ETV Bharat / entertainment

বেয়া হ’ল...বহুত বেয়া হ’ল: সন্ত্ৰাসবাদী আক্ৰমণত স্তম্ভিত সকলো - Reasi Terror Attack

Reasi Terror Attack: ৰিয়াছিত তীৰ্থযাত্ৰীসকলৰ ওপৰত হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ পিচত চেলেব্ৰিটীসকলে তেওঁলোকৰ ক্ষোভ উজাৰিছে আৰু এই নিৰ্মম আক্ৰমণৰ নিন্দা কৰিছে । শেহতীয়াকৈ ৰিয়াছি সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে মাত মাতিছে আলিয়া ভাট, এটলী আৰু হিনা খানে ।

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 4:15 PM IST

Reasi Terror Attack
সন্ত্ৰাসবাদী আক্ৰমণত স্তম্ভিত (ETV Bharat)

চিটাৰা ডেস্ক, 11 জুন : জম্মু-কাশ্মীৰত শেহতীয়াকৈ হোৱা সন্ত্ৰাসবাদী আক্ৰমণক বিশ্বজুৰি সকলোৱে একেমুখে গৰিহণা দিছে ৷ ঘটনাস্থলীৰ পৰা হৃদয় বিদাৰক ছবিসমূহ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিচতে সকলো হতবাক হৈ পৰিছে ৷

Reasi Terror Attack
ইনষ্টাগ্ৰাম ষ্ট’ৰী (Hina Khan instagram)

অভিনেতা-প্ৰযোজক আলিয়া ভাটে জম্মু-কাশ্মীৰৰ ৰিয়াছিত তীৰ্থযাত্ৰীসকলৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । চলচ্চিত্ৰ নিৰ্মাতা এটলী আৰু অভিনেত্ৰী হিনা খানেও এই ঘৃণনীয় কাণ্ডৰ সমালোচনা কৰে । ৯ জুনত ৰিয়াছিত তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন বাছলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰিছিল । সন্ত্ৰাসবাদীৰ আক্ৰমণ বুলি জানিব পৰা এই ভয়ংকৰ ঘটনাটোৰ পিচত আলিয়া ভাট, এটলী আৰু হিনা খানে তেওঁলোকৰ ইনষ্টাগ্ৰাম ষ্ট'ৰীজত তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰে ।

Reasi Terror Attack
ইনষ্টাগ্ৰাম ষ্ট’ৰী (Alia Bhatt Instagram)

লগতে পঢ়ক : ছ'চিয়েল মিডিয়াত ট্ৰেণ্ড কৰিছে 'অল আইজ অন ৰিয়াছি' - Reasi Terror Attack

এটলীয়ে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট'ৰীত এটা ভঙা হৃদয়ৰ ইম’জীৰে সৈতে ৰিয়াছি সন্ত্ৰাসবাদী আক্ৰমণৰ এটা প্ৰতিবেদন শ্বেয়াৰ কৰে । আনহাতে, হিনা খানেও তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট'ৰীত লিখে, "গলত হুৱা... বহত গলত... মানৱতাৰ শত্ৰু সন্ত্ৰাসবাদ পৃথিৱীৰ যিকোনো ঠাইতে আৰু সকলো ঠাইতে...প্ৰেম শান্তি আৰু প্ৰাৰ্থনা ।"

Reasi Terror Attack
ইনষ্টাগ্ৰাম ষ্ট’ৰী (Atlee instagram)

তীৰ্থযাত্ৰীৰ ওপৰত হোৱা এই আক্ৰমণৰ ফলত কমেও ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে অসংখ্য লোক আহত হয় । তীৰ্থযাত্ৰী কঢ়িয়াই অনা বাছখন এক কৰুণ ভাগ্যৰ সৈতে মুখামুখি হয় ৷ দেওবাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হোৱাৰ পিচত গভীৰ খাৱৈত বাগৰি পৰে বাছখন ।

আক্ৰমণকাৰীসকলে শিৱ খোৰী মন্দিৰৰ পৰা পোনি অঞ্চলৰ তেৰিয়াথ গাঁৱৰ ওচৰৰ কাটৰাত মাতা বৈষ্ণো দেৱী মন্দিৰলৈ যাওঁতে বাছখনত গুলীচালনা কৰে, ফলত গুলীবৰ্ষণৰ মাজতে গভীৰ খাৱৈত বাগৰি পৰে ।

লগতে পঢ়ক : তীৰ্থযাত্ৰীৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ, একেমুখে গৰিহণা বলীউডৰ - TERROR ATTACK ON YATRA BUS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.