ETV Bharat / entertainment

এতিয়াৰে পৰা ইন্দিৰা গান্ধী-নাৰ্গিছ দত্তৰ নামত দিয়া নহ’ব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা - National film awards changes

National film awards changes: শেহতীয়াকৈ মনোৰঞ্জন জগতৰ অন্যতম বৃহৎ বঁটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শিতানত বহু পৰিৱৰ্তন কৰা হৈছে ৷ তাৰ ভিতৰত এটা হ’ল এতিয়া ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা নাৰ্গিছ দত্ত আৰু ইন্দিৰা গান্ধীৰ নামত দিয়া নহ’ব । এই পৰিৱৰ্তনৰ পৰামৰ্শ দিছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে গঠন কৰা এখন সমিতিয়ে । সবিশেষ জানক এই প্ৰতিবেদনত ৷

Indira Gandhi, Nargis Dutt names dropped from National Film Awards categories
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ সালসলনি
author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 1:33 PM IST

চিটাৰা ডেস্ক, ১৪ ফেব্ৰুৱাৰী : শেহতীয়াকৈ মনোৰঞ্জন জগতৰ পৰা এটা ডাঙৰ খবৰ আহিছে। খবৰ অনুসৰি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বহু পৰিৱৰ্তন কৰা হৈছে । তাৰ ভিতৰত এটা ডাঙৰ পৰিৱৰ্তন হৈছে যে এতিয়াৰে পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু প্ৰয়াত অভিনেত্ৰী নাৰ্গিছ দত্তৰ নামত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা দিয়া নহয় ।

হয়, কেৱল ইমানেই নহয়, ইয়াৰ উপৰিও বহু বঁটাত সাল-সলনি কৰা হৈছে । কোনবোৰ বঁটাত কি পৰিৱৰ্তন হৈছে এই প্ৰতিবেদনত জানি লওক ৷

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শাখাৰ পৰা আঁতৰোৱা হ’ল ইন্দিৰা গান্ধী-নাৰ্গিছ দত্তৰ নাম

প্ৰথমে জানো আহক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ পৰিৱৰ্তনৰ বিষয়ে । এতিয়াৰে পৰা ৰাষ্ট্ৰীয় বঁটাত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু প্ৰয়াত অভিনেত্ৰী নাৰ্গিছ দত্তৰ নাম ব্যৱহাৰ কৰা নহ’ব । তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সমিতিৰ আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে যে সামাজিক, জাতীয় আৰু সামাজিক মূল্যবোধৰ প্ৰসাৰৰ স্বাৰ্থত এই সন্মানক এতিয়া ‘শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ বঁটা’ হিচাপে পৰিচিত হ’ব ।

এতিয়া ‘এজন পৰিচালকৰ শ্ৰেষ্ঠ আত্মপ্ৰকাশৰ ছবিৰ বাবে ইন্দিৰা গান্ধী বঁটা’ৰ পৰিৱৰ্তে ‘এজন পৰিচালকৰ শ্ৰেষ্ঠ আত্মপ্ৰকাশৰ ছবি’ বঁটা প্ৰদান কৰা হ’ব ।

এই বঁটাসমূহতো পৰিৱৰ্তন কৰা হৈছে

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ উপৰিও দাদাচাহেব ফাল্কে বঁটাতো সাল-সলনি কৰা হৈছে । দাদাচাহেব ফাল্কে বঁটাৰ নগদ পুৰস্কাৰ ১০ লাখৰ পৰা ১৫ লাখলৈ বৃদ্ধি কৰা হৈছে । য'ত বিভিন্ন শিতানত স্বৰ্ণ কমল বঁটাৰ বাবে ধনৰাশি ৩ লাখ আৰু ৰজত কমল বিজয়ীসকলৰ বাবে ২ লাখ টকালৈ বৃদ্ধি কৰা হৈছে । পূৰ্বে প্ৰযোজক আৰু পৰিচালকৰ মাজত ভাগ কৰা এই বঁটাৰ বাবে ধনৰাশি এতিয়া কেৱল পৰিচালকৰ হাতলৈ যাব ।

এই সকলোবোৰৰ উপৰিও আগতে তিনিটা উপ-শাখা অন্তৰ্ভুক্ত কৰা শ্ৰেষ্ঠ অডিঅ’গ্ৰাফী এতিয়া শ্ৰেষ্ঠ শব্দ ডিজাইন হিচাপে পৰিচিত হ’ব ৷ লগতে পুৰস্কাৰ ধন ৫০ হাজাৰ টকাৰ পৰা ২ লাখ টকালৈ বৃদ্ধি কৰা হৈছে ৷ যাৰ দ্বাৰা শব্দ ডিজাইনাৰগৰাকীক পুৰস্কৃত কৰা হ’ব ।

লগতে পঢ়ক: দেশৰ প্ৰধানমন্ত্ৰী হ’ব বিচৰা সন্দৰ্ভত কি ক’লে কংগনাই ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.