ETV Bharat / entertainment

মনত পৰেনে জখলাবন্ধালৈ ? সেই যে দোকানে দোকানে বাজি থকা বিহুৰ কেছেটবোৰ... - CASSETTE CULTURE

এতিয়া ডিচেম্বৰ মাহ ৷ জানমনি, অঞ্জনা, মৰমজান, ৰাংঢালী, জোনবাই, গীতাঞ্জলীৰ বিহুৱে আমনি কৰাৰ সময় এয়া ৷

Cassette Memories
পুৰণি সেই বিহুৰ কেছেটে বাৰু আপোনাকো আমনি কৰেনে ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 12, 2024, 3:24 PM IST

কলিয়াবৰ : জখলাবন্ধা হৈছে এক বাণিজ্যিক কেন্দ্ৰ । চৌব্বিশ ঘণ্টাই গ্ৰাহকৰ বাবে মুকলি হৈ থাকে প্ৰায়বোৰ দোকান । দূৰণীবটীয়া যাত্ৰীবাহী বাছসমূহৰ যাত্ৰীৰ দিনে-নিশাই খাদ্য গ্ৰহণ কৰাৰ স্থান এয়া ।

সমান্তৰালকৈ ইয়াৰ হোটেলসমূহৰ কাষতে গঢ় লৈ উঠিছিল পাণ-তামোলৰ দোকান । যিসমূহ দোকান হোটেলৰ গ্ৰাহকৰ ওপৰত নিৰ্ভৰশীল আছিল । এই দোকানসমূহত নব্বৈৰ দশকৰ পৰা মনোৰঞ্জনৰ বাবে প্ৰায় চৌব্বিশ ঘণ্টাই অসমীয়া-হিন্দী গীতৰ কেছেট বাজিছিল ।

জনপ্ৰিয় বিহুগীতৰ কেছেট (ETV Bharat Assam)

এই দোকানসমূহৰ বেছিভাগতে তামোল-পাণ, চকলেট-টফী, চানা-ভূজিয়া-চীপ্‌চ উপলব্ধ হৈছিল ৷ লগতে জনপ্ৰিয় গীতৰ কেছেটো বিক্ৰী হৈছিল । সেই সময়ত বিহুৰ শ্ৰব্য কেছেটে জনপ্ৰিয়তাৰ সকলো অভিলেখ ভংগ কৰিছিল আৰু এই বিহুগীতৰ কেছেটসমূহৰ অন্যতম প্ৰাপ্তিস্থান আছিল জখলাবন্ধা ।

Cassette Memories
বিহুগীতৰ কেছেট (ETV Bharat Assam)

এটা সময়ত জখলাবন্ধাই কোনটো বিহুগীতৰ কেছেট জনপ্ৰিয় হ'ব, তাৰ মান নিৰূপন কৰিছিল । জখলাবন্ধাত যিটো বিহুগীতৰ কেছেট বিক্ৰী সৰ্বাধিক হয়, সেই কেছেটটো সমগ্ৰ অসমতে জনপ্ৰিয় হ'ব যে ই খাটাং । স্থানীয় বিহুবলিয়া লোকৰ লগতে জখলাবন্ধাৰ এই বিখ্যাত কেছেটৰ গ্ৰাহক আছিল উজনি-নামনিলৈ যাতায়ত কৰা দূৰণীবটীয়া বাছ আৰু ব্যক্তিগত বাহনৰ যাত্ৰীসকল ।

এই বিহু কেছেটসমূহ এন. কে. প্ৰডাক্সন, আৰ. এম. চি. মিউজিক, ৱেভ্, এ. এম. চি., সোণ প্ৰডাক্সন, পল্লবী এণ্টাৰপ্ৰাইজেছ, জে. ডি. প্ৰডাক্সন, এইচ. এম. ভি. চিম্ফনিৰ লগতে বহুকেইটা প্ৰযোজনা গোষ্ঠীয়ে প্ৰযোজনা কৰিছিল ।

