ETV Bharat / entertainment

৪১ বছৰত ভৰি দিলে বলীউডৰ বাৰ্বি ডলে, স্বামীতকৈ 6 গুণ অধিক সম্পত্তিৰ গৰাকী এই সুন্দৰী - HBD Katrina Kaif

author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 12:17 PM IST

Katrina Kaif: বলীউডৰ 'বাৰ্বি ডল' কেটৰিণা কাইফে আজি নিজৰ ৪১ সংখ্যক জন্মদিন উদযাপন কৰিছে । এই উপলক্ষে জানো আহক কেটৰিণা কাইফৰ মুঠ সম্পত্তি কিমান ।

Happy Birthday Katrina: Actress networth is more than husband Vicky Kaushal deets inside
বলীউডৰ মোহময়ী অভিনেত্ৰী কেটৰিণা কাইফৰ উপাৰ্জন কিমান জানেনে ? (INSTAGRAM)

চিটাৰা ডেস্ক, ১৬ জুলাই: বলীউডৰ অন্যতম এগৰাকী মোহময়ী অভিনেত্ৰী কেটৰিণা কাইফে আজি ১৬ জুলাইত নিজৰ ৪১ সংখ্যক জন্মদিন উদযাপন কৰিছে ৷ ২০০৩ চনত মুক্তি পোৱা বুম ছবিৰ জৰিয়তে তেওঁ বলীউডত আত্মপ্ৰকাশ কৰি নিজৰ কেৰিয়াৰৰ সফল আৰম্ভ কৰিছিল ৷

আজি ২১ বছৰৰ মূৰত কেটৰিণা এই উদ্যোগৰ সৈতে জড়িত অন্যতম এগৰাকী সফল অভিনেত্ৰী ৷ ২০২১ চনৰ ৯ ডিচেম্বৰত অভিনেতা বিকি কৌশলৰ সৈতে বিবাহপাশত আবদ্ধ হয় ৷ আপোনাক জনাওঁ যে স্বামী বিকি কৌশলতকৈ তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৬ গুণ অধিক বেছি ৷ অভিনয়ৰ বাহিৰেও কেটৰিণাৰ আন উপাৰ্জনৰ উৎস কি আৰু তেওঁৰ মুঠ সম্পত্তি কিমান ? আজিৰ এই বিষয়ে জানো আহক-

স্বামী বিকিতকৈ অধিক উপাৰ্জন কৰে কেটৰিণাই

খবৰ অনুসৰি কেটৰিণা কাইফৰ মুঠ সম্পত্তি তেওঁৰ স্বামী বিকি কৌশলতকৈ বহু বেছি ৷ এখন ছবিৰ বাবে কেটৰিণাই লয় প্ৰায় ১২ কোটি টকা ৷ ইয়াৰ উপৰিও ব্ৰেণ্ড এণ্ডাৰছমেণ্টৰ(Brand Endorsements) বাবে তেওঁ প্ৰায় ৬-৭ কোটি টকা লয় ৷ ইয়াৰ বাবেই তেওঁৰ বাৰ্ষিক আয় প্ৰায় ৩০-৩৫ কোটি টকা ৷ বিকিৰ কথা ক’বলৈ গ’লে তেওঁ এখন ছবিৰ বাবে প্ৰায় ৩-৪ কোটি টকা আৰু ব্ৰেণ্ড এণ্ডাৰছমেণ্টৰ বাবে ২-৩ কোটি টকা লয় ৷ যদিহে বাতৰিত বিশ্বাস কৰা হয় তেন্তে কেটৰিণাৰ মুঠ সম্পত্তি প্ৰায় ২৬০ কোটি টকা হোৱাৰ বিপৰীতে বিকিৰ মুঠ সম্পত্তি প্ৰায় ৪১ কোটি টকা বুলি কোৱা হৈছে ৷

কেটৰিণাৰ সম্পত্তি কিমান ?

কেটৰিণা কাইফৰ বান্দ্ৰাত 3BHK এপাৰ্টমেণ্ট আছে যাৰ মূল্য প্ৰায় ৮ কোটি টকা ৷ ইয়াৰ বাহিৰেও লণ্ডনত তেওঁৰ এটা বাংলো আছে যাৰ মূল্য ৭-৮ কোটি টকা ৷ কেটৰিণাৰ গাড়ীৰ সংগ্ৰহো ভাল য’ত আছে অ’ডি, মাৰ্চিডিজ, ৰেঞ্জ ৰভাৰ বোগ আদি ৷ ২০১৯ চনত ফৰ্বছৰ ১০০ গৰাকী ধনী চেলিব্ৰিটিৰ তালিকাত ২৩ নম্বৰ স্থানত আছিল কেটৰিণা কাইফ ৷

লগতে পঢ়ক: সমূদ্ৰৰ মাজত বগা সাজেৰে বলীউডৰ এই স্বামী-স্ত্ৰীয়ে সকলোকে কৰিলে মোহাচ্ছন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.