ETV Bharat / entertainment

কেম’থেৰাপীৰ পিচতে হিনাই কাটি পেলালে চুলি - Hina Khan breast cancer

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 1:27 PM IST

Hina Khan Hair Cut : অভিনেত্ৰী হিনা খানে কেম’থেৰাপীৰ পিচত চুলি কাটি পেলাইছে । চুলি কাটি থকা সময়ৰ এটা আৱেগিক ভিডিঅ' শ্বেয়াৰ কৰিছে হিনাই ৷ ভিডিঅ’টোত মাকে মাকে কান্দি কান্দি শেষত হিনাক আলিংগন কৰা দেখিবলৈ পোৱা গৈছে-

Hina Khan dropped a emtional video of getting a hair cut ahead of her chemotherapy session watch
হিনা খান ((ANI))

চিটাৰা ডেস্ক, 4 জুলাই : 'য়ে ৰিষ্টা ক্যা কেহলাতা হে'ৰ বিখ্যাত অভিনেত্ৰী হিনা খান কৰ্কট ৰোগৰ সৈতে যুঁজি আছে । এই কঠিন পৰিস্থিতিতো তেওঁ নিজৰ সাহস অক্ষুণ্ণ ৰাখিছে । কিছুদিন পূৰ্বে এটা ভিডিঅ’ পোষ্ট কৰিছিল তেওঁ, য’ত বঁটা প্ৰদান অনুষ্ঠান এটাত অংশগ্ৰহণ কৰি কেম’থেৰাপীৰ বাবে পোনে পোনে চিকিৎসালয় পাইগৈ অভিনেত্ৰীগৰাকী ৷ শেহতীয়া ভিডিঅ’টোত এতিয়া হিনাই তেওঁৰ চুলি কাটি দিয়া দেখা গৈছে । ভিডিঅ’টোৰ লগতে তেওঁ এটা আৱেগিক টোকাও শ্বেয়াৰ কৰিছে ।

কেন্সাৰৰ কথা ধৰা পৰাৰ পিচৰে পৰা হিনাই অনুৰাগীক নিজৰ স্বাস্থ্যৰ বিষয়ে আপডেট দি আহিছে । ৪ জুলাই তাৰিখে হিনাই শেহতীয়া ভিডিঅ'টো শ্বেয়াৰ কৰিছে । এই ভিডিঅ'টোৱে অনুৰাগীক আৱেগিক কৰি তুলিছে ।

হিনা খানে তেওঁৰ মাতৃৰ দুখলগা অৱস্থাৰ কথা বৰ্ণনা কৰি লিখিছে যে তেওঁৰ মাতৃয়ে কান্দি কান্দি তেওঁক আশীৰ্বাদ দি আছে ৷ হিনাই উল্লেখ কৰে যে কেতিয়াও কল্পনা নকৰা কিবা এটা চাবলৈ নিজকে প্ৰস্তুত কৰি আছিল হিনাৰ মাতৃয়ে । হৃদয়বিদাৰক আৱেগবোৰ চম্ভালিবলৈ আমি সকলো সমানে সক্ষম নহয় বুলি কয় হিনাই ৷

লগতে পঢ়ক : স্তন কেন্সাৰত আক্ৰান্ত এইগৰাকী জনপ্ৰিয় অভিনেত্ৰী, সামাজিক মাধ্যমযোগে নিজেই জনালে এই কথা - Hina Khan Breast Cancer

স্কাৰড্ বাট নট স্কেৰড্ : কেন্সাৰ যুদ্ধৰ মাজতে হিনা খানে শ্বেয়াৰ কৰিলে শক্তিশালী বাৰ্তা - Hina Khan stage three breast cancer

"এগৰাকী মহিলাৰ বাবে চুলিৰ তাৎপৰ্য কিমান?"

