ETV Bharat / entertainment

দুহাতৰ কলাৰ যাদুৰে জীৱনৰ জয়গান গোৱা শিল্পীগৰাকী... - Nuruddin Ahmed durga puja statue

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 1:48 PM IST

Nuruddin Ahmed works: কলা আৰু শিল্পক পেছা হিচাপে লোৱাৰ লগতে আন বহুলোকক এই পথৰ উপযুক্ত পথিক হিচাপে গঢ় দিয়া এজন ব্যক্তি নুৰুদ্দিন আহমেদ । প্ৰায় শতাধিক ছবিত কলা-নিৰ্দেশক হিচাপে কাম কৰা নুৰুদ্দিন আহমেদৰ শিল্পকলাৰ এই যাত্ৰা কেতিয়া আৰম্ভ হৈছিল ? ই টিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শিল্পীগৰাকীয়ে জনালে এই যাত্ৰাৰ বহু কথা-

etv bharat special interview with art director cum Sculptor nuruddin ahmed
ই টিভি ভাৰতৰ সৈতে বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam)

গুৱাহাটী, 22 আগষ্ট : শিল্পকলা বিষয়টোৰ ওপৰত বহুলোকৰে নিচা থাকে যদিও ইয়াক পেছা হিচাপে গ্ৰহণ কৰি আগবাঢ়ি অহা ব্যক্তিৰ সংখ্যা তেনেই তাকৰ । আজিৰ পৰা কেইবাদশক পূৰ্বে শিল্পকলাক পেছা হিচাপে লৈ কলা আৰু শিল্পৰ মাজেৰে জীৱনৰ জয়গান গোৱাৰ উপৰিও আন বহুলোকক এই পথৰ উপযুক্ত পথিক হিচাপে গঢ় দিয়া এজন ব্যক্তি নুৰুদ্দিন আহমেদ । যাৰ নামেই পৰিচয় । যি গৰাকী শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠে বহু কালজয়ী দৃশ্য, বিশিষ্ট ব্যক্তিৰ পূৰ্ণাংগ মূৰ্তি, ধ্ৰুপদী শিল্পৰ সাধনা, ঐতিহাসিক স্মাৰক আদি । শিল্প কলাৰ সৈতে জড়িত এইগৰাকী বিশিষ্ট শিল্পী নুৰুদ্দিন আহমেদৰ শিল্পকলাই কেৱল দেশেই নহয় বিদেশো চুইছেগৈ ।

শিল্পীগৰাকীৰ মনৰ কথা জানক (ETV Bharat Assam)

নুৰুদ্দিন আহমেদৰ এই যাত্ৰা কেতিয়া আৰম্ভ হৈছিল ?

এই সন্দৰ্ভত বিশিষ্ট শিল্পীগৰাকী কয়, ‘‘এই জগতখনৰ লগত জড়িত হোৱা এইবাৰ মোৰ 39 বছৰ হ'ল । মোৰ জন্ম নলবাৰীৰ সৰু গাঁও এখনত হৈছিল, তাৰ পৰাই মই প্ৰথম আৰম্ভ কৰিছিলোঁ । পঞ্চম শ্ৰেণীত পঢ়ি থাকোতে মই প্ৰথম কলা-নির্দেশক হিচাপে কাম আৰম্ভ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা আজিলৈ কলা-নির্দেশনাৰ কাম কৰি আছো ।’’

etv bharat special interview with art director cum Sculptor nuruddin ahmed
নুৰুদ্দিন আহমেদৰ হাতৰ কাম (ETV Bharat Assam)

ভাস্কৰ্য শিল্পক পেছা হিচাপে গ্ৰহণ কৰিব পাৰি নে ?

বহুসময়ত দেখা যায় চিত্ৰকলা, ভাস্কৰ্যশিল্প আদিৰ প্ৰতি বহুতৰে ৰাপ থাকে যদিও ইয়াক পেছা হিচাপে গ্ৰহণ কৰিবলৈ সংকোচ কৰে । অভিভাৱকসকলৰ ক্ষেত্ৰতো প্ৰায় ভাগে তেওঁলোকৰ নিজৰ সন্তানক শিল্পকলাক পেছা হিচাপে গ্ৰহণ কৰাৰ ক্ষেত্ৰত সমৰ্থন কৰা পৰিলক্ষিত নহয় । দৰাচলতে ভাস্কৰ্যশিল্পক বা শিল্পকলাক পেছা হিচাপে গ্ৰহণ কৰিব পাৰি নে ? এই সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত শিল্পীগৰাকীয়ে কয়, ‘‘শিল্পকলাক পেছা হিচাপে লোৱাত কোনো অসুবিধা নাই । ধুনীয়াকৈ চলিব পাৰে । যদি কৰ্মৰ প্ৰতি স্পৃহা থাকে, কৰ্মৰ প্ৰতি শ্ৰদ্ধা থাকে তেন্তে কাম কৰাৰ কোনো অসুবিধা নাই । 1975 চনৰ পৰা মই কাম কৰি আছো, কোনো অসুবিধা হোৱা নাই । যদি একাগ্ৰতা আৰু ইচ্ছা থাকে তেন্তে অসমৰ নতুন প্ৰজন্মক কম যে তেওঁলোক ওলাই আহক, কোনো অসুবিধা নহয় ।’’

কিয় মুম্বাইৰ জে. জে কলেজৰ পৰা শিক্ষা আধাতে সামৰি উভতি আহিব লগা হৈছিল শিল্পীগৰাকী ?