লগতে পঢ়ক : নতুন বছৰত আহি আছে বীৰাংগনা সাধনী

তেনে এক সময়তে অসমৰ বিভিন্ন স্থানত বিহু প্ৰদৰ্শন কৰি বিশেষভাৱে স্বীকৃত কলিয়াবৰৰ তিনিগৰাকী জনপ্ৰিয় বিহুৱা ডেকা অচ্যুৎ শইকীয়া, দুষ্মন্ত হাজৰিকা আৰু প্ৰফুল্ল দাসে মিলি এক কেছেট প্ৰযোজনা গোষ্ঠী প্ৰতিষ্ঠা কৰিলে । তিনিওজন বিহুৱাৰ নামৰ ইংৰাজী আদি আখৰেৰে নামাকৰণ কৰা এ. ডি. পি. প্ৰডাক্সনে ১৯৯৭ চনত প্ৰথমবাৰলৈ 'গীতাঞ্জলী' নামৰ এটি বিহুগীতৰ কেছেট প্ৰযোজনা কৰি উলিয়াইছিল ।

পুৰণি বিহুনামৰ মাধুৰ্য হেৰ-ফেৰ নোহোৱাকৈ নতুনৰ সংমিশ্ৰণেৰে নিৰ্মাণ কৰি নগঞা বিহুৱা কৃষ্ণমণি নাথৰ কণ্ঠত উলিওৱা গীতসমূহে সমগ্ৰ অসমতে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হ'ল ।

এই গোষ্ঠীটোৰ জৰিয়তে বহুকেইজন স্থানীয় গীতিকাৰৰ জন্ম হ'ল ৷ বহু গায়ক-গায়িকা, পৰিচালকৰ ভাগ্যৰ দুৱাৰ মেল খালে । তিনি প্ৰযোজকৰ উপৰিও ৰবীন বৰা, মুকুন্দ তামুলীৰ দৰে কেইবাজনো গীতিকাৰে বহুকেইটা জনপ্ৰিয় বিহুৰ জন্ম দিলে । লগতে আধুনিক আৰু টোকাৰী-দিহানামৰ জৰিয়তেও পৰিচিতি লাভ কৰিলে ।

১৯৯৭ চনৰ পৰা ২০০১লৈকে 'গীতাঞ্জলী' বিহু কেছেটে জনপ্ৰিয়তা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিল । 'এ. ডি. পি. প্ৰডাক্সনে বিহুগীতৰ লগতে টোকাৰী, দিহানাম আৰু আধুনিক গীতৰ বহুকেইটা কেছেটো প্ৰযোজনা কৰিছিল । কিন্তু সময়ৰ গতিত সিও লুপ্ত হ'ল । এটা জনপ্ৰিয় শিল্পকৰ্ম নোহোৱা হ'ল ।

গায়ক-গায়িকা, গীতিকাৰ, বাদ্য বাদক, বাদ্যযন্ত্ৰী, কেছেট বিক্ৰেতা, প্ৰযোজক আদিৰ উপাৰ্জনৰ পথ এটা নোহোৱা হ'ল বুলি আক্ষেপ প্ৰকাশ কৰিলে এই প্ৰযোজনা গোষ্ঠীৰ অন্যতম প্ৰযোজক অচ্যুত শইকীয়াই ।

লগতে পঢ়ক : 27 বছৰৰ পিছত আকৌ আহি আছে "টাইটানিক"

এটা সময়ত বিহুৰ কেছেটৰ স্থান ল'লে চি ডি আৰু পৰৱৰ্তী পৰ্যায়ত ভি চি ডিয়ে সীমাহীন জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল । বিহুগীতসমৃদ্ধ এই ভি চি ডিবোৰ জনপ্ৰিয় হোৱাৰ অন্যতম কাৰণ আছিল বিহুনাচৰ লগতে সেই গীতসমূহক কেন্দ্ৰ কৰি অসমীয়া জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ অভিনয়ৰে এখন চুটি ছবি উপভোগ কৰিবলৈ পোৱা সুবিধা ।

পিছে এই ভি চি ডিও এতিয়া অতীত হ'ল । বৰ্তমান সময়ত পূৰ্বৰ সেই বিহু শুনিবলৈ নোপোৱা হ'ল । দুই-এটা বিহু ইউ টিউব বা আন প্লেটফৰ্মৰ যোগেদি প্ৰচাৰ হয় যদিও পূৰ্বৰ জনপ্ৰিয়তা নাই ।

