ETV Bharat / entertainment

প'ষ্টাৰতে লাগিল কেনা : নাট্যবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত যতীন বৰা - Jatin Bora controversy

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 10:43 PM IST

Itihash theatre controversy: পুনৰ বিতৰ্কত জনপ্ৰিয় অভিনেতা যতীন বৰা । সামাজিক মাধ্যমত তুলাধূনা নেটিজেনৰ । ৬ টা বছৰ বিৰতিৰ অন্তত ভ্ৰাম্যমাণৰ মঞ্চত খলকনি তুলিবলৈ সাজু হোৱা অভিনেতাগৰাকী আৰম্ভণিতে সন্মুখীন হৈছে বিতৰ্কৰ । লাচিত বৰফুকনক অপমান কৰাৰ অভিযোগ অভিনেতাগৰাকীৰ বিৰুদ্ধে ।

Itihash theatre controversy
নাট্যবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত যতীন বৰা (Facebook)

নিউজ ডেস্ক,৩ জুলাই: আকৌ সমালোচনাৰ সন্মুখীন যতীন বৰা । এখন বিশেষ প'ষ্টাৰক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে জনপ্ৰিয় অভিনেতা যতীন বৰা । সামাজিক মাধ্যমত যতীন বৰাৰ বিৰুদ্ধে নেটিজেনে উত্থাপন কৰিলে বীৰ লাচিত বৰফুকনক অপমান কৰাৰ অভিযোগ । সামাজিক মাধ্যমত অভিনেতাগৰাকীক উদ্দেশ্যি কটু মন্তব্য বিভিন্নজনৰ ।

দৰাচলতে প্ৰায় ৬ বছৰ বিৰতিৰ অন্তত ২০২৪-২৫ নাট্যবৰ্ষৰ বাবে অসমৰ অন্যতম আগশাৰীৰ নাট্যদল 'ইতিহাস থিয়েটাৰ' ৰ সৈতে চুক্তিবদ্ধ হৈছে "নায়ক"খ্যাত যতীন বৰা । নাট্যদলটিয়ে আগন্তুক নাট্যবৰ্ষত 'মহাৰাজ', 'জুয়ে পোৰা মানুহ' আৰু 'মহাবীৰ লাচিত' এই তিনিখন নাটকেৰে যাত্ৰা কৰাৰ বাবে প্ৰস্তুতি তুংগত তুলিছে । ইয়াৰ মাজতে 'মহাবীৰ লাচিত' নাটখনৰ এখনি প'ষ্টাৰক কেন্দ্ৰ কৰি বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰে জনপ্ৰিয় অভিনেতা যতীন বৰা ।

সমালোচনা অনুসৰি প'ষ্টাৰখনত বীৰ লাচিত বৰফুকনৰ চৰিত্ৰত অভিনয় কৰিবলৈ আগবঢ়া যতীন বৰাৰ পোচাক তথা সাজ-সজ্জাত যথেষ্ঠ বিভ্ৰান্তি আছে । প'ষ্টাৰখনত লাচিত বৰফুকনৰূপী যতীন বৰাই মূৰত মৰাপাটৰ বস্তাৰ টুপী, হাতত গামখাৰু, ডিঙিত ঢোলবিৰি পৰিধান কৰিছে । সেয়েহে আহোম পুৰুষে মূৰত টোমৰ দৰে টুপী পৰিধান কৰাৰ বিপৰীতে ফাচুহে পৰিধান কৰে বুলি উল্লেখ কৰি হাতত গামখাৰু , ডিঙিত ঢোলবিৰি পিন্ধিহে লাচিতে শৰাইঘাটলৈ গৈছিল নেকি বুলি বহুজনে প্ৰশ্ন উত্থাপন কৰে ।

ইফালে আহোমসকলৰ ইতিহাস তথা বীৰ লাচিত বৰফুকনৰ ইতিহাস নজনাকৈ কেনেকৈ তেওঁৰ চৰিত্ৰ ৰূপায়ন কৰিবলৈ মনস্থ কৰিলে বুলিও সামাজিক মাধ্যমত বহুজনে প্ৰশ্ন উত্থাপন কৰিছে । আনহাতে আন একাংশ অনুৰাগীয়ে এনে প'ষ্টাৰৰ জৰিয়তে অভিনেতাগৰাকীৰ অভিনয় জীৱনত প্ৰভাৱ পেলাব পাৰে বুলি উল্লেখ কৰি সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনায় । আন একাংশই আকৌ অভিনেতাগৰাকীক সমালোচনা কৰাৰ বিপৰীতে সাজ-সজ্জাৰ দায়িত্বত থকাসকললৈ আঙুলি টোৱাইছে ।

মুঠতে "ৰাঘৱ"ৰ পাচতে পুনৰ এবাৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে অসমৰ অভিনয় জগতত অগাধ দখল থকা অভিনেতাগৰাকী । ইফালে নাটখনৰ নাট্যকাৰ অভিজিত ভট্টাচাৰ্যকো সমালোচনাৰ লক্ষ্য কৰি লয় সামাজিক মাধ্যমত । একাংশৰ মতে ব্যৱসায়িক সফলতা, মুনাফা, তথা সহজতে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ খোজা 'কপিজিত' হিচাপে দুৰ্নাম থকা নাট্যকাৰ তথা পৰিচালক অভিজিত ভট্টাচাৰ্যই এনে যিকোনো কাম কৰিব পাৰে ।

আনহাতে এই সন্দৰ্ভত অভিনেতা যতীন বৰাই ফেচবুকযোগে বুধবাৰে নিশা প্ৰকাশ কৰে প্ৰতিক্ৰিয়া । তেওঁ কয় "নমস্কাৰ- মই যতীন বৰা।

ইতিহাস থিয়েটাৰৰ ২০২৪-২৫ নাট্যবৰ্ষৰ নিবেদন "মহাবীৰ লাচিত'ৰ ছচিয়েল মিডিয়া যোগে প্ৰকাশিত এখন পোষ্টাৰত লাচিত বৰফুকনৰ বেশভূষা আৰু সাজসজ্জাক লৈ ভিন্নজনে ভিন্ন মত প্ৰকাশ কৰিছে। আটাইৰে মত প্ৰকাশৰ স্বাধীনতালৈ সন্মান জনাই এই সম্পৰ্কে সবিশেষ বক্তব্য কাইলৈ সংবাদ মাধ্যম যোগে অসমৰ ৰাইজক অৱগত কৰা হব। আশা কৰিছোঁ- নতুন প্ৰজন্মৰ মাজত মহাবীৰগৰাকীৰ ত্যাগ আৰু বীৰত্বৰ কাহিনীক প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ লক্ষ্যৰে ইতিহাস থিয়েটাৰে গ্ৰহণ কৰা এই মহৎ প্ৰয়াসক আটায়ে আন্তৰিকতাৰে গ্ৰহণ কৰিব।

প্ৰতিজন অসমবাসীৰ দিহা-পৰামৰ্শ আৰু স্নেহেই হব আমাৰ আগবাঢ়ি যোৱাৰ সাৰথি।"

লগতে পঢ়ক: Jatin Bora: ২০২৪-২৫ নাট্যবৰ্ষত ইতিহাস থিয়েটাৰৰ মঞ্চত দেখা যাব যতীন বৰাক

ন্যায়-অন্যায়ৰ উত্তৰ বিচাৰি যতীন বৰাই মাৰিব অগ্নিবাণ - AGNIBAAN

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.