 কোটি টকাৰো অধিক ব্যৱসায় কৰিছে ।

লগতে পঢ়ক : ৱায়ানাডৰ ভূমিস্খলন: 2 কোটি টকাৰ সাহায্য অভিনেতা প্ৰভাসৰ - Prabhas helps Wayanad victim

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.