ETV Bharat / entertainment

অনন্ত-ৰাধিকাৰ বিয়াত কমলা লেহেংগাত কাৰ হিয়া জুৰালে জাহ্নৱীয়ে - Anant Radhika Wedding

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 12:20 PM IST

Anant Radhika Wedding: বুধবাৰে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টে আয়োজন কৰে মামেৰু অনুষ্ঠানৰ, য’ত বি-টাউনৰ ঘনিষ্ঠ বন্ধুসকলে অংশগ্ৰহণ কৰে । এই বিশেষ অনুষ্ঠানটোত জাহ্নৱী, শিখৰ, মানুষী চিল্লাৰ আৰু অৰী উপস্থিত থাকে ।

Janhvi Kapoor Stuns in Orange Lehenga at Anant- Radhika's Mameru, Accompanied by Rumoured Beau Shikhar Paharia - Watch
অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়া (ANI)

চিটাৰা ডেস্ক, 4 জুলাই : অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহৰ পূৰ্বৰ উৎসৱ ৩ জুলাইত অনুষ্ঠিত কৰা মামেৰু অনুষ্ঠানৰ জৰিয়তে আৰম্ভ হয় । বলীউডৰ তাৰকাসকলে এন্টিলিয়াত উপস্থিত হৈ অনন্ত আৰু ৰাধিকাৰ নতুন জীৱনৰ আৰম্ভণিৰ বাবে শুভকামনা যাচে । পৰম্পৰাগত সাজ পিন্ধি মামেৰু অনুষ্ঠানলৈ অহা জাহ্নৱী কাপুৰৰ মোহনীয় ৰূপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ পিছে প্ৰেমৰ বাতৰিৰে চৰ্চাত থকা শিখৰ পাহাৰিয়াৰ সৈতেহে দেখা গ’ল জাহ্নৱীক ৷

পাপাৰাজ্জীয়ে পোষ্ট কৰা এটা ভাইৰেল ভিডিঅ’ত, জাহ্নৱী আৰু শিখৰক একেলগে তেওঁলোকৰ গাড়ীৰ পৰা নামি অহা দেখা গৈছে । এম্ব্ৰইডাৰী কৰা শ্লীভলেছ ব্লাউজ, কমলা ৰঙৰ লেহেংগা আৰু একেই ৰঙৰ দোপাট্টাৰ সৈতে আকৰ্ষণীয় ৰূপত জাহ্নৱীক দেখা গৈছে ৷ শিখৰে পিন্ধিছিল বগা পায়জামা আৰু নীলা কুৰ্তাৰ সৈতে ক'লা জোতা ৷ ভিডিঅ'টোত, অনন্ত আৰু ৰাধিকাক লগ কৰিবলৈ হাঁহি হাঁহি শিখৰ আৰু জাহ্নৱী সোমাই যোৱা দেখা গৈছে ।

লগতে পঢ়ক : আম্বানী-মাৰ্চেণ্টৰ মিলন হ’ব চিৰযুগমীয়া: দুটাকৈ প্ৰি-ৱেডিঙৰ পিচত তিনিদিনীয়া বিয়া - Anant Radhika Wedding

এই অনুষ্ঠানত সমগ্ৰ আম্বানী পৰিয়ালৰ উপৰিও ৰাধিকাৰ ছবি জগতৰ বন্ধু-বান্ধৱীকো দেখা গ’ল । অৰীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এই অনুষ্ঠানৰ ধাৰাবাহিক ছবি ষ্ট’ৰীত দিয়ে । জাহ্নৱীৰ ফটো এখন ষ্ট’ৰীত লগাই অৰীয়ে তেওঁৰ সৌন্দৰ্যৰ প্ৰশংসা কৰে ৷ এই অনুষ্ঠানত মানুষী চিল্লাৰো উপস্থিত থাকে । কমলা (tangerine) ৰঙৰ শাৰী পিন্ধা প্ৰাক্তন মিছ ৱৰ্ল্ডগৰাকীক উজ্জ্বল ৰূপত দেখা গ’ল ।

বিশেষ অনুষ্ঠান মামেৰুৰ বাবে হ’বলগীয়া কইনা ৰাধিকাই থীম অনুসৰি বাছি লৈছিল বহুৰঙী লেহেংগা । সূক্ষ্ম মেক-আপ আৰু সোণৰ গহনাই ৰূপটো সম্পূৰ্ণ কৰি তুলিছে ৰাধিকাৰ । মামেৰু গুজৰাটী পৰম্পৰাৰ বিবাহৰ পূৰ্বৰ এক গুৰুত্বপূৰ্ণ প্ৰথা । এই অনুষ্ঠানৰ সময়ত কইনাৰ ওচৰলৈ মাতৃৰ ফালৰ খুৰা বা মোমায়েকে উপহাৰ আৰু মিঠাই লৈ যায় । সাধাৰণতে উপহাৰত পানেতাৰ শাৰী, গহনা, খাৰু আৰু বিভিন্ন ধৰণৰ মিঠাই আৰু ড্ৰাই ফ্ৰুটছেৰে ভৰা ট্ৰে এখন থাকে ।

ৰাধিকা মাৰ্চেণ্ট আৰু অনন্ত আম্বানী ১২ জুলাইত বিবাহপাশত আৱদ্ধ হ'ব । এন.এম.এ.চি.চি. য'ত 2000 ৰো অধিক লোক একে স্থানতে বহিব পাৰে, তাত 5 জুলাইত অনন্ত-ৰাধিকাৰ আড়ম্বৰপূৰ্ণ সংগীত অনুষ্ঠান আয়োজন কৰা হ’ব বুলি উৰাবাতৰি প্ৰকাশ পাইছে ।

লগতে পঢ়ক : অনন্ত-ৰাধিকাৰ বিবাহৰ সন্ধিয়া হৈ উঠিব আকৰ্ষণীয়: উপস্থিত থাকিব আন্তঃৰাষ্ট্ৰীয় কণ্ঠশিল্পী জাষ্টিন বিবাৰ - Justin Bieber

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.