‘‘মই জন্মগতভাৱে এজন মুছলিম ল’ৰা । মই যেতিয়া মুম্বাইৰ জে. জে কলেজত পঢ়িবলৈ গৈছিলোঁ তেতিয়া মোৰ অসুবিধা কিছুমান হৈছিল । আমাৰ মুছলিম সম্প্ৰদায়ত কিছুমান কথা কয়, যিবোৰ গোড়া মুছলমান আছে তেওঁলোকে যিবোৰ কথা কয় যে মূৰ্তি বনালে মূৰ্তিত প্ৰাণ দিব লাগিব, মানুহৰ ছবি আঁকিলে তাত প্ৰাণ দিব লাগিব; তেতিয়া মই এটা বিপদত পৰিছিলোঁ, কাৰণ মোৰ দেউতা গাঁৱৰ মানুহ, ধৰ্ম বিৰোধ কৰিব পৰা নাছিল তেওঁ । যাৰ বাবে এটা সময়ত তেওঁ মোলৈ পইচা পঠিয়াবলৈ বাদ দি দিয়ে । যিটো কাৰণে মই মুম্বাইৰ জে. জে কলেজৰ পৰা আধাতে গুচি আহিব লগা হ'ল’’, সাক্ষাৎকাৰত এই কথা উল্লেখ কৰে শিল্পীজনে ৷

দুৰ্গা পূজাৰ মূৰ্তি বনোৱা কাম কেতিয়াৰ পৰা আৰম্ভ কৰিছিল ?

এই সন্দৰ্ভত শিল্পীগৰাকীয়ে কয়, ‘দুৰ্গাপূজাৰ মূৰ্তি বনোৱা কাম মই প্ৰথম আৰম্ভ কৰিছিলো উত্তৰ লখিমপুৰত । 1972 চন মানৰ পৰা এই কাম আৰম্ভ কৰিছিলোঁ । অসমত যি কেইটা ওখ মূৰ্তি বনোৱা হৈছে সেইকেইটা হয়তো মোৰ বাহিৰে এতিয়ালৈকে কোনেও বনোৱা নাই । 2017 চনত গীনিজ বুক অফ ৰেকৰ্ডছৰ বাবে আমি বাঁহেৰে মূৰ্তি নিৰ্মাণ কৰিছিলো । যিটোৰ উচ্চতা 108 ফুট আছিল । কিন্তু দুৰ্ভাগ্যবশত যিটো মূৰ্তি বনাইছিলো সেইটো এজাক বৰষুণ-বতাহত ভাগি গৈছিল । পূজালৈ মাত্ৰ 6 দিন আছিল । তাৰ পিচতো আমি ৰাইজৰ আশীৰ্বাদত সেইটো মূৰ্তি ৰ কাম 6 দিনত সম্পূৰ্ণ কৰিছিলোঁ । কিন্তু কিছু কাৰণবশত সেই মূৰ্তিটো লৈ গীনিজ বুক অফ ৰেকৰ্ডছ নহ’ল যদিও লিমকা বুক অফ ৰেকৰ্ডছ কৰিবলৈ আমি সক্ষম হ’লো ।’

উল্লেখ্য যে, তেওঁৰ নেতৃত্বত কেইবাবছৰো ধৰি দিল্লীত গণৰাজ্য দিৱসত অসমৰ প্ৰতীকপদ উপস্থাপন কৰা হৈছে । আজি পৰ্যন্ত 100 খনতকৈ অধিক ছবিত কলা নিৰ্দেশক হিচাপে কাম কৰা নুৰুদ্দিন আহমেদ ভ্ৰাম্যমাণ থিয়েটাৰ, ছবি জগতৰ লগতে শিল্প সৃষ্টিৰ বিভিন্ন কৰ্মৰ লগতো জড়িত হৈ আছে । শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰত থকা মূৰ্তিসমূহৰ প্ৰায় 85% মূৰ্তিৰ কামেই কৰিছে বিশিষ্ট শিল্পীগৰাকীয়ে । বৰ্তমান বটদ্ৰৱা থানৰ যি নতুন প্ৰকল্প হাতত লোৱা হৈছে তাৰে কামত ব্যস্ত হৈ আছে শিল্পীগৰাকী ।

লগতে পঢ়ক : নিচা আৰু পেছা সমান্তৰালকৈ চলাই নিয়া মানুহজনে ক’লে- শিপাক কেতিয়াও পাহৰিব নাপায় - All about Dr Hitesh Baruah

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.