ETV Bharat / entertainment

"প্ৰেম সংকোচন নেহী, প্ৰেম বিস্তাৰ হে" প্ৰেমৰ বাৰ্তাৰে শীঘ্ৰেই আহি আছে কুকি - Kooki hindi movie

author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 11:26 AM IST

Updated : May 31, 2024, 12:51 PM IST

Kooki hindi movie: ২৮ জুনত মুক্তি লাভ কৰিব অসমৰ শিল্পীৰে অভিনীত এখন হিন্দী ছবি "কুকি" ৷ ৰাজ্যৰ লগতে দেশৰ ১০০ টা ছবিগৃহত মুক্তি লাভ কৰিব এই নতুন ছবিখনে ।

hindi feature film Kooki directed and acted by assamese artists to be released 28 th june
হিন্দী ছবি "কুকি" (Source : Kuki Teaser from Youtube)

গুৱাহাটী, 31 মে’ : বিগত কেইবাদিন ধৰি নতুন ছবিৰ মুক্তিৰ খবৰে অসমীয়া ছবিপ্ৰেমী দৰ্শকক উৎসাহিত কৰি তুলিছে । তাৰ মাজতে শেহতীয়াকৈ এখন হিন্দী ছবিয়ে বিশেষভাৱে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে । আহিবলগীয়া এই নতুন হিন্দী ছবিখনৰ নাম "কুকি"। এই আহিবলগীয়া হিন্দী ছবিখনৰ পৰিচালনা তথা অভিনয়ত আছে অসমৰ শিল্পী । বৃহস্পতিবাৰে মুক্তি দিয়া হয় এই নতুন ছবিখনৰ পোষ্টাৰ আৰু ফাষ্টলুক টিজাৰ ।

"কুকি" ছবিখন পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত অসম সন্তান প্ৰণৱ জে ডেকাই আৰু প্ৰযোজনা কৰিছে ড৹ জোনমণি দেৱী খাউণ্ডে । বৃহস্পতিবাৰৰ পোষ্টাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে পৰিচালক প্ৰণৱ জে ডেকা, প্ৰবীণ অভিনেতা অতুল পাচনি আৰু প্ৰযোজক ড৹ জোনমণি দেৱী খাউণ্ডকে ধৰি ছবিখনৰ লগত জড়িত কলা-কুশলীসকল ।

উল্লেখ্য যে, নিৰি মিডিয়া অপিচি প্ৰাইভেট লিমিটেডৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ কাহিনীভাগ অসমীয়া "কুকি" নামৰ এগৰাকী ছোৱালীৰ সংগ্ৰাম-সংঘৰ্ষৰ ওপৰত আধাৰিত ৷

অসমীয়া কৃষ্টি-সংস্কৃতি সামৰি নিৰ্মাণ কৰা এই ছবিখনত অভিনয় কৰিছে অসমৰ পৰা গৈ মায়ানগৰী মুম্বাইত নিজাববীয়াকৈ প্ৰতিষ্ঠা লাভ কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা আন কেইবাগৰাকীও অসমৰ শিল্পীয়ে । তেজপুৰ, গুৱাহাটী, মেঘালয় তথা ভাৰত-ভূটান সীমান্তৰ বিভিন্ন ঠাইত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে । ২৮ জুনত ৰাজ্যৰ লগতে মুম্বাই, দিল্লী, কলকাতা, বেংগালুৰু, চেন্নাই, পুনেসহ সমগ্ৰ দেশৰ ১০০ টা চিনেমা হলত মুক্তি লাভ কৰিব ছবিখনে ।

গৌৰৱৰ বিষয় যে, শেহতীয়াকৈ কাঁ চলচ্চিত্ৰ মহোৎসৱত সমগ্ৰ বিশ্বৰ বহুসংখ্যক চলচ্চিত্ৰ সমালোচকে মাৰ্চ ডু ফিল্মত কুকি উপভোগ কৰি চলচ্চিত্ৰখনৰ যথেষ্ট প্ৰশংসা কৰে । আহিবলগীয়া এই নতুন ছবিখনৰ মোচন পোষ্টাৰ ডিজাইন কৰিছে অনুপম বৰদলৈ আৰু ৰুবুল দাসে । ধ্বনি ডিজাইন কৰিছে তপন জ্যোতি দত্তই । পোষ্টাৰসমূহ ডিজাইন কৰিছে অমিত দাস আৰু সঞ্জীৱ চেতিয়াই ।

লগতে পঢ়ক : মৌচুমীৰ ভাইৰেল এম এম এছে কি শিকালে মৌচুমীক ? - himanshu prasad das viral mms

Last Updated : May 31, 2024, 12:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.