ETV Bharat / entertainment

শ্বাহৰুখ খানৰ আইকনিক পোজ অনুসৰণ কৰিলে হলিউডৰ ছুপাৰষ্টাৰ এড শ্বীৰাণে

author img

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 3:43 PM IST

Shah Rukh Khan Farah Khan Ed Sheeran: বলীউডৰ এজন ছুপাৰষ্টাৰ আৰু হলিউডৰ এজন ছুপাৰষ্টাৰ একেলগ হ’লে কেনে অনুভৱ হয় তাৰ আভাস দেখুৱাইছে ফাৰাহ খানে । শ্বাহৰুখ খান আৰু কণ্ঠশিল্পী এড শ্বীৰাণক একেলগে দেখা পোৱা ভিডিঅ’ শ্বেয়াৰ কৰিছে ফাৰাহে ।

Farah Khan Directs Shah Rukh Khan and Ed Sheeran 'Spreading Love Together' - Watch
শ্বাহৰুখ খানৰ পদাংক অনুসৰণ কৰিলে হলিউডৰ ছুপাৰষ্টাৰ এড শ্বীৰাণে

চিটাৰা ডেস্ক, ১৪ মাৰ্চ: এতিয়া ভাৰততো লাহে লাহে বিদেশী তাৰকাৰ সংগীত কনচাৰ্ট হ’বলৈ আৰম্ভ কৰিছে । লাহে লাহে হলিউডৰ তাৰকাসকলৰ বলীউডৰ তাৰকাৰ সৈতে মত বিনিময় আৰম্ভ হৈছে । শেহতীয়াকৈ জামনগৰত ৰিহানাৰ সংগীতানুষ্ঠানৰ পিচত এতিয়া সংগীত কনচাৰ্টৰ বাবে ভাৰতলৈ আহিছে বাবে এড শ্বীৰাণ । অৱশ্যে এয়া তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ নহয় । ইয়াৰ পূৰ্বেও ভাৰতলৈ আহিছে এড শ্বীৰাণ ।

‘শ্বেপ অফ ইউ’ গীতটিৰে ভাৰতত ঢৌ তোলা এড শ্বীৰাণ এইকেইদিন মুম্বাইতে আছে আৰু বলীউডৰ তাৰকাৰ সৈতে সময় কটাইছে । ইটোৰ পিচত সিটোকৈ তেওঁৰ ভিডিঅ’বোৰো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । কেতিয়াবা যদি তেওঁক ক্লাবত পাৰ্টি কৰা দেখা গৈছে, আকৌ কেতিয়াবা স্কুলীয়া ল’ৰা-ছোৱালীক গীত গাই মনোৰঞ্জন দিয়া দেখা গৈছে । ইফালে তেওঁৰ আন এটা ভিডিঅ’ পোহৰলৈ আহিছে । এই ভিডিঅ’টোত এড শ্বীৰাণ আৰু শ্বাহৰুখ খানক একেলগে দেখা গৈছে ।

শ্বাহৰুখ আৰু এড শ্বীৰাণ

সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে এটা ভিডিঅ’ । এই ভিডিঅ’টোত শ্বাহৰুখ খান আৰু এড শ্বীৰাণে একেলগে ডান্স মুভ কৰা দেখা গৈছে । ভিডিঅ’টোত শ্বাহৰুখে এডক তেওঁৰ আইকনিক পোজ দিবলৈ শিকাইছে । শ্বাহৰুখ খানক দেখি এডেও পিচফালৰ পৰা পোজ দিছে । এই পোজ দিয়াৰ পিচত শ্বাহৰুখ খান আৰু এড শ্বীৰাণে ইজনে সিজনক সাৱটি ধৰে ।

এই ভিডিঅ'টো পৰিচালক-কৰিঅ’গ্ৰাফাৰ ফাৰাহ খানে শ্বেয়াৰ কৰিছে । ফাৰাহ খান আৰু শ্বাহৰুখ খান দুয়োগৰাকীয়ে এড শ্বীৰাণক লগ পাইছে । এই ভিডিঅ’টো পোষ্ট কৰি ফাৰাহ খানে লিখিছে, ‘‘যেতিয়া এড শ্বীৰাণ আৰু শ্বাহৰুখ খান লগ হয় , তেতিয়া ইয়াৰ ফল এনেকুৱা হয় ।’’

উল্লেখ্য যে, বৰ্তমান ভাৰত ভ্ৰমণত আছে এড শ্বীৰাণ ৷ ১৬ মাৰ্চত মুম্বাইৰ মহালক্ষ্মী ৰেচ কোৰ্চত অনুষ্ঠান পৰিৱেশন কৰিব এডে । কনচাৰ্টৰ টিকট দুটা মূল্যত পোৱা যাব, এটা ৯৫০০ টকা আৰু আনটো ১৬ হাজাৰ টকা । ভাৰতৰ পাচত তেওঁ আমেৰিকা, ইটালী, পৰ্তুগাল, জাৰ্মানী, নৰৱেকে ধৰি ইউৰোপৰ কেইবাখনো দেশ ভ্ৰমণ কৰিব । ছবছৰৰ পাচত এয়া দ্বিতীয় ভাৰত ভ্ৰমণ এডৰ ।

লগতে পঢ়ক: প্ৰাক্তন পত্নী কিৰণ ৰাওৰ সৈতে ৫৯ সংখ্যক জন্মদিন উদযাপন আমিৰ খানৰ, অনুৰাগীৰ পৰা বিচাৰিলে এই উপহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.