ETV Bharat / entertainment

অনুৰাগীলৈ ইষ্টাৰৰ শুভেচ্ছা জেকলিন ফাৰ্ণাণ্ডেজেৰ, চাওক বিশেষ ফটো - Jacqueliene Fernandez Easter

author img

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 5:19 PM IST

Jacqueliene Fernandez Easter: আজি ইষ্টাৰ ৷ ইষ্টাৰৰ উপলক্ষে বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজে অনুৰাগীসকলক শুভেচ্ছা জ্ঞাপন কৰিছে ৷

Jacqueliene Fernandez Easter
অনুৰাগীলৈ ইষ্টাৰৰ শুভেচ্ছা জেকলিন ফাৰ্ণাণ্ডেজেৰ, চাওক বিশেষ ফটো

নেশ্যনেল ডেস্ক, 31 মাৰ্চ : বলীউডৰ মোহময়ী তাৰকা জেকলিন ফাৰ্ণাণ্ডেজ সততে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ দেওবাৰে অভিনেত্ৰীগৰাকীয়ে 31 মাৰ্চত ইষ্টাৰ উদযাপন কৰিছে ৷ তেওঁ ইষ্টাৰৰ ফটো তেওঁৰ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে । এক সুন্দৰ ফটোৰে অভিনেত্ৰীগৰাকীয়ে অনুৰাগীসকলকো শুভেচ্ছা জনায় ৷

'ৱেলকাম ৩' অভিনীত জেকলিনে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰামৰ একাউণ্টত ইষ্টাৰ উদযাপনৰ এখন ফটো পোষ্ট কৰি কেপশ্যনত ইম’জিৰ সৈতে লিখিছিল যে, 'সকলোকে ইষ্টাৰৰ শুভেচ্ছা ।' একে সময়তে, 'কিক' অভিনেত্ৰীগৰাকীক ডাংৰি পোছাক পৰিধান কৰাত যথেষ্ট মৰম লগা দেখা যায় ৷

ইফালে হোলী উপলক্ষে, জেকলিনে তেওঁৰ এখন ফটো শ্বেয়াৰ কৰিছিল । অভিনেত্ৰীগৰাকীয়ে হালধীয় চ্যুট আৰু ৰং সানি বৰ ধুনীয়া দেখাইছিল ৷ তেওঁ পোষ্টটোত কেইবাটাও ভিডিঅ' যোগ দিছিল, য'ত তেওঁ নৃত্যশিল্পীৰ সৈতে নৃত্য কৰা দেখা গৈছিল । অভিনেত্ৰীগৰাকীয়ে ফটোৰ কেপশ্যনত লিখিছিল 'শুভ হোলী ৰং লীলা' ২৪ কলকাতা ।'

জেকলিন ফাৰ্ণাণ্ডেজক 'ৱেলকাম টু দ্যা জাংগল'ত দেখা যাব । তেওঁৰ উপৰিও এই ছবিখনত অক্ষয় কুমাৰ, দিশা পাটানি, সুনীল চেট্টী, ৰবীনা টেণ্ডন, সঞ্জয় দত্ত, পৰেশ ৰাৱাল, ৰাজপাল যাদৱ, শ্ৰেয়াছ তালপাড়ে, কিকু শাৰদা, দালেৰ মেহেন্দিৰ দৰে বহুতো তাৰকাকো দেখা যাব ৷ ইয়াৰ উপৰিও, তেওঁক 'ফাতেহ'ত চনু সুদৰ সৈতে স্ক্ৰীণ শ্বেয়াৰ কৰা দেখা যাব।

উল্লেখ্য যে, আজি বিশ্বজুৰি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে ইষ্টাৰ উৎসৱ ৷ বিশ্বাস অনুসৰি এই দিনটোতে ভগৱান যীচু খ্ৰীষ্টই মৃত্যুৰ পৰা পুনৰ জাগ্ৰত হৈছিল । যাক এতিয়া বিশ্বজুৰি ইষ্টাৰ বুলি জনা যায় ।

লগতে পঢ়ক: আকৌ এবাৰ জেকলিনলৈ প্ৰেমৰ পত্ৰ প্ৰেৰণ কৰিছে সুকেশে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.