"সকলো ধুনীয়া লোকৰ বাবে, বিশেষকৈ মহিলাসকলৰ বাবে, যি এই যুদ্ধৰ মাজেৰে গৈ আছে, মই জানো যে এয়া কঠিন সময়, মই জানো যে আমাৰ বেছিভাগৰ বাবে আমাৰ চুলি হৈছে সেই মুকুট যি আমি কেতিয়াও হেৰুৱাব নোখোজো । কিন্তু কি হ'ব যদি আপুনি এক কঠিন যুঁজৰ সন্মুখীন হ’বলগীয়া হয়, য’ত আপুনি আপোনাৰ চুলি হেৰুৱাব লাগিব – আপোনাৰ গৌৰৱ, আপোনাৰ মুকুট হেৰুৱাব লাগিব ? যদি আপুনি জিকিব বিচাৰে, আপুনি কিছুমান কঠিন সিদ্ধান্ত ল'ব লাগিব । আৰু মই জিকিবলৈ সিদ্ধান্ত লৈছিলো ।"

অক্ষৰা হিচাপে প্ৰতিখন ঘৰতে জনাজাত হিনাই আৰু লিখিছে, ‘মই সিদ্ধান্ত লৈছো যে এই যুদ্ধত জয়ী হ’বলৈ নিজকে সকলো ধৰণৰ সুযোগ দিম । মোৰ ধুনীয়া চুলিখিনি সৰি পৰাৰ আগতেই কাটি লোৱাৰ সিদ্ধান্ত লৈছিলো । কেইবাসপ্তাহ ধৰি এই মানসিক হতাশাৰ মাজেৰে পাৰ হ’ব বিচৰা নাছিলো । গতিকে, মই মোৰ মুকুটটো খুলিবলৈ সিদ্ধান্ত লৈছিলো কাৰণ মই উপলব্ধি কৰিছিলো যে মোৰ প্ৰকৃত মুকুট হৈছে মোৰ সাহস, মোৰ শক্তি আৰু নিজৰ প্ৰতি মোৰ প্ৰেম ।'

কাটি পেলোৱা চুলিৰে উইগ বনোৱাৰ সিদ্ধান্ত-

হিনাই লগতে লিখিছে, ‘আৰু হয়.. মই মোৰ চুলিখিনি ব্যৱহাৰ কৰি এটা ভাল উইগ বনাবলৈ সিদ্ধান্ত লৈছো । চুলি পুনৰ গজিব, ভ্ৰু পুনৰ গজিব, দাগ ম্লান হ’ব, কিন্তু আত্মাটো সম্পূৰ্ণ হৈ থাকিব লাগিব । নিজকে আঁকোৱালি লোৱাৰ মোৰ প্ৰচেষ্টা যাতে সকলোৰে মাজলৈ যায় তাৰ বাবে মই মোৰ কাহিনী, মোৰ যাত্ৰা ৰেকৰ্ডিং কৰিছো । মোৰ কাহিনীয়ে যদি এই হৃদয়স্পৰ্শী কিন্তু বেদনাদায়ক অভিজ্ঞতাৰ এটা দিনো কাৰোবাৰ বাবে ভাল কৰি তুলিব পাৰে, তেন্তে ইয়াৰ মূল্য থাকিব ।’

সহকৰ্মীসকলক ধন্যবাদ জনাই হিনাই লিখিছে, ‘লগতে, প্ৰতিটো কঠিন সময়ত মোক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়াসকলৰ উপস্থিতি নথকা হ’লে এই দিনটো মই আশা কৰা অনুযায়ী পাৰ নহ’ললেহেঁতেন । দ্বায়েশ পাৰ্ছনানীলৈ বহুত বহুত ধন্যবাদ, যিয়ে নিজৰ চেলুনত দিনটো ব্যস্ত থকাৰ পিচতো চান্টাক্ৰুজৰ পৰা উৰা মাৰি আহি চুলি কটা কামটো কৰিলে । দ্বায়েশ, তুমি চুলি কটাৰ ধৰণটো মোৰ বৰ ভাল লাগিল, ধন্যবাদ আৰু মই তোমাক ভাল পাওঁ । ভগৱানে আমাৰ যন্ত্ৰণা লাঘৱ কৰক আৰু আমাক জয়ী হ'বলৈ শক্তি দিয়ক । মোৰ বাবে প্ৰাৰ্থনা কৰিব ।’

মাত্ৰ কেইদিনমানৰ আগতে হিনাৰ ষ্টেজ ৩ স্তন কেন্সাৰ ধৰা পৰিছিল । অনুৰাগীসকলে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে ।

লগতে পঢ়ক : প্ৰথমটো কেম’থেৰাপীৰ পূৰ্বে এৱাৰ্ড অনুষ্ঠান পালেগৈ হিনা - Hina Khan post on cancer battle

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.