ETV Bharat / entertainment

কেটৰিণালৈ বিকীৰ জন্মদিনৰ শুভেচ্ছা বাৰ্তা : পোষ্ট দেখি মোহাচ্ছন্ন অনুৰাগী - Vicky Kaushal birthday wish to wife

author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 4:52 PM IST

Vicky Birthday Wish to Katrina: কেটৰিণাৰ বাৰ্থডে’- বিকীৰ গা সাতখন-আঠখন ৷ ইনষ্টাগ্ৰামত জন্মদিনৰ শুভেচ্ছাৰে আপলোড কৰিলে আঠখনকৈ ফটো, নেটিজেনৰ চকু থৰ লাগিল পোষ্টটোৰ দ্বিতীয়খন ফটোত ৷

Happy Birthday My Love: Vicky Kaushal Shares Pictures of 'Favourite Part of Life' with Wife Katrina Kaif on Her Special Day
কেটৰিণালৈ বিকীৰ জন্মদিনৰ শুভেচ্ছা বাৰ্তা (ANI)

চিটাৰা ডেস্ক, 16 জুলাই : আজি কেটৰিণাৰ জন্মদিন ৷ বিশেষ দিনটোত বিকী কৌশলে পত্নী কেটৰিণা কাইফৰ সৈতে তেওঁৰ 'জীৱনৰ প্ৰিয় অংশ'ৰ ফটো শ্বেয়াৰ কৰিছে ৷ পত্নী কেটৰিণা কাইফলৈ জন্মদিনৰ শুভেচ্ছা জনাই বিকীয়ে এটা আন্তৰিক টোকা লিখিছে । কৌশলে জন্মদিনৰ শুভেচ্ছা জনোৱাৰ লগতে আগতে নেদেখা বহু ফটোও শ্বেয়াৰ কৰিছে ।

অভিনেতা বিকী কৌশলে কেতিয়াবাহে তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে পোষ্ট কৰে কিন্তু যেতিয়া কৰে, সকলোৰে চকু নিৱদ্ধ হৈ পৰে । অৱশ্যে বেড নিউজৰ অভিনেতাজনে আজি 16 জুলাইত পোষ্ট কৰাটো সকলোৱে আশা কৰিছিল, কিয়নো আজি তেওঁৰ মৰমলগা পত্নী কেটৰিণা কাইফৰ জন্মদিন । বলীউড অভিনেত্ৰী কেটৰিণাই মঙলবাৰে 40 টা বছৰ সম্পূৰ্ণ কৰে ।

পত্নীৰ বাবেনো বিকীয়ে কি পোষ্ট দিয়ে তালৈ অধৈৰ্য্যভাৱে অপেক্ষা কৰি আছিল অনুৰাগীসকলে । নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত অভিনেতাগৰাকীয়ে তেওঁলোকৰ বিয়াৰ পৰা আৰম্ভ কৰি এনেয়ে ফুৰিবলৈ ওলাই যোৱালৈকে সকলো ধৰণৰ ফটোৰ সৈতে এক আন্তৰিক টোকা লিখি পোষ্ট কৰে । ফটোসমূহ শ্বেয়াৰ কৰি কৌশলে লিখিছে, "আপোনাৰ সৈতে স্মৃতি গঢ়ি তোলাটো মোৰ জীৱনৰ প্ৰিয় অংশ । জন্মদিনৰ শুভেচ্ছা মাই লাভ !"

লগতে পঢ়ক : ৪১ বছৰত ভৰি দিলে বলীউডৰ বাৰ্বি ডলে, স্বামীতকৈ 6 গুণ অধিক সম্পত্তিৰ গৰাকী এই সুন্দৰী - HBD Katrina Kaif

ইয়াৰ আগতে বেড নিউজৰ প্ৰচাৰৰ সময়ত কৌশলক কাইফৰ জন্মদিনৰ বাবে তেওঁৰ পৰিকল্পনাৰ বিষয়ে সোধা হৈছিল । সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মাছানৰ অভিনেতাগৰাকীয়ে প্ৰকাশ কৰে যে তেওঁ কেটৰিণাৰ সৈতে একেলগে কিছু মানসম্পন্ন সময় অতিবাহিত কৰিবলৈ আগ্ৰহী । তেওঁ কয় যে দুয়ো কামৰ বাবে ব্যস্ত হৈ আছে আৰু সেয়ে বিশেষ দিনটোত কেৱল ইজনে সিজনৰ সংগ উপভোগ কৰিব ।

"এইটো এটা বিশেষ দিন, মই তেওঁৰ জন্মদিন উদযাপন কৰিবলৈ সোনকালে উভতি যাম, উদ্দেশ্য হৈছে ভাল সময় অতিবাহিত কৰা । বহত টাইম চে প্ৰমোচন চল ৰহী হে (মই অলপ সময়ৰ পৰা মোৰ চিনেমাখনৰ প্ৰচাৰত ব্যস্ত আছো) আৰু তেওঁ ভ্ৰমণ কৰি আছে । গতিকে আমি একেলগে ভাল সময় অতিবাহিত কৰিম," বিকীয়ে এনেদৰে কয় ।

দুয়ো প্ৰথমবাৰৰ বাবে জোয়া আখটাৰৰ পাৰ্টীত লগ হৈছিল আৰু তাৰ পৰাই তেওঁলোকৰ প্ৰেম কাহিনী আৰম্ভ হৈছিল । কেইবছৰমান গোপনে ডেট কৰাৰ পিচত বিকী আৰু কেটৰিণাই 2021 চনৰ 9 ডিচেম্বৰত ৰাজস্থানৰ ছিক্স চেঞ্চ দুৰ্গ বৰৱাৰাত বিবাহপাশত আৱদ্ধ হয় ।

লগতে পঢ়ক : তৌবা তৌবাৰে সকলোৰে হৃদয়ত জুই লগোৱা বিকীৰ হৃদয়ত লাগে কেৱল কেটৰিণাৰ জুই - Katrina Kaif instagram

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.