ETV Bharat / entertainment

চিকিৎসালয়ত ভৰ্তি হোৱাৰ খবৰক ভুৱা আখ্যা বিগ বিৰ

Amitabh Bachchan: শুকুৰবাৰে অমিতাভ বচ্চনক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ খবৰ আহিছিল । অৱশ্যে বিগ বিৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত তেওঁক এখন ষ্টেডিয়ামত খেল উপভোগ কৰা দেখা গৈছে । আনহাতে ষ্টেডিয়ামৰ পৰা ওলাই অহাৰ সময়ত তেওঁ এই খবৰসমূহক ভুৱা খবৰ বুলি অভিহিত কৰে ৷

author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 1:14 PM IST

'Fake News' Says Amitabh Bachchan as He Attends ISPL Match with Son Abhishek - Watch
চিকিৎসালয়ত ভৰ্তি হোৱাৰ খবৰক ভুৱা আখ্যা অমিতাভৰ

চিটাৰা ডেস্ক, ১৬ মাৰ্চ: মেগাষ্টাৰ অমিতাভ বচ্চনৰ সন্দৰ্ভত শুকুৰবাৰে এটা খবৰ আহিছিল আৰু কোৱা হৈছিল যে বিগ বি অসুস্থ আৰু তেওঁক মুম্বাইৰ কোকিলাবেন হাস্পতালত ভৰ্তি কৰোৱা হৈছে য’ত তেওঁৰ এঞ্জিওপ্লাষ্টি কৰা হৈছে । ইয়াৰ পিচত আকৌ সন্ধিয়া খবৰ আহিল যে বিগ বিক চিকিৎসালয়ৰ পৰা ডিচচাৰ্জ দিয়া হৈছে । অৱশ্যে কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতাল বা অমিতাভ বচ্চনৰ দলে ৮১ বছৰীয়া তাৰকাগৰাকীক চিকিৎসালয়ত ভৰ্তি বা ডিচচাৰ্জৰ কথা নিশ্চিত কৰা নাছিল ৷ ইফালে স্বাস্থ্য সম্পৰ্কীয় বাতৰিৰ মাজতে বিগ বিক এখন ষ্টেডিয়ামত নিজৰ দলটোক উৎসাহিত কৰা দেখা গ’ল । অভিনেতাগৰাকীয়ে নিজৰ ছ’চিয়েল মিডিয়াতো ইয়াৰ ছবি শ্বেয়াৰ কৰিছে ।

আচলতে থানেৰ দাদোজী কোণ্ডাদেউ ষ্টেডিয়ামত কলকাতাৰ টাইগাৰছৰ বিৰুদ্ধে ইণ্ডিয়ান ষ্ট্ৰীট প্ৰিমিয়াৰ লীগৰ অন্তিমখন খেলত অমিতাভ বচ্চনে নিজৰ দল মাঝি মুম্বাইৰ হৈ উল্লাস কৰা দেখা গৈছিল । ভাইৰেল হোৱা এটা ভিডিঅ’তো বিগ বিয়ে সম্পূৰ্ণ উৎসাহেৰে নিজৰ দলটোক উৎসাহিত কৰা দেখা গৈছে । এই সময়চোৱাত বিগ বিৰ লগত আছিল তেওঁৰ পুত্ৰ অভিষেক বচ্চনো । অমিতাভ বচ্চনে বগা হুডি পৰিধান কৰি থকা দেখা গৈছিল যিটো তেওঁ ক’লা জগাৰ আৰু স্প’ৰ্টছ শ্বুৰ সৈতে যোৰ কৰিছিল । পিতৃ-পুত্ৰৰ যুটিটোৱে তেওঁলোকৰ দলটোৰ এখন ৰোমাঞ্চকৰ ফাইনেল মেচ উপভোগ কৰিছিল । কেৱল ইমানেই নহয়, ক্ৰিকেট কিংবদন্তি শচীন টেণ্ডুলকাৰকো তেওঁৰ সৈতে ষ্টেডিয়ামত দেখা গৈছিল ।

ইফালে ভাইৰেল হোৱা আন এটা ভিডিঅ’ত অমিতাভ যেতিয়া খেলৰ অন্তত ষ্টেডিয়ামৰ পৰা ওলাই আহিছিল তেতিয়া সংবাদ মাধ্যমে তেওঁৰ স্বাস্থ্যৰ বিষয়ে সুধিছিল । এই সন্দৰ্ভত বিগ বিয়ে অসুস্থতাৰ খবৰ অস্বীকাৰ কৰে । হাঁহি হাঁহি তেওঁ ক'লে, "ফেক নিউজ ।" এই সকলোবোৰৰ মাজতে অনুৰাগীসকলে তেওঁলোকৰ প্ৰিয় মেগাষ্টাৰগৰাকীক একেবাৰে সুস্থ দেখি আনন্দিত হৈ পৰিছে ৷

শুকুৰবাৰে বিয়পি পৰিছিল স্বাস্থ্যৰ অৱনতি ঘটাৰ খবৰ

উল্লেখ্য যে, শুকুৰবাৰে দুপৰীয়া অমিতাভ বচ্চনৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ খবৰ আহিছিল । বহু বাতৰিত তেওঁ নিয়মীয়াকৈ পৰীক্ষা কৰিবলৈ কোকিলাবেন হাস্পতাললৈ যোৱা বুলি কোৱাৰ বিপৰীতে আন কিছুমানে দাবী কৰে যে এঞ্জিওপ্লাষ্টি আৰু অস্ত্ৰোপচাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । এই সকলোবোৰৰ মাজতে শুকুৰবাৰে বিয়লি টুইটাৰতো এটা ৰহস্যময় পোষ্ট কৰে ছুপাৰষ্টাৰগৰাকীয়ে । তেওঁ নিজৰ পোষ্টত লিখে, "টি ৪৯৫০ - অলৱেজ গ্ৰেটিটুড ।" এঘণ্টাৰ পাচত তেওঁ ষ্ট্ৰীট প্ৰিমিয়াৰ লীগৰ বাবে পুত্ৰ অভিষেকৰ মাঝি মুম্বাই দলৰ প্ৰচাৰমূলক ভিডিঅ’ও আপলোড কৰে ।

লগতে পঢ়ক: মধুবালাৰ বায়'পিকৰ শিৰোনাম কি ? কোনে পৰিচালনা কৰিব ? জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.