চিটাৰা ডেস্ক, ২৯ ফেব্ৰুৱাৰী: মনোৰঞ্জন জগতৰ পৰা আহিছে এটা দুখৰ খবৰ । ২০১৭ চনৰ মিছ ইণ্ডিয়া ত্ৰিপুৰাৰ খিতাপ দখল কৰা ৰিংকি চাকমাৰ দেহাৱসান । মাত্ৰ ২৯ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে ৰিংকিয়ে । ২০২২ চনৰ পৰা কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল ৰিংকি । খবৰ অনুসৰি স্তন কেন্সাৰত আক্ৰান্ত আছিল ৰিংকি ।
ৰিংকি চাকমাৰ দেহাৱসান
তথ্য অনুসৰি ২২ ফেব্ৰুৱাৰীত হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ পৰিছিল, তাৰ পিচত তেওঁক জৰুৰী অৱস্থাত দিল্লীৰ মেক্স হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । কিন্তু জীৱন মৃত্যুৰে যুঁজি অৱশেষত ২৮ ফেব্ৰুৱাৰীত ইহলীলা ত্যাগ কৰে ৰিংকিয়ে ৷
মিছ ইণ্ডিয়া অৰ্গেনাইজেশ্যনে শ্বেয়াৰ কৰিছে পোষ্ট
মিছ ইণ্ডিয়া অৰ্গেনাইজেশ্যনে ছ’চিয়েল মিডিয়াত ৰিংকিৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে । মিছ ইণ্ডিয়া অৰ্গেনাইজেশ্যনে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত লিখিছে, ‘‘আমি দুখেৰে জনাব লাগিব যে ফেমিনা মিছ ইণ্ডিয়া ত্ৰিপুৰা ২০১৭ ৰিংকি চাকমাৰ মৃত্যু হৈছে । ৰিংকি আছিল এগৰাকী আচৰিত আৰু শক্তিশালী নাৰী । ২০১৭ চনৰ মিছ ইণ্ডিয়াত ত্ৰিপুৰাক প্ৰতিনিধিত্ব কৰাৰ সময়ত তেওঁ লাভ কৰে মিছ বিউটি উইথ এ পাৰ্পজৰ খিতাপ ।’’
পোষ্টটোত লগতে লিখা আছিল, ‘‘এই কঠিন সময়ত তেওঁৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীলৈ আমাৰ সমবেদনা জ্ঞাপন কৰিছো । তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক ৰিংকি, তোমাৰ উদ্দেশ্য আৰু সৌন্দৰ্যৰ উত্তৰাধিকাৰ সদায় স্মৰণীয় হৈ থাকিব । আপোনাক চিনি পোৱাৰ সৌভাগ্য হোৱা সকলোৱে আপোনাক বহুত মিছ কৰিব ।’’
দুবছৰ ধৰি কেন্সাৰৰ সৈতে যুঁজি আছিল ৰিংকি
যোৱা মাহত ৰিংকি চাকমাই ২০২২ চনৰ পৰা কেন্সাৰৰ সৈতে যুঁজ দি থকাৰ বিষয়ে অনুৰাগীক অৱগত কৰিছিল । ইনষ্টাগ্ৰামত এটা দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰি তেওঁ কৈছিল যে তেওঁৰ প্ৰাৰম্ভিক অপাৰেশ্যনৰ পিচত কেন্সাৰ তেওঁৰ মূৰত আৰু পিচত হাওঁফাওঁলৈ বিয়পি পৰে । লগতে ৰাইজক কেন্সাৰৰ চিকিৎসা অব্যাহত ৰাখিবলৈ সহায় কৰিবলৈ আহ্বান জনাইছিল ।
লগতে পঢ়ক: চকুলো টুকি পৰিয়াল-চেলিব্ৰিটিয়ে শেষ বিদায় দিলে পংকজ উধাছক