ETV Bharat / entertainment

বহু বিতৰ্কৰ মাজত অৱশেষত মুক্তি পালে আমিৰ খানৰ পুত্ৰ জুনেইদ খানৰ প্ৰথমখন ছবি - Maharaj

Maharaj: আমিৰ খানৰ পুত্ৰ জুনেইদ খানে অৱশেষত বলীউড অভিষেক ঘটোৱাত সক্ষম হয় ৷ বহু অপেক্ষাৰ অন্তত অৱশেষত নেটফ্লিক্সত মুক্তিলাভ কৰিলে অভিনেতাজনৰ প্ৰথমখন হিন্দী চলচ্চিত্ৰ মহাৰাজ ৷

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 4:05 PM IST

Gujarat HC Lifts Stay on Release of Maharaj, Junaid Khan's Debut Film to Stream on Netflix Soon
বহু বিতৰ্কৰ মাজত অৱশেষত মুক্তি পালে আমিৰ খানৰ পুত্ৰ জুনেইদ খানৰ প্ৰথমখন ছবি (ETV Bharat)

চিটাৰা ডেস্ক, 22 জুন: বহু অপেক্ষাৰ অন্তত অৱশেষত নেটফ্লিক্সত মুক্তিলাভ কৰিলে হিন্দী চলচ্চিত্ৰ মহাৰাজ ৷ মহাৰাজৰ মুক্তিৰ ওপৰত গুজৰাট উচ্চ ন্যায়ালয়ে স্থগিতাদেশ উঠাই দিয়াৰ কেইঘণ্টামানৰ পাচত এতিয়া ছবিখন নেটফ্লিক্সত প্ৰচাৰিত হৈছে । এই ছবিখনেৰে আমিৰ খানৰ পুত্ৰ জুনেইদ খানৰ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে ।

১৪ জুনত নেটফ্লিক্সত মহাৰাজৰ মুক্তিৰ ঘোষণাৰ পিচত বৈষ্ণৱ পন্থাৰ বিষয়ে বিতৰ্কিত মন্তব্যৰ বাবে গুজৰাট উচ্চ ন্যায়ালয়ত জৰুৰীভাৱে দাখিল কৰা আবেদনৰ পিচতে পথ অৱৰোধৰ সৃষ্টি হৈছিল, যিয়ে হিন্দুসকলৰ মাজত আৱেগ জগাই তুলিছিল ।

প্ৰাথমিক শুনানিৰ পিচত উচ্চ ন্যায়ালয়ে ছবিখন মুক্তিৰ বিৰুদ্ধে অন্তৱৰ্তীকালীন নিষেধাজ্ঞা জাৰি কৰে । উচ্চ ন্যায়ালয়ে এতিয়াৰ বাবে মৰেটৰিয়াম বজাই ৰাখি ১৮ জুনত সকলো আবেদনৰ বিস্তৃত শুনানিৰ দিন ধাৰ্য কৰিছিল ।

ভগৱান শ্ৰীকৃষ্ণৰ ভক্ত আৰু বল্লভাচাৰ্য্যজীৰ অনুগামীসকলে বিতৰ্কিত ১৮৬২ চনৰ মহাৰাজ মানহানি গোচৰৰ(Maharaj Libel Case of 1862) পৰা মহাৰাজ ছবিখন আহৰণ কৰা বুলি অভিযোগ উত্থাপন কৰি আবেদন দাখিল কৰে, য’ত বৈষ্ণৱ ধৰ্মাৱলম্বী অনুগামীসকলৰ বিশ্বাস আৰু হিন্দু আৱেগক আঘাত কৰা বক্তব্য সন্নিবিষ্ট কৰা হৈছে বুলিও তেওঁলোকে কয় । সেয়ে চলচ্চিত্ৰখনৰ বিৰুদ্ধে হিন্দু আৰু সনাতন ধৰ্মৰ অনুভূতিক আঘাত কৰাৰ অভিযোগ উত্থাপন কৰি এই ছবিখনৰ মুক্তিত বাধা আৰোপ কৰা হৈছিল ।

সিদ্ধাৰ্থ পি মালহোত্ৰাৰ দ্বাৰা পৰিচালিত আৰু ৱাই আৰ এফ এণ্টাৰটেইনমেণ্টৰ অধীনত আদিত্য চোপ্ৰাৰ প্ৰযোজনা কৰা এই ছবিখনত জয়দীপ আহলাৱত, শৰ্বাৰী, আৰু শালিনী পাণ্ডেই অভিনয় কৰিছে ।

এই ছবিখন সেই সময়ৰ বিখ্যাত গুজৰাটী সাংবাদিক তথা সমাজকৰ্মী কাৰ্সন্দাছ মুলজীৰ আধাৰত নিৰ্মিত যিজন লিংগ সমতা, নাৰীৰ অধিকাৰ আৰু সামাজিক পৰিবৰ্তনৰ অটল সমৰ্থক আছিল । সেই সময়ত কাৰ্সন্দাছ মুলজীয়ে ভক্তিৰ আৱৰণত ধৰ্মীয় গুৰুসকলে নাৰী অনুগামীৰ যৌন শোষণ উদঙাই দিছিল । এটা সঁচা ঘটনাৰ ওপৰত আধাৰত মহাৰাজৰ থিমটো সবল যদিও ছবিখন বা জুনেইদ কোনোৱেই প্ৰভাৱ পেলাব পাৰিব নে নাই সেয়া সময়তহে জানিব পৰা যাব ।

লগতে পঢ়ক: পৰ্দাত ওলোৱাৰ ক্ষেত্ৰত বাধা আহিছে মিষ্টাৰ পাৰ্ফেক্টছ’নিষ্টৰ পুত্ৰৰ - Junaid khan debut Movie Maharaj

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.