এটা সময় আছিল, য'ত বিহুৰ জাননী বসন্তৰ কুলি-কেতেকীয়ে দিয়াৰ আগেয়ে দিছিল বিহু কেছেটে । সিও আঘোণ-পুহ মাহৰ শীত কালত । ডিচেম্বৰ মাহৰ প্ৰথম দিনটোৰ পৰাই বিহু কেছেটসমূহ মুক্তি দিয়াৰ পৰ্ব আৰম্ভ কৰিছিল । ইয়াৰ কাৰণ আছিল দুটা –

  • এটা হ'ল, বিহু প্ৰযোজক গোষ্ঠীসমূহে নিজৰ লাভৰ বাবে বহু আগেয়ে বিহুৰ কেছেটৰ মুক্তি দিছিল, যাৰ বাবে কিছু গোষ্ঠীৰ সমস্যা হৈছিল । সেয়েহে, এটা নিৰ্দিষ্ট দিন ঠিক কৰিছিল যাতে সকলোৱে তাৰ বাবে পূৰ্বৰে পৰা সাজু হ'ব পাৰে ।
  • দ্বিতীয়টো হ'ল, ডিচেম্বৰ মাহৰ পৰা অসমত পিকনিক পৰ্ব আৰম্ভ হয় । এই পিকনিকৰ সময়ত নতুন গীতৰ তালে-তালে নচাৰ এক আকাংক্ষা বনভোজ দলৰ লোকসকলৰ মাজত দেখা যায় । অসমীয়া যেতিয়া বনভোজত নাচিবলৈ বিহুতকৈ আৰু কি উপযুক্ত হ'ব পাৰে ! ফলস্বৰূপে বনভোজৰ সময়ত এই কেছেটসমূহ মুক্তি দিয়াৰ ফলত বনভোজস্থলীত বিহুগীতৰ বিপণন অতি সহজতে হয় । ফলত বিহু কেছেটসমূহৰ বিক্ৰী বৃদ্ধি পায় ।

জখলাবন্ধাত ডিচেম্বৰ মাহত দিনে-নিশাই নতুনকৈ মুক্তি দিয়া বিহুগীতসমূহ বাজি উঠিছিল । ডিচেম্বৰ মহাটোত কোনে আগতে বিহু কেছেট মুক্তি দি জনপ্ৰিয়তা লাভ কৰি ব্যৱসায়িকভাৱেও লাভৱান্বিত হয় তাৰ প্ৰতিযোগিতাত নামি পৰিছিল । এতিয়া আৰু জখলাবন্ধাত নাবাজে দেহ-মন আলোড়িত কৰা সেই বিহুগীতৰ কেছেট । বছৰ পূৰ্বে এই ডিচেম্বৰ মাহতে উন্মোচন হৈছিল বহু বিহুগীতৰ কেছেট, ভি চি ডি ।

কলিয়াবৰৰ জখলাবন্ধাতে উপলব্ধ হৈছিল বিহুগীতৰ কেছেট । কিন্তু যান্ত্ৰিকতাৰ ধামখুমীয়াত হেৰাই গ’ল সেই মধুৰ সময় । উপেক্ষিত হৈ যেন ৰ’ল ডিচেম্বৰ । বহু জনপ্ৰিয় বিহু আৰু বিহুসুৰীয়া গীতৰ ভি চি ডিৰ শ্বুটিং হৈছিল কলিয়াবৰত । সেই মধুৰ স্মৃতি ৰোমন্থন কৰি পুৰণি কেছেট কেইটাকে বুকুতে সাৱটি আজিও নষ্টালজিক হৈ উঠে কলিয়াবৰৰ বহু সাংস্কৃতিবান ব্যক্তি ।

লগতে পঢ়ক : মুম্বাইৰ পৃথ্বী থিয়েটাৰত "চন্দ্ৰনখা": অসমলৈ আহিল চাৰিটাকৈ বঁটা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.