ETV Bharat / entertainment

আগেয়ে নেদেখা ৰূপত বিগ বি-দীপিকা: ‘ভৈৰৱা’ চৰিত্ৰত প্ৰভাস নে অইন কোনোবা ? - Kalki 2898 AD Trailer

Kalki 2898 AD Trailer: বহু প্ৰতীক্ষিত মুহূৰ্তটো অৱশেষত আহি পালেহি ৷ মুক্তি পালে প্ৰভাস, দীপিকা পাডুকন, অমিতাভ বচ্চন আৰু কমল হাছান অভিনীত কল্কি ২৮৯৮ এডিৰ ট্ৰেইলাৰ ৷

author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 7:56 PM IST

It's Out! Catch Here the Much-awaited Glimpse from Prabhas Starrer Kalki 2898 AD Trailer
কল্কি ২৮৯৮ এডি (ETV Bharat)

চিটাৰা ডেস্ক, 10 জুন : নিৰ্মাতাই আজি মুকলি কৰিলে বহু প্ৰত্যাশিত কল্কি ২৮৯৮ এডিৰ ট্ৰেইলাৰটো ৷ নাগ অশ্বিনৰ দ্বাৰা পৰিচালিত এই আহিবলগীয়া চাই-ফাই ছবিখন হৈছে 2024 চনৰ ফ্লেগশ্বিপ মুক্তি । মুক্তিৰ আগতেই Kalki 2898 AD য়ে ছ'চিয়েল মিডিয়াত এক আলোড়নৰ সৃষ্টি কৰিছে ৷ ছবিখনৰ পৰা দেখিবলৈ পোৱা সকলো পোষ্টাৰ, ভিডিঅ’ই ইতিমধ্যে আধিপত্য বিস্তাৰ কৰিছে ৷ আজি ট্ৰেইলাৰটোৰ লগতে অনুৰাগীসকলে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে মুক্তিৰ তাৰিখলৈ ৷

প্ৰভাস উন্মাদনা তেলুগু ভাষী ৰাজ্যসমূহত ধুমুহাৰ দৰে বৈছে । হায়দৰাবাদৰ পৰা বিজয়ৱাড়ালৈকে প্ৰভাসৰ অনুৰাগীসকল Kalki 2898 AD ৰ ট্ৰেইলাৰ মুক্তিৰ বাবে ৰোমাঞ্চিত হৈ পৰিছে । এই দৃশ্য বিজয়ৱাড়াৰ অলংকাৰ থিয়েটাৰৰ বাহিৰৰ ।

অন্ধ্ৰ প্ৰদেশৰ কদাপাত বিশালৰূপত Kalki 2898 AD ৰ ট্ৰেইলাৰ মুকলি উদযাপন হয় ৷ প্ৰভাসৰ অনুৰাগীয়ে যথেষ্ট সংখ্যক হাৰত উপস্থিত হয় । এই দৃশ্য কদাপা জিলাৰ প্ৰদ্দাতুৰৰ ।

হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত প্ৰভাসৰ অনুৰাগীসকলে বৃহৎ পৰ্দাত Kalki 2898 AD ৰ ট্ৰেইলাৰ উপভোগ কৰে । ফটকা আৰু ড্ৰামৰোল বজাই সন্ধ্যা থিয়েটাৰৰ বাহিৰত উৎসৱৰ দৰে পৰিৱেশ গঢ়ি তোলে অনুৰাগীয়ে ।

ডিজিটেল প্লেটফৰ্মত মুক্তি পোৱাৰ পূৰ্বে থিয়েটাৰত মুকলি হয় Kalki 2898 ADৰ ট্ৰেইলাৰ । পূৰ্বে ঘোষণা কৰা নিৰ্বাচিত ছবিগৃহত ট্ৰেইলাৰ উন্মোচন কৰে নিৰ্মাতাি । সন্ধিয়া ৬ বজাত ডাঙৰ পৰ্দাত মুক্তি দিয়া Kalki 2898 AD ৰ ট্ৰেইলাৰ ৷ তাৰ এঘণ্টাৰ পিচত ডিজিটেল প্লেটফৰ্মত মুকলি কৰা হয় ।

কল্কি 2898 এডি ট্ৰেইলাৰ মুক্তিৰ পূৰ্বে চলচ্চিত্ৰ নিৰ্মাতা নাগ অশ্বিনে ছ'চিয়েল মিডিয়াত তেওঁৰ মনৰ ভাৱ ব্যক্ত কৰে । পৰিচালকজনে এক আৱেগিক পোষ্ট শ্বেয়াৰ কৰে য'ত চাই-ফাই ছবিখন নিৰ্মাণ কৰাৰ যাত্ৰাৰ বিষয়ে উল্লেখ কৰা হৈছিল ৷ ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসত নিৰ্মাণ কৰা আটাইতকৈ ব্যয়বহুল চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছে Kalki 2898 AD ।

ইনষ্টাগ্ৰাম ষ্ট'ৰীত অশ্বিনে লিখিছে, "আজিৰ পৰ্যায়ত উপনীত হ'বলৈ বহুত সময় লাগিছে... কিন্তু মই আশা কৰোঁ যে এইটো এনেকুৱা কিবা এটা হ’ব যাৰ বাবে আমি তেলুগু মানুহ হিচাপে, ভাৰতীয় হিচাপে, চলচ্চিত্ৰ প্ৰেমী হিচাপে গৌৰৱান্বিত হ'ব পাৰোঁ... আমাৰ গোটেই দলটোৱে এই পৃথিৱীখন আপোনাৰ সৈতে ভাগ বতৰা কৰিবলৈ অপেক্ষা কৰি আছে । @kalki2898ad ট্ৰেইলাৰ - 10 জুন মুক্তি - 27 জুন ।"

লগতে পঢ়ক : আৰম্ভ হ’ল কাউণ্টডাউন, আজি মুক্তি পাব কল্কি 2898 এ ডিৰ ট্ৰেইলাৰ - Kalki 2898 AD Trailer